নামদাং নদী হৈছে দিখৌ নদীৰ উপনদী। নামদাং নদীখন নগাপাহাৰৰ পাদদেশত উৎপত্তি হৈছে।
গতিপথ
নগাপাহাৰৰ পাদদেশত উৎপত্তি হৈ নামদাং নদীখন ২ কি:মি: বৈ আহিছে। তাৰ পিছত শিৱসাগৰ জিলাৰ সীমাইদি ২.৫ কি:মি: বৈ গৈ নাগালেণ্ডৰ মোককচাং আৰু টুৱেনচাং জিলাৰ সীমাইদি ৰঙাগৰাৰ পৰা ৩ কি:মি: আহি মেকিপুৰ চাহ বাগিছা আৰু নাজিৰা গেলেকি পথ পাৰ হৈ পশ্ছিমমুৱা হয়। ইয়াৰ পৰা শলগুৰি গাঁও পাৰ হৈ কালুগাঁওৰ ৰূপজানৰ সৈতে লগ লাগি সৰ্পিল পথেৰে উত্তৰ পশ্ছিমমুৱা হয়। আকৌ তাৰ পৰা জেৰেঙা বিলৰ দক্ষিণেদি ৬ কি:মি: আহি চাৰিঙীয়া জানৰ লগ হৈ আকৌ উত্তৰমুৱা হৈ ৩০০ বছৰ পুৰনি নামদাঙৰ শিলৰ সাঁকোৰ তলেদি পাৰ হৈ সামান্য উত্তৰত দিখৌ নদীত পৰিছে।
নামদাঙৰ প্ৰধান উপনদী
টিফুক বা নামতি নদী
টিফুক বা নামতি নদী নদীখন গেলেকি সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই উত্তৰমুৱা হৈ নামতি বঙালীগাঁও পায় ইয়াৰ পৰাই নামতি নদী নামেৰে দুলিয়াগাঁও পাৰ হৈ উত্তৰ-পশ্ছিমমুৱা হয়। ইয়াৰ পৰা ৰেলপথ আৰু কুকুৰাচোৱা পাৰ হৈ মাউত গাঁওত দিকচু নদী লগ হয় আৰু তেতিয়াৰ পৰা এই নদীক টিফুক নদী বোলা হয়। টিফুক নদী উত্তৰ-পশ্ছিম দিশত ২.৫ কি:মি: আহি পশ্ছিম চাৰিঙীয়া জানৰ লগ লাগে। তাৰ পৰা ৪ কি:মি: আহি মাহীগাঁওত নামদাঙত পৰে। নদী খনৰ দৈৰ্ঘ প্ৰায় ১৯ কি:মি:।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামদাং নদী” প্ৰবন্ধৰ সংশোধন ৩৫৪১২০ (১৪ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।