অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভূমিকম্প

ভূমিকম্প বা ভূঁইকঁপ (Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰসমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষণীয় শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে।

হালনাগাদ: ১৬ জুলাই ২০২৫ ৬৪৩ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
বিশ্বৰ টেক্ট'নিক প্লেটসমূহৰ চলন
বিশ্বৰ টেক্ট'নিক প্লেটসমূহৰ চলনছবি: NASA · Public domain

ভূমিকম্প বা ভূঁইকঁপ (Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰসমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষণীয় শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে। ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়। কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাঙি পৰে,ভূ-পৃষ্ঠত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়। ভূমিকম্পৰ উৎস হৈছে পৃথিৱীৰ অভ্যন্তৰত। পৃথিৱীৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ অভিকেন্দ্ৰ (Focus) বোলা হয়। অভিকেন্দ্ৰটো ভূ-পৃষ্ঠৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে। কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্ঠৰ বিন্দুটোক উপকেন্দ্ৰ বোলে। ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখন যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে।১

ভূমিকম্পৰ ফলত সৃষ্টি হোৱা তৰংগ

Fault types
Fault typesছবি: USGS · Public domain

ভূমিকম্পৰ পৰা সৃষ্টি হোৱা তৰংগক সাধাৰণতে দুই প্ৰকাৰত ভাগ কৰিব পাৰি২

শৰীৰ তৰংগ (Body wave)

এই বিধ তৰংগ ভূ-পৃষ্ঠৰ মাজেৰে গতি কৰে। ই দুই প্ৰকাৰৰ

প্ৰাথমিক তৰংগ (P-wave)

এই তৰংগৰ গতিবেগ বাকীবোৰ তৰংগতকৈ অধিক। এই তৰংগই যিটো মাধ্যমেৰে যায় তাত ইয়াৰ গতিৰ দিশত কম্পনৰ সৃষ্টি কৰে২। ইহঁতক সেইকাৰণে অনুদৈৰ্ঘ্যিক তৰংগ (Longitudinal wave) বোলে।

গৌণ তৰংগ (S-wave)

ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave)। এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়। এই তৰংগৰ প্ৰভাৱত শিলৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়।

পৃষ্ঠ তৰংগ (Surface wave)

এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে। ১২

ভূমিকম্প হোৱাৰ কাৰণ

  • পৃথিৱীৰ অভ্যন্তৰত হোৱা বিবৰ্তনিক আন্দোলনৰ কাৰণে যেতিয়া ভূগৰ্ভত ঘৰ্ষণ হয় তেতিয়া ভূমিকম্প হয়। সেইকাৰণে ভংগিল পৰ্বত বা গ্ৰস্ত উপত্যকা থকা অঞ্চলত ভূমিকম্প হয়। পৃথিৱীৰ আটাইতকৈ ধ্বংসাত্মক ভূমিকম্পবোৰ বিবৰ্তনিক কাৰণত হৈছে বুলি ঠাৱৰ কৰা হৈছে।
  • আগ্নেয়গিৰি বা উদগীৰণ হ'লে ভূমিকম্প হয়। সেইকাৰণে জ্বালামুখী থকা অঞ্চলত ভূমিকম্প সঘনাই হোৱা দেখা যায়। জাপানৰ বহুত ভূমিকম্প জ্বালামুখীৰ উদগীৰণৰ ফলত হয়। ১৮৮৩ চনত ক্ৰাকাটু জ্বালামুখীৰ উদগীৰণৰ ফলত সুমাত্ৰা দ্বীপত ভূমিকম্প হোৱাৰ প্ৰমাণ আছে।
  • হিমালয়,আল্পছ আদি পৃথিৱীৰ তুষাৰমণ্ডিত ওখ পৰ্বতৰ পৰা কিবা কাৰণত বৃহৎ তুষাৰখণ্ড খহি পৰিলে ভূমিকম্প হ'ব পাৰে।

এইবোৰৰ উপৰিও ভূমিগত খনি অঞ্চলত যেতিয়া ওপৰৰ পৰা বিৰাট অংশ একোটা তলৰ খালী ঠাইত খহি পৰে তেতিয়াও ভূমিকম্প হয়। ১

ভূমিকম্পৰ ফলাফল

ভূমিকম্পই পৃথিৱীৰ উপৰিভাগত হঠাতে পৰিৱৰ্তন ঘটায়।

  • ভূমিকম্পৰ ফলত কেতিয়াবা বহুত মানুহৰ মৃত্যু হয় আৰু সা-সম্পত্তি নষ্ট হয়।
  • পৃথিৱীৰ স্থলভাগ আৰু জলভাগত বিভিন্ন পৰিৱৰ্তন হয়। ভূ-পৃষ্ঠৰ কোনো কোনো অংশ কেতিয়াবা হঠাতে ফাটি গৈ বিদৰ আৰু চ্যুতিৰ সৃষ্টি হয়। আনহাতে কোনো অংশ কেতিয়াবা তললৈ বহি গৈ গ্ৰস্ত উপত্যকাৰ সৃষ্টি হ'ব পাৰে।
  • নদীৰ গতিপথ বন্ধ হ'ব পাৰে আৰু ইয়াৰ ফলত জনসাধাৰণৰ সা-সম্পত্তিও হানি হ'ব পাৰে। উদাহৰণ স্বৰূপে ১৯৫০ চনত অসমত হোৱা ভূমিকম্পৰ ফলত ভূস্খলন হৈ সোৱণশিৰি নদীৰ গতিপথ বহুদিনলৈ বন্ধ হৈছিল। পিছত নদীৰ প্ৰবল সোঁতৰ হেঁচাত যেতিয়া সেই বাধা ভাঙিল,তেতিয়া প্ৰবল বানপানী হৈ বহুত মানু্হ,গৰু-ছাগলীৰ মৃত্যু হৈছিল।
  • কেতিয়াবা হ্ৰদপোত খাই সমতল ভূমি হয় আৰু কেতিয়াবা সমতল ভূমি তললৈ বহি গৈ হ্ৰদৰ সৃষ্টি হয়।
  • ভূমিকম্পৰ ফলত কেতিয়াবা পাললিক শিলাত ভাঁজ লাগে।
  • সমুদ্ৰত দ্বীপৰ সৃষ্টি হব পাৰে।
  • কেতিয়াবা কোনো পৰ্বত - পাহাৰ আদিৰ উচ্চতা কম বা বেচি হ'ব পাৰে।
  • সমুদ্ৰ অঞ্চলত কেতিয়াবা ভূমিকম্পৰ ফলত পানীৰ ঢৌ বহুত ওপৰলৈ উঠে। ফলত জাহাজ,নাও আদি ধ্বংস হয়।১

ভূমিকম্পৰ বিতৰণ

কিছুমান বিশেষ ভূতাত্ত্বিক অৱস্থালৈ লক্ষ্য ৰাখি পৃথিৱীৰ কেতবোৰ অঞ্চল ভূমিকম্প অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে।

  1. প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চল - এই অঞ্চলটোৱে প্ৰশান্ত মহাসাগৰ অঞ্চলক আগুৰি আছে। পৃথিৱীত হোৱা মুঠ ভূমিকম্পৰ ৬৮ শতাংশ এই প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চলত হয়। বিশেষকৈ কেলিফৰ্ণিয়া,চিলি,আলাস্কা,জাপান,ফিলিপাইনচ,নিউজিলেণ্ড আদিত ভূমিকম্পৰ প্ৰাদুৰ্ভাৱ বেছি।
  2. ভূমধ্যসাগৰীয় অঞ্চল

এই অঞ্চলসমূহ হৈছে - আল্পছ,ককেছাছ,হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চল,পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকাত প্ৰায় ২১ শতাংশ ভূমিকম্প হয়। পৃথিৱীৰ আন আন অঞ্চলত বাকী ১১শতাংশ ভূমিকম্প হয়। ভূমিকম্প সংঘটিত হোৱা ভূমধ্য অঞ্চলৰ ভিতৰত হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ উত্তৰ-পূব ভাৰত অন্তৰ্ভুক্ত হৈছে। অসম,অৰুণাচল প্ৰদেশ,মণিপুৰ,মেঘালয়,মিজো হিলচ,নাগালেণ্ড আৰু ত্ৰিপুৰা এই অঞ্চলত ধৰা হৈছে। বি.চি.এলেনৰ মতে ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পটো আটাইতকৈ ভয়ানক আছিল।১

ভূমিকম্পৰ ক্ষয়ক্ষতি ৰোধ কৰাৰ ব্যৱস্থা

  • ভয়ত ত্ৰাসযুক্ত হ'ব নালাগে।
  • ঘৰৰ ভিতৰত থাকিলে ভূমিকম্পৰ জোকাৰণি কম নোহোৱা পৰ্যন্ত বাহিৰলৈ ওলাব নালাগে।
  • দৰ্জাৰ মুখত দুৱাৰৰ চৌকাঠৰ ওচৰত সাজু হৈ থাকিব লাগে। নাইবা টেবুল বা বিছনাৰ ঠিক ওচৰত থকাৰ প্ৰয়োজন।
  • চেলফ নথকা বা লাইটৰ বোৰ্ড নথকা ঘৰৰ দেৱালৰ ওচৰত থিয় হৈ থাকিব লাগে।
  • ভূমিকম্প শেষ হোৱাৰ লগে লগে কোঠালিৰ পৰা ওলাই আহি গছ-গছনি নথকা মুকলি ঠাইত থিয় হ'ব লাগে।
  • মোবাইল ফোন,টৰ্চ লাইট,দিয়াচলাই,মমবাতি,দীঘল ৰচী,জখলা,বিস্কুট জাতীয় খাদ্য,পানীৰ বটল,গৰম কাপোৰ আদি সহজে পোৱা ঠাইত ৰাখিব লাগে।
  • ঘৰ-দুৱাৰ সদায় ভূমিকম্প প্ৰতিৰোধক ব্যৱস্থাৰে সজাবলৈ যত্ন কৰিব লাগে।১

অসমীয়া লোক সাহিত্যত ভূমিকম্প

সাঁথৰ

ইয়াতে মাৰিলোঁ টিপা। গড়গাঁও পালেগৈ শিপা॥ - “ভূঁইকঁপ।”

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড॰ লোকেশ্বৰ নাথ আৰু ড॰ চাৰু চহৰীয়া নাথ। প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)।
  2. ↑ Kramer, Steven L. 1996. Geotechnical Earthquake. Engineering. Prentice Hall

সম্পৰ্কিত শ্ৰেণী

ভূগোলভূমিকম্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমিকম্প” প্ৰবন্ধৰ সংশোধন ৫২৪৪৩৪ (১৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।