অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

টাই জাতীয় ধৰ্ম

টাই জাতীয় ধৰ্ম, চাতসনাফি বা বান ফি হৈছে টাই লোকসকলৰ প্ৰাচীন স্থানীয় জাতিগত ধৰ্ম যি এতিয়াও বিভিন্ন টাই গোটৰ দ্বাৰা পালন কৰা হয়। বৌদ্ধ ধৰ্ম আগমনৰ আগলৈকে এছিয়া টাই লোকসকলৰ মাজত টাই লোক ধৰ্ম প্ৰভাৱশালী আছিল। ই মূলতঃ ফি, খোৱান আৰু পূৰ্বপুৰুষ দেৱতাসকলৰ উপাসনাৰ ওপৰত আধাৰিত।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ৬১০ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

টাই জাতীয় ধৰ্ম, চাতসনাফি বা বান ফি হৈছে টাই লোকসকলৰ প্ৰাচীন স্থানীয় জাতিগত ধৰ্ম যি এতিয়াও বিভিন্ন টাই গোটৰ দ্বাৰা পালন কৰা হয়। বৌদ্ধ ধৰ্ম আগমনৰ আগলৈকে এছিয়া টাই লোকসকলৰ মাজত টাই লোক ধৰ্ম প্ৰভাৱশালী আছিল। ই মূলতঃ ফি, খোৱান আৰু পূৰ্বপুৰুষ দেৱতাসকলৰ উপাসনাৰ ওপৰত আধাৰিত।

ইতিহাস

টাই লোক ধৰ্মৰ উৎপত্তি চীনৰ ইউনান প্ৰদেশ হৈছিল আৰু ই মূলতঃ পূৰ্বপুৰুষৰ পূজা ওপৰত আধাৰিত। পূৰ্বপুৰুষৰ উপাসনাৰ এই নিয়ম কনফুচিয়ান ধৰ্মৰ পৰা অহা বুলি ধাৰণা কৰা হৈছিল। ই হৈছে মূল দক্ষিণ-পূব এছিয়াৰ ভূখণ্ড স্থানীয় পৰম্পৰাগত বিশ্বাসৰ সৈতে বৌদ্ধ আৰু টাই লোক প্ৰথাৰ এক সমন্বয়মূলক মিশ্ৰণ।

দেউসকল

টাই লোক ধৰ্ম মূলতঃ ফি, খোৱান, দামৰ দৰে দেৱতাৰ ওপৰত আধাৰিত।

পূৰ্বপুৰুষসকল

টাই লোক ধৰ্ম মূলতঃ পূৰ্বপুৰুষৰ পূজা ওপৰত আধাৰিত। যদিও প্ৰতিটো জনগোষ্ঠীৰ ভিন্ন ধৰণৰ প্ৰথা আৰু বিশ্বাস আছে পিছে সকলো জনগোষ্ঠীৰে বাবে পূৰ্বপুৰুষসকলক পূজা কৰাটো অতি গুৰুত্বপূৰ্ণ। টাই আহোমসকলে আত্মা ফি বান বুলি কয়, খ্মু সকলে হৰুয় বুলি কয়, আৰু লাও লুমে তেওঁলোকক ফি বুলি কয়। এই ধৰ্মত ঘৰৰ দেওসকল বিশেষভাৱে গুৰুত্বপূৰ্ণ, আৰু বাহিৰৰ দেওসকলক ৰিহাৰ কৰৰা হয়।

ফি

টাই লোক ধৰ্মৰ ভিতৰত দেৱতাসকল ফি (φι, φιε, []] বুলি কোৱা হয়। টাই লোক ধৰ্মৰ এই দেৱতাসকল পূৰ্বপুৰুষৰ আত্মা বা অন্য ধৰণৰ স্বৰ্গীয় দূত হ 'ব পাৰে। এনে দেৱতাসকলে প্ৰায়ে জীৱিত জগতৰ সৈতে মত বিনিময় কৰে, কেতিয়াবা মানুহক সুৰক্ষা দিয়ে, আৰু আন কেতিয়াবা ্ষতি কৰে বুলি বিশ্বাস কৰে। বাছাচৰ টাই-লাও বিশ্বাস আছে যে জীৱিত ব্যক্তিৰ খোৱান মৃত্যুৰ পিছত ফি লৈ পৰিৱৰ্তিত হয়। দেৱতাসকল সৰ্বব্যাপী, তেওঁলোকৰ কিছুমান সৰ্বজনীন উপাদান যেনে স্বৰ্গ, পৃথিৱী, অগ্নি আৰু পানীৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰে। মানুহৰ অভিভাৱক স্বৰ্গদূতসকলৰ ভিতৰত প্ৰায়ে পূৰ্বপুৰুষ বা স্বৰ্গীয়-প্ৰাণী অন্তৰ্ভুক্ত থাকে যি জীৱনৰ বিভিন্ন পৰ্যায়ত উপনীত হয়, যাক থেৱাড়া বুলি জনা যায়।

খোৱান

সকলো টাই লোকে খোৱানক জীৱনীশক্তি আৰু দীৰ্ঘায়ুৰ উপাদান হিচাপে বিশ্বাস কৰে। এই বিশ্বাস প্ৰণালীত সাধাৰণতে শৰীৰৰ বিভিন্ন অংশত বত্ৰিশজন সুৰক্ষামূলক খোৱান থাকে বুলি বিশ্বাস কৰা হয়। খোৱান হৈছে বিভিন্ন ভাষিক স্বৰৰ সৈতে এটা টাই শব্দ যেনে টাই-আহোমৰ খোৱান, টাই য়াই (শান) দাই, থাই-লাও (ຂວັນ, ขวัญ) টাই-লুৱে, চেন বা ক্সোৱান, তাই-নুংৰ খুৱান। খোৱানক পূজা কৰিবলৈ বিভিন্ন টাই গোটৰ দ্বাৰা বিভিন্ন ৰীতি-নীতি পালন কৰা হয়।

ৰিক-খোৱান টাই-আহমত ৰিক-খৱান নামেৰে জনাজাত এক ৰীতি আছে যাৰ আক্ষৰিক অৰ্থ হৈছে খোৱানক মতা (ৰিক = মাতিবলৈ, খোৱান = প্ৰাণশক্তি)।১ খোৱানসকলক বিভিন্ন পৰ্যায়ত জীৱনীশক্তিৰ বাবে আহ্বান জনোৱা হয় যেনে এখন গাঁৱৰ বাবে ইয়াক মুৱাং খোৱান বান বুলি কোৱা হয় আনহাতে মুৱাং বা দেশৰ বাবে ইয়াক ৰিক খোৱান মুৱাং খৱান বুলি কোৱাটো হয়। ৰিক খোৱান তিনিটা প্ৰধান প্ৰকাৰত পৰিৱেশন কৰা হয় যেনে লেং ফুঁ ৰিক খোঁৱান, চাম ফুঁ ৰীক খোঁ আৰু হা-ফুঁ ৰিক্ খোঁৱা।২

বাচি বা চু খোৱান: বাচি ৰীতি-নীতিত অংশগ্ৰহণকাৰীক স্বাস্থ্য, সমৃদ্ধি আৰু কল্যাণ প্ৰদান কৰিবলৈ বত্ৰিশজন খোৱান নিজৰ ওচৰলৈ উভতি যাবলৈ আহ্বান জনায়। এনে অনুষ্ঠানৰ সময়ত প্ৰায়ে অংশগ্ৰহণকাৰীৰ হাতৰ মণিবন্ধত কপাহী তাঁৰ বান্ধি আত্মাটো ৰখা হয়। দীঘলীয়া ভ্ৰমণৰ আগতে বা পিছত, ৰোগ নিৰাময়ৰ অনুষ্ঠান হিচাপে বা ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছত অতিথিসকলক নিজৰ ঘৰলৈ স্বাগতম জনাবলৈ বাচি অনুষ্ঠান সম্পন্ন কৰে। লাও লুম বিবাহ অনুষ্ঠান আৰু নৱজাতক শিশুৰ নামকৰণ অনুষ্ঠান দুয়োটাৰে বাবে এই পৰম্পৰা হৈছে মুখ্য অনুষ্ঠান।

মিন-খোৱান খোৱান সংস্কৃতি থাই সংস্কৃতি এক অপৰিহাৰ্য অংশ। থাই লোকসকলৰ মিন-খোৱানৰ পৰম্পৰা আছে যাৰ মূল উদ্দেশ্য হৈছে সমৃদ্ধি আৰু ভাগ্য। মিন শব্দটো টাই ডেং লোকসকলেও ব্যৱহাৰ কৰে যিটো খোৱানৰ বিকল্প শব্দ।

উৎস পুথি

তথ্যসূত্ৰ

  1. ↑ (2004). Proceedings of the 17th IAHA Conference. Secretary General, 17th International Association of Historians of Asia Conference. পৃ. 728. ISBN 9789843218230
  2. ↑ Gogoi 2011, পৃ. 11

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই জাতীয় ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৪৮০২৫১ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।