লাও জনগোষ্ঠী (Lao people) দক্ষিণ-পূব এছিয়াৰ এক খিলঞ্জীয়া টাই জনগোষ্ঠী। তেওঁলোকে ক্ৰা-ডাই ভাষা পৰিয়ালৰ লাও ভাষা ব্যৱহাৰ কৰে। বৰ্তমানৰ দক্ষিণ চীন লাও জনগোষ্ঠীৰ আদিস্থান। তেওঁলোকে লাউচৰ মুঠ জনসংখ্যাৰ ৫৩.২% অধিকাৰ কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ সিংহভাগ গঠন কৰিছে। অন্যান্য টাই জনগোষ্ঠী যেনে চুবুৰীয়া থাইলেণ্ডৰ ইছান জনগোষ্ঠীৰ সৈতে লাওসকলৰ ওচৰ সম্পৰ্ক আছে।
পশ্চিমীয়া ইতিহাসতত্ত্বত লাও জনগোষ্ঠী আৰু লাওচিয়ান শব্দ দুটাৰ অৰ্থ নিৰ্দিষ্ট নাছিল। সাধাৰণভাৱে লাওছৰ সকলো অধিবাসীকে বুজাবলৈ এই শব্দ দুটাৰ ব্যৱহাৰ কৰা হৈছিল। ১৯৫৩ চনত লাওছত ফৰাচী শাসনৰ অন্ত পৰাৰ লগে লগে লাও শব্দটো খিলঞ্জীয়া জনগোষ্ঠীটোক বুজাবলৈ আৰু লাওচিয়ান শব্দটো লাওছৰ সকলো অধিবাসীকে বুজাবলৈ ব্যৱহাৰ কৰা হয়।
ভাগসমূহ
পাৰস্পৰিকভাৱে বোধগম্য ভাষাৰ গোট লাও লৌম বা ভৈয়ামৰ লাওৰ বাবে লাওছত লাও জনগোষ্ঠী আৰু অন্যান্য ঘনিষ্ঠ সম্পৰ্ক থকা টাই লোকসকলৰ মাজত পাৰ্থক্য নাই বুলিবই পাৰি। এই লোকসকলৰ বেছিভাগৰে বহুতো উমৈহতীয়া সাংস্কৃতিক বৈশিষ্ট্য থকাৰ লগতে তেওঁলোকে এনেধৰণৰ উপভাষা বা ভাষা কয় য'ত কিছুমান শব্দৰ সুৰ, শব্দভাণ্ডাৰ আৰু উচ্চাৰণত কেৱল সামান্য পাৰ্থক্য থাকে। এই পাৰ্থক্যই সাধাৰণতে পৰস্পৰ কথোপকথনত বাধা দিব নোৱাৰে। কিন্তু এই গোটবোৰৰ মাজৰে বহুতে, যেনে নিয়াও আৰু ফুথায়ে নিজকে ভিন্ন বুলি বিবেচনা কৰে আৰু প্ৰায়ে তেওঁলোকৰ পোছাকসমূহ ভিন্ন হয়।১
ভৌগোলিক বিস্তৃতি
লাওছত থকা লাওচিয়ানৰ সংখ্যা প্ৰায় ৩৬ লাখ। ই মুঠ জনসংখ্যাৰ প্ৰায় ৬৮%। বাকীসকল মূলতঃ পাহাৰীয়া জনজাতিৰ লোক। লাওছৰ খিলঞ্জীয়া লাওসকলে লাওৰ সিংহভাগ গঠন কৰিছে। থাইলেণ্ড আৰু কম্বোডিয়াত কিছুমান ক্ষুদ্ৰ লাও সম্প্ৰদায় বিদ্যমান। এওঁলোক মূলতঃ ষ্টুং ট্ৰেং অঞ্চল (জিয়াং টেং) আৰু ভিয়েটনামত বাস কৰে।
বিদেশত বসবাস কৰা লাওসকলৰ সংখ্যা ৫লাখৰো অধিক। ইণ্ডোচীনৰ বাহিৰত লাওচিয়ান প্ৰব্ৰজন প্ৰথমে লাওছত ফৰাচী ঔপনিৱেশিকতাৰ সময়ত বিংশ শতিকাৰ প্ৰথমাৱস্থাতে আৰম্ভ হৈছিল। লাও শিক্ষাৰ্থী আৰু কৰ্মীসকল এই সময়ছোৱাত ফ্ৰান্সলৈ আহিছিল। ইয়াৰ ভিতৰত লাও ৰাজপৰিয়ালৰ সদস্যসকলো আছিল আৰু কিছুমানে তাত স্থায়ীভাৱে পুনৰ বসতি স্থাপন কৰিছিল।২ অৱশ্যে বেছিভাগ লাও প্ৰব্ৰজনকাৰী আছিল শৰণাৰ্থী যি লাওচিয়ান গৃহযুদ্ধৰ (বৃহত্তৰ ভিয়েটনাম যুদ্ধৰ অংশ) পিছত নতুন কমিউনিষ্ট চৰকাৰৰ পৰা পলায়ন কৰিছিল। লাও শৰণাৰ্থীসকলে আশ্ৰয় লোৱা প্ৰাথমিক স্থানবোৰৰ ভিতৰত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, কানাডা আৰু অষ্ট্ৰেলিয়া।৩ জাৰ্মানী, জাপান, আৰ্জেণ্টিনা আৰু ছিংগাপুৰৰ দৰে আন দেশসমূহেও লাওচিয়ান শৰণাৰ্থীসকলক গ্ৰহণ কৰিছিল।
২০১০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকপিয়লত হমং আৰু মিয়েনক বাদ দি দেশখনত লাও বংশোদ্ভূত ২লাখতকৈও অধিক আমেৰিকান লোকৰ প্ৰতিবেদন দিয়া হৈছিল। কিন্তু ৰাষ্ট্ৰীয় আৰু জাতিগত পৰিচয়ৰ মাজত বিভ্ৰান্তিৰ বাবে লাওৰ উপৰিও টাই ডাম, খমু আৰু অন্যান্য বংশোদ্ভূত ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰিব পাৰে। ২০১২ চনৰ এক পিয়ল অনুসৰি ফ্ৰান্সত বাস কৰা প্ৰায় ১ লাখ ৪০ হাজাৰ খিলঞ্জীয়া লাওচিয়ান লোক আছিল আৰু ইয়াৰৰ আধাতকৈও বেছি লোকে পেৰিছ আৰু ইয়াৰ চাৰিওকাষৰ লি-ডি-ফ্ৰান্স অঞ্চলত বাস কৰিছিল।
থাইলেণ্ডত প্ৰায় ২ কোটি লাও ইছান লোক আছে। তেওঁলোক মূলতঃ উত্তৰ-পূব থাইলেণ্ডৰ খোৰাট মালভূমিত আৰু বেংককৰ আশে-পাশে বাস কৰে।
খাদ্যাভ্যাস
লাওছৰ ৰন্ধনপ্ৰণালী চুবুৰীয়া দেশসমূহ যেনে থাইলেণ্ড আৰু কম্বোডিয়াৰ ৰন্ধনপ্ৰণালীৰ সৈতে একে যদিও ইয়াৰ কেইবাটাও অনন্য বৈশিষ্ট্য আছে। লাও ৰন্ধনপ্ৰণালীৰ আটাইতকৈ বিখ্যাত ব্যঞ্জনসমূহৰ ভিতৰত লাৰ্ব আৰু সেউজীয়া অমিতাৰ চালাডৰ উৎপত্তিস্থল লাওছতেই।৪ লাওছৰ লাওসকল আৰু ইছানসকলৰ ৰন্ধনপ্ৰণালীৰ পাৰ্থক্যটো অতি সূক্ষ্ম। লাও ৰন্ধনপ্ৰণালীত থাই ৰন্ধনপ্ৰণালীৰ প্ৰভাৱ নাই আৰু ইছান ৰন্ধনপ্ৰণালীত লাওছত বিদ্যমান বহুতো ফৰাচী প্ৰভাৱ পৰা নাই। চাউল হৈছে মুখ্য খাদ্যশস্য আৰু ইয়াৰ প্ৰধান প্ৰকাৰ হৈছে আঠাজাতীয় চাউল বা খাও নিও। কেতিয়াবা নুডলচ বা অন্যান্য চাউলো ব্যৱহাত কৰা হয়। ইয়াক সাধাৰণতে বিভিন্ন দ্ৰৱণ আৰু চছ, কেঁচা পাচলি আৰু বহুবিধ ব্যঞ্জনৰ সৈতে পৰিৱেশন কৰা হয়। বহুকেইবিধ ব্যঞ্জন অতিশয় মচলাযুক্ত, বিভিন্ন প্ৰকাৰৰ জলকীয়াৰে জ্বলা আৰু বনৌষধি আৰু কিণ্বন কৰা মাছৰ চছৰ দ্বাৰা সোৱাদযুক্ত কৰা হয়। ৫
তথ্যসূত্ৰ
- ↑ The Thai and Other Tai-Speaking Peoples
- ↑ Hahn 1999, পৃ. 77
- ↑ Archived copy
- ↑ Asian Bites
- ↑ Fukui, H. (1994). Food and population in a northeast thai village. Honolulu, HI: University of Hawai'i Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাও জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৪৩৮৩৭৪ (১৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।