অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুক্লিংফা

চুক্লিংফা বা চ্যু-ক্লিং-ফা (১৭৯৫–১৮১১), বা কমলেশ্বৰ সিংহ আহোম ৰাজ্যৰ এজন স্বৰ্গদেউ। তেওঁৰ শাসনকালতেই মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল। কামৰূপৰ দন্দুৱাদ্ৰোহো এইগৰাকী ৰজাৰ দিনতেই দমন কৰা হয়।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১,৮৭৬ শব্দ · ১০ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

চুক্লিংফা বা চ্যু-ক্লিং-ফা (১৭৯৫–১৮১১), বা কমলেশ্বৰ সিংহ আহোম ৰাজ্যৰ এজন স্বৰ্গদেউ। তেওঁৰ শাসনকালতেই মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল। কামৰূপৰ দন্দুৱাদ্ৰোহো এইগৰাকী ৰজাৰ দিনতেই দমন কৰা হয়। চুক্লিংফা বৰ কম বয়সৰ হোৱাৰ বাবে শাসনকাৰ্যৰ গুৰিবঠা প্ৰকৃততে মন্ত্ৰীপ্ৰধান পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়েহে ধৰিছিল।

বংশ পৰিচয়

কমলেশ্বৰ সিংহ আছিল ৰাজকোঁ‌ৱৰ কদমদীঘলা গোহাঁ‌ই আৰু নুমলী ৰাজমাওৰ বৰপুত্ৰ। তেওঁৰ পিতৃ-মাতৃয়ে দিয়া নাম আছিল কিনাৰাম গোহাঁই। তেওঁৰ পিতৃ আছিল স্বৰ্গদেৱ চুখ্ৰংফাৰ কনিষ্ঠ ভ্ৰাতৃ লেচাই নামৰূপীয়া ৰজাৰ নাতি। মাজু আইদেউ আৰু চুদিংফা আছিল তেওঁৰ সহোদৰ ভাই-ভনী।১

সিংহাসনত আৰোহণ

১৭৯৫ চনত পূৰ্বৰ ৰজা চুহিত্পংফা ওৰফে গৌৰীনাথ সিংহৰ দেহাৱসান ঘটাৰ সময়ত চুক্লিংফাৰ পিতৃ কদমদীঘলা গোহাঁ‌য়ে চাৰিঙীয়া ৰজাৰ বাব খাই আছিল। গৌৰীনাথ সিংহ অপুত্ৰক হোৱাৰ বাবে উত্তৰাধিকাৰী নিৰ্বাচনৰ দায়িত্ব তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ইক দিছিল। ব্যক্তিগত সম্পৰ্ক আৰু মোৱামৰীয়া বিদ্ৰোহ দমনত কৰা সহায়ৰ বাবে বুঢ়াগোহাঁ‌য়ে কদমদীঘলা গোহাঁ‌ইৰ বৰপুত্ৰ কিনাৰাম গোহাঁ‌ই ৰজা হিচাপে মনোনীত কৰে। সেই সময়ত কোঁ‌ৱৰৰ বয়স আছিল দুই বছৰতকৈয়ো কম। ১৭৯৫ চনতে তেওঁক কমলেশ্বৰ সিংহ নাম দি দিচৈৰ শিবিৰত আহোম ৰাজপাটত বহোৱা হয়। আহোমমতে তেওঁ চুক্লিংফা নাম লয়। কমলেশ্বৰ সিংহৰ নাম কলিকতালৈ মোহৰ মাৰিবলৈ প্ৰেৰণ কৰা হয়।২

শাসনকাল

আহোম সেনাবাহিনীৰ পুনৰ্গঠন

স্বৰ্গদেৱ চুহিত্পংফাৰ দিনত প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে এই কথা দেখা পাইছিল যে অস্ত্ৰৰে সুসজ্জিত, প্ৰশিক্ষিত আৰু নিয়মানুৱৰ্তী ব্ৰিটিছ চিপাহীৰ একো একোটা সৰু দলে সংখ্যাত অধিক হোৱা স্বত্বেও মোৱামৰীয়া বিদ্ৰোহক ছেদেলি-ভেদেলি কৰি পেলাইছিল। গতিকে গৌৰীনাথ সিংহৰ দিনতেই আহোম সামৰিক বাহিনীৰ পুনৰ্গঠন আৰম্ভ কৰা হৈছিল আৰু কমলেশ্বৰ সিংহৰ দিনত ই এক বিস্তৃত ৰূপ লাভ কৰিছিল। ১৮০৩ চনত বুঢ়াগোহাঁ‌য়ে নিজৰ পুত্ৰ ওৰেখানাথ ঢেকীয়াল ফুকনৰ নেতৃত্বত বলোৰাম খঙীয়া ফুকন, ভূধৰ চলিহা চাংকাকতি, মধুৰাম বৰা, গোবিন্দ্ৰম শৰ্মা খাউণ্ড আৰু তনুশ্যাম শৰ্মা খাউণ্ডক কটকী হিচাপে ভাৰতৰ ব্ৰিটিছ মুখ্য ৰাজপালিকা লৰ্ড ৱেলেছলিৰ কাষলৈ পঠায়। তেওঁলোকে লৰ্ড ৱেলেছলিক উচ্চ-প্ৰশিক্ষণপ্ৰাপ্ত এদল চিপাহীৰ লগতে ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰৰ বিচাৰি অনুৰোধ জনায়।৩৪ তেওঁলোকে ৰাজ্যপালিকাগৰাকীক দুই হাজাৰ সোণৰ আৰু দহ হাজাৰ ৰূপৰ মোহৰ আহোম ৰাজ্যৰ ফালৰ পৰা উপঢৌকন হিচাপে দিয়ে। লৰ্ড ৱেলেছ্লিয়ে এই অনুৰোধ ৰাখি চিপাহী আৰু অস্ত্ৰ-পাতি দি পঠায়। ইয়াৰ সহায়ত প্ৰথমে বছা আৰু দৈয়াংৰ অসমীয়া লোকক আধুনিক সমৰকলা আৰু অস্ত্ৰচালনাৰ প্ৰশিক্ষণ দিয়া হয়। এই নতুন বাহিনীটোক এশজনীয়া ওঠৰটা ভাগত ভগোৱা হয়। বুঢ়াগোহাঁ‌ইৰ সম্পৰ্কীয় চন্দ্ৰ গোহাঁ‌ই নামৰ এজন লোকক কেপ্টেইন হিচাপে নিযুক্তি দিয়া হয়। পিছলৈ তেওঁক মেজৰ আৰু শেষত কৰ্ণেললৈ পদোন্নীত কৰা হয়। তেওঁৰ অধীনত কিছুসংখ্যক চুবেদাৰ আৰু জামাদাৰ নিযুক্ত কৰা হয়। নৱনিৰ্মিত বাহিনীটোৱে গুৱাহাটী, যোৰহাট, শদিয়া আৰু মহংত দুৰ্গ পাতে।৩

মহন্তসকলৰ বৰঙনি

চিপাহীসকলক মজুৰি প্ৰদান কৰিবলৈ ৰাজকোষত ধনৰ নাটনি হোৱাত সত্ৰসমূহৰ মহন্ত আৰু অধিকাৰ্সকলক বৰঙনি আগবঢ়াবলৈ কোৱা হয়। সেইমতে মুখ্য সত্ৰসমূহৰ বাবে চাৰি হাজাৰ টকাকৈ, মধ্যমীয়া সত্ৰসমূহৰ বাবে চাৰিশ টকাকৈ, সৰু সত্ৰসমূহৰ বাবে এশ টকাকৈ আৰু ক্ষুদ্ৰতম সত্ৰসমূহকৰ বাবে পঞ্চাশ টকাকৈ বৰঙনি নিৰ্ধাৰণ কৰা হয়। বৰবৰুৱাই সত্ৰসমূহৰ প্ৰতিনিধি খাটনিয়াৰসকলক মাতি আনি এই বৰঙনি গোটাবলৈ নিৰ্দেশ দিয়ে আৰু এনেদৰেই চিপাহীসকলৰ মাহিলি মজুৰি আদায় দিয়া হয়।৩৫৬

কামৰূপৰ দন্দুৱাদ্ৰোহ

কামৰূপত সেই সময়তে বিদ্ৰোহে গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু নামনি অসমত বদন চন্দ্ৰ বৰফুকনৰ অপশাসনকে ইয়াৰ বাবে জগৰীয়া বুলি ঠাৱৰ কৰা হয়। কোৱা হয় যে বদন বৰফুকন আৰু তেওঁৰ তলতীয়া বিষয়াসকল মূলতঃ উজনি অসমৰ হোৱাৰ বাবে সম্ভৱতঃ নামনিৰ লোকসকলৰ কথাৰ ঠাঁ‌চক লৈ 'ঢেকেৰী' বুলি ইতিকিং কৰে।৭ কিছু লোকে বদনৰ এনে কাৰ্যকলাপৰ বিষয়ে আহোম ৰজা আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ইক অভিযোগ কৰে। কিন্তু সেইসময়ত উজনিৰ মোৱামৰীয়া বিদ্ৰোহে তচনচ কৰা প্ৰশাসন ব্যৱস্থাক থান-থিত লগোৱাত ব্যস্ত হৈ থকা আহোমৰ কেন্দ্ৰীয় প্ৰশাসনে বিষয়টোৰ গুৰুত্ব বুজি পোৱাত ব্যৰ্থ হয়। উত্তৰ কামৰূপৰ জিকেৰিৰ হৰ দত্ত চৌধুৰী আৰু বীৰ দত্ত চৌধুৰী নামৰ দুজন ককাই-ভায়ে কছাৰী, কৈৱৰ্ত্ত আৰু অন্যান্য সম্প্ৰদায়ৰ কিছু লোকক একত্ৰিত কৰি আহোম ৰাজ্যৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰে। তেওঁলোক দুয়োজনেই পূৰ্বতে বদন বৰফুকনৰ তলতীয়া বিষয়া আছিল। বৃহৎ জনজাগৰণৰ ফলত প্ৰায় সমগ্ৰ উত্তৰ কামৰূপ তেওঁলোকৰ হাতলৈ যায়। কথিত আছে যে কোচ বিহাৰ ৰাজ্য আৰু বিজনীৰ শাসনকৰ্তায়ো পূৰ্বতে কমতা ৰাজ্যৰ ভিতৰুৱা কামৰূপ আহোমৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ আশাত এই বিদ্ৰোহত গোপনে সহায় আগবঢ়ায়।৫ কামৰূপৰ থলুৱা লোকসকলে দুই ভ্ৰাতৃৰ এই কাৰ্যক সাধাৰণ জনতাক বদনৰ স্বৈৰাচাৰৰ পৰা মুকলি কৰাৰ দেশহৈতিষী প্ৰচেষ্টা হিচাপে গণ্য কৰাৰ বিপৰীতে আহোম বুৰঞ্জীবিদসকলে এই বিদ্ৰোহীসকলক দন্দুৱা অৰ্থাৎ কাজিয়া কৰিবলৈ ভাল পোৱা লোক আখ্যা দিয়ে।

বদন বৰফুকনে এই বিদ্ৰোহ দমন কৰিবলৈ অসমৰ্থ হোৱাত পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে সন্দিকৈ পৰিয়ালৰ কলীয়া ভোমোৰা বৰফুকনক গুৱাহাটীৰ নতুন বৰফুকন পাতে। বিদ্ৰোহীসকলে গুৱাহাটীৰ দুৰ্গৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে যদিও কলিয়া ভোমোৰাই বেলতলা আৰু ডিমৰীয়াৰ ৰজাৰ সহায়ত ব্ৰহ্মপুত্ৰ পাৰ হৈ বিদ্ৰোহী শিবিৰ থানবান কৰে। হৰ দত্ত আৰু বীৰ দত্তক কৰায়ত্ত কৰি বধ কৰা হয়। কিছুসংখ্যক বিদ্ৰোহী বাজুসিং আৰু আলোসিং নামৰ দুই জামাদাৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেদি পলাই সাৰিবলৈ চেষ্টা কৰে।৮ কলিয়া ভোমোৰাই কামাখ্যাত তেওঁলোকক পৰাজিত কৰে আৰু ইয়াতেই বহুসংখ্যক বিদ্ৰোহীৰ মৃত্যু হয়। এনেদৰেই গুৱাহাটীত দাণ্ডিয়া বিদ্ৰোহৰ অন্ত পৰে। এই বাতৰি পাই কমলেশ্বৰ সিংহই কলিয়া ভোমোৰাক সোণৰ চুলাৰ জাপি উপহাৰস্বৰূপে দি 'প্ৰতাপ-বল্লভ' উপাধি প্ৰদান কৰে।৯

ডফলা আৰু মোৱামৰীয়া বিদ্ৰোহ দমন

কলিয়া ভোমোৰা বৰফুকন দাণ্ডিয়া বিদ্ৰোহ দমনত ব্যস্ত থকাৰ সময়তেই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ পাহাৰত বাস কতা ডফলাসকলে মোৱামৰীয়া বিদ্ৰোহীসকলৰ সৈতে যোগ দিয়ে আৰু বৰ্তমানৰ শোণিতপুৰ জিলাত বিদ্ৰোহ আৰম্ভ কৰে। তেওঁলোকে লুইত পাৰ হৈ দুইমুনি শিলা অৰ্থাৎ বৰ্তমানৰ নগাঁও জিলাৰ শিলঘাট পাইগৈ। এই বাতৰি পাই ভাণ্ডাৰী বৰুৱাই নতুনকৈ প্ৰশিক্ষিত আহোম সৈন্যৰ তিনিটা দল শিলঘাটলৈ প্ৰেৰণ কৰে। বিদ্ৰোহকাৰীসকলৰ ওপৰত ৰাজকীয় সৈন্যই গুলীবৰ্ষণ কৰে আৰু ইয়াৰ ফলত বহু লোকৰ মৃত্যু হয়। ইয়াৰ লগতে বহু লোক নদীত ডুব যায় আৰু কিছুসংখ্যক লোকক বন্দী কৰা হয়। বন্দী লোকসকলক পিছলৈ শিৰশ্ছেদ কৰি তেওঁলোকৰ মূৰসমূহ সকীয়নি হিচাপে দুইমুনি শিলাত শূলত ওলোমাই ৰখা হয়।৬ বাকী থকা বিদ্ৰোহীসমূহ উত্তৰ পাৰৰ হাবি আৰু পাহাৰলৈ পলাই যায়। পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে তেওঁলোকক খেদি যাবলৈ অপাৰগ হয় আৰু ইয়াৰ সলনি তেওঁ দীৰ্ঘদিনীয়া গৃহযুদ্ধই বিপৰ্যস্ত কৰি তোলা প্ৰশাসনিক ব্যৱস্থাৰ থান-থিত লগোৱাত মনোনিৱেশ কৰে।

ইফালেদি ডফলা আৰু মোৱামৰীয়া বিদ্ৰোহীসকল লুইতৰ উত্তৰ পাৰত ফোপাই সেনাপতি নামৰ লোক এজনৰ নেতৃত্বত লগ হয়। তেওঁ মধুৰাম বৈৰাগী নামৰ এজন লোকক বংগলৈ চিপাহী খুজি আনিবলৈ পঠিয়ায়। এই চিপাহীদলৰ সহায়ত বিদ্ৰোহীসকলে বহুকেইখন গাঁৱত উপদ্ৰৱ চলাই সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি কৰে।১০ বুঢ়াগোহাঁ‌য়ে ততাতৈয়াকৈ সেনাবাহিনীৰে সৈতে আগুৱাই আহে। ভৰলীৰ পাৰত ডেকাফুকনৰ সৈন্যদলৰ ওপৰত বিদ্ৰোহীসকলে অতৰ্কিতে আক্ৰমণ চলায়। কিন্তু যুত হাৰি তেওঁলোক বাচকটালৈ পিছুৱাই যায়।১১ আনহাতে বুঢ়াগোহাঁ‌য়ে উত্তৰ পাৰ অৰ্থাৎ বৰ্তমানৰ তেজপুৰ গৈ পাই ডফলাসকলক দমন কৰে। তেওঁ গড়মূৰলৈ আগুৱাই গৈ ভালেকেইজন বিদ্ৰোহী নেতাক বন্দী অথবা হত্যা কৰে। বিদ্ৰোহৰ মূল নেতা ফোপাই সেনাপতিৰ গুলি লাগি মৃত্যু হয়। বিদ্ৰোহীসকলৰ পৰা ভালেমান ম'হ, গৰু, অলংকাৰ আৰু ন্যান্য সামগ্ৰী জব্দ কৰি ৰাজভঁ‌ৰালত জমা কৰা হয়।১১

পিতৃৰ মৃত্যু আৰু নতুন বৰবৰুৱাৰ নিযুক্তি

১৭৯৯ চনত যোৰহাটত কমলেশ্বৰ সিংহৰ পিতৃ কোঁ‌ৱৰ কদম দীঘলা চাৰিঙীয়া ৰজাৰ দেহাৱসান ঘটে। ৰজাৰ কনিষ্ঠ ভ্ৰাতৃ চুদিংফা ওৰফে চন্দ্ৰকান্ত গোহাঁইক নতুন চাৰিঙীয়া ৰজা হিচাপে অভিষিক্ত কৰা হয়।১২১৩ ইফালে ১৮০০ চনত সন্দিকৈ পৰিয়ালৰ ভাণ্ডাৰী বৰবৰুৱাৰো দেহাৱসান ঘটে। তেওঁৰ ঠাইত দুৱৰা পৰিয়ালৰ শ্ৰীনাথক নতুন বৰবৰুৱা নিযুক্তি দিয়া হয়।১৪১৫

খামটিসকলৰ বিৰুদ্ধে অভিযান

খামটি জনগোষ্ঠী আৰু আহোমসকল একে জনগোষ্ঠীয় মূলৰ অৰ্থাৎ শ্বান গোষ্ঠীৰ লোক। তেওঁলোকে অসমলৈ প্ৰব্ৰজন কৰি আহি আহোম ৰজাৰ অনুমতি লৈ শদিয়া অঞ্চলত বসবাস কৰিবলৈ লয়। ১৭৯৪ চনত পূৰ্বৰ ৰজা চুহিত্পংফাৰ দিনত গৃহযুদ্ধৰ ফলত দুৰ্বল হৈ পৰা কেন্দ্ৰীয় প্ৰশাসনৰ সুযোগ গ্ৰহণ কৰি খামটিসকলে শদিয়াখোৱা গোহাঁ‌ইক উৎখাত কৰি শদিয়াত নিজৰ প্ৰভুত্ব স্থাপন কৰে আৰু স্থানীয় নৃগোষ্ঠীয় লোকসকলক দাসলৈ পৰিণত কৰে। কোৱা হয় যে আহোম ৰাজত্বকালৰ পিছৰ সময়ছোৱাত অসমলৈ প্ৰব্ৰজন কৰা শ্বান গোষ্ঠীৰ অন্যান্য জনগোষ্ঠী যেনে নৰা, ফাকিয়াল আদিৰ পৰাও তেওঁলোকে সহায় লাভ কৰিছিল।১৬ ১৮০০ চনত প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে শদিয়াত পুনৰ আহোমৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবলৈ থিৰাং কৰে। গুৱাহাটীৰ পৰা কলিয়া ভোমোৰা বৰফুকনে ইউৰোপীয় শৈলীৰে প্ৰশিক্ষিত কিছুসংখ্যক সৈন্য উজনি অসমলৈ বুঢ়াগোহাঁ‌ইৰ সাহায্যাৰ্থে প্ৰেৰণ কৰে।১৭ এই সৈন্যদলটোৰ সহায়ত খামটিসকলক পৰাজিত কৰি শদিয়া পুনৰ দখল কৰা হয় আৰু নতুনকৈ শদিয়াখোৱা গোহাঁ‌ই নিযুক্তি দিয়া হয়। খামটিসকলৰ মুৰব্বী বুঢ়া ৰজা আৰু তেওঁ‌ৰ অনুগামীসকলক কৰায়ত্ত কৰি বুঢ়াগোহাঁ‌ইৰ সমুখলৈ অনা হয়। বুঢ়াগোহাঁ‌য়ে তেওঁলোকক টোকলাই হাবিত স্থাপন কৰে আৰু বুঢ়া ৰজাক ৰাজধানী যোৰহাটত নজৰবন্দী কৰি ৰখা হয়।১৬১৫

মৰাণ-চিংফৌ বিদ্ৰোহ আৰু ভৰঠী ৰজাৰ বিৰুদ্ধে অভিযান

১৮০১ চনত পূব অসমত মোৱামৰীয়া সত্ৰৰ মৰাণসকলে আহোম শাসনৰ বিৰুদ্ধে মূৰ ডাঙি উঠে। বুঢ়াগোহাঞি পৰিয়ালৰ হৰিপদ ডেকাফুকনে চিপাহীৰ পাঁ‌চটা ফৌজৰে সৈতে বেংমৰাত বিদ্ৰোহীসকলক আগুৰি ধৰে। মৰাণসকল নামৰূপলৈ পলাই যায় আৰু তাতে চিংফৌসকল আহি তেওঁলোকৰ লগ লাগে। দুয়োটা ফৈদ একগোট হৈ ৰাজকীয় বাহিনীৰ ওপৰত আক্ৰমণ চলায় যদিও পুনৰ পৰাজিত হয় আৰু এই সংঘৰ্ষত বহু লোকৰ প্ৰাণহানি ঘটে। বিদ্ৰোহীসকল দুভাগ হৈ পলাই যায় আৰু তেওঁলোকৰ পৰা গৰু-ম'হ, কাঁ‌হ-পিতল, কাপোৰ-কানি আনি জব্দ কৰি আনি ডেকাফুকনে ৰাজধানী যোৰহাটৰ ৰাজভঁ‌ৰালত জমা দিয়ে।১৫ ইফালে ভৰঠী ৰজাৰ নেতৃত্বত মোৱামৰীয়াসকল বেংমৰাত পুনৰ একগোট হয়। এইবাৰ ডেকাফুকন ছটা ফৌজৰ সৈতে মোৱামৰীয়াসকলৰ বিৰুদ্ধে আগুৱাই যায় আৰু তেওঁলোকক খেদি নি হাবিৰ মাজ পায়। হাবিৰ মাজতেই মোৱামৰীয়াসকলে ৰাজকীয় বাহিনীক ঘেৰি ধৰে যদিও ৰাইফলৰ গুলীত তেওঁলোকৰ নেতা ভৰঠী ৰজাৰ মৃত্যু হয় আৰু ইয়াকে দেখি মোৱামৰীয়াসকল ছত্ৰভংগ দিয়ে। তেওঁৰ মৃতদেহটো কমলেশ্বৰ সিংহৰ আদেশ অনুযায়ী খুটিয়াপতাত নতুনকৈ স্থাপন কৰা মোৱামৰীয়া গাঁ‌ৱত যাঠীৰে হানি ৰখা হয়। ইয়াৰ পিছতেই বৃহৎসংখ্যক মোৱামৰীয়া আৰু মৰাণ লোকে যথেষ্টসংখ্যক বয়-বস্তুৰে সৈতে আহি আহোম ৰজাৰ বশ্যতা স্বীকাৰ কৰে। ইয়াৰ পিছত বহুবছৰলৈকে পূব অসমত মোৱামৰীয়াসকলে কোনো বিদ্ৰোহী কাৰ্যকলাপ চলোৱাৰ পৰা বিৰত থাকে।১৮

ভোগদৈৰ খনন

নতুনকৈ স্থাপন কৰা ৰাজধানী যোৰহাটত পানীৰ যোগান ধৰিবৰ বাবে বুঢ়াগোহাঁ‌য়ে দিচৈৰ পৰা কলিয়নিলৈকে এটা সুঁ‌তি খান্দে। খননকাৰ্যৰ সময়ত সত্ৰৰ অধিকাৰসকলে ৰাইজক চাউল আৰু পিঠা-পনা যাচে। ৰজা, বুঢ়াগোহাঁ‌ই আৰু বৰবৰুৱাই কৰ্মীসকলৰ বাবে খাদ্যবস্তুৰ যোগান ধৰে। সেয়ে উক্ত সুঁ‌তিটোৰ নাম ভোগদৈ ৰখা হয়। খননকাৰ্য চাবলৈ আহোঁতে কমলেশ্বৰ সিংহক বিষয়াসকলে শৰাই আৰু তাওবানেৰে সন্মান যাচে। ৰজাৰ মাতৃ নুমলী ৰাজমাৱেও সেইদিনা বাটত তিৰোতাসকলক উপহাৰ যাচে।৪১৮১৯২০

পানীমুৱাৰ ষড়যন্ত্ৰ

কমলেশ্বৰ সিংহ কমবয়সীয়া হোৱাৰ বাবে প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়েই সৰ্বোচ্চ ক্ষমতাত অধিষ্ঠিত আছিল। তেওঁ ৰাজপত্ৰ, ৰাজআদেশ অদি জাৰী কৰাৰ লগতে নিজৰ ইচ্ছা অনুসৰি বিষয়া ভঙা-পতা কৰিছিল। ইয়াৰ ফলত বহু লোকৰ মনত অসন্তুষ্টিয়ে গা কৰি উঠিছিল। ৰাতি-খোৱা খেলৰ পানীমুৱা নামৰ এজন লোকে বুঢ়াগোহাঁ‌ইৰ স্বেচ্ছাচাৰী কাৰ্যকলাপৰ বিৰুদ্ধে উচটাই কিছু লোকক একগোট কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰজাকো হত্যা কৰিবলৈ মনস্থ কৰে। ষড়যন্ত্ৰকাৰীসকলে পুৰণি মামৰে ধৰা বৰটোপ এটা বুঢ়াগোহাঁ‌ইৰ ঘৰৰ চৌহদৰ মুখৰ জোপোহাৰ আঁ‌ৰত থিয় কৰায়। বুঢ়াগোহাঁ‌য়ে ২৪০জন সশস্ত্ৰ লোকক লগত লৈ বাহিৰত চলা-ফুৰা কৰিছিল। তেওঁলোকে জোপোহাৰ আঁ‌ৰৰ পৰা ধোঁ‌ৱা ওলোৱা দেখা পাই পানীমুৱাৰ লগতে আটাইবোৰ সংগীকে ধৰি পেলায়। পানীমুৱাই ষড়যন্ত্ৰত তেওঁৰ লগ দিয়া লোকসকাৰ নাম সৈ কাঢ়ে আৰু প্ৰায় সকলোকে আটক কৰা হয়। ইয়াৰ সুবিধা গ্ৰহণ কৰি বুঢ়াগোহাঁ‌য়ে তেওঁক অসন্তুষ্ট কৰা বা পূৰ্বৰ কোনো আখেজ থকা লোকসকলক ধৰি অনোৱায়। আনকি তেওঁ এই সকলোবোৰ লোককে প্ৰাণদণ্ড দিবলৈ শ্ৰীনাথ দুৱৰা বৰবৰুৱাক আদেশ দিয়ে। অৱশ্যে বুঢ়াগোহাঁ‌ইৰ ভায়েক শিৱনাথ দোলাকাষৰীয়া বৰুৱাৰ হস্তক্ষেপত এই হত্যালীলা স্তব্ধ হয়। ১৮০৩ চনত পানীমুৱাৰ লগতে সংগীসকলক প্ৰাণে মৰা হয়।২১১৯২২

পলৰীয়া কৃষকসকলক ঘূৰাই অনাৰ প্ৰয়াস

মোৱামৰীয়া বিদ্ৰোহে সৃষ্টি কৰা অশান্ত পৰিৱেশৰ ফলত বহু অসমীয়া লোকে ৰাজ্য এৰি কাষৰীয়া কছাৰী আৰু জয়ন্তীয়া ৰাজ্যত আশ্ৰয় লৈ আছিলগৈ। ৰাজকীয় বাহিনীয়ে বিদ্ৰোহ দমন কৰাৰ পিছত বহুতো পলৰীয়া বিদ্ৰোহীয়েও চুবুৰীয়া ৰাজ্যকেইখনত আশ্ৰয় লয়। এই লোকসকলক মুক্ত ক্ষমাদানৰ আশ্বাস প্ৰদান কৰি পুনৰাই নিজা ঘৰলৈ ঘূৰাই আনিবৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে অবিৰতভাৱে চেষ্টা কৰি আছিল।১৬ বহু লোক নিজ গাৱঁ‌লৈ ঘূৰি আহে যদিও বিদ্ৰোহত অংশগ্ৰহণ কৰা বৃহৎসংখ্যক লোকে চুবুৰীয়া ৰাজ্য দুখনতেই ৰৈ যায়। দুয়ো ৰাজ্যৰ ৰজাই এই নতুন লোকসকলক বিতাৰিত কৰিবলৈ অনীহা প্ৰকাশ কৰে আৰু সেয়ে আহোম ৰাজ্যৰ সৈতে তেওঁলোকৰ দীৰ্ঘদিনীয়া বিবাদৰ সূত্ৰপাত ঘটে। জয়ন্তীয়া ৰজা দ্বিতীয় ৰামসিংৰ পত্ৰত পূৰ্বদেশীয় ৰজাসকলে ইজনে সিজনক কৰা নীতিপূৰ্বক বিশেষণাত্মক সম্বোধন নথকাৰ বাবে অসন্মান প্ৰদৰ্শন কৰা বুলি গণ্য কৰা হয়। আনহাতে কছাৰী ৰজা কৃষ্ণ চন্দ্ৰৰ সৈতে মোৱামৰীয়াসকলৰ সহযোগিতাৰ কথা পোহৰলৈ অহাত দুয়ো ৰাজ্যৰ সম্পৰ্কত অধিক ফাঁ‌ট মেলে। পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে বলপ্ৰয়োগ কৰি পলৰীয়া কৃষকসকলক ঘূৰাই আনিবলৈ কমলেশ্বৰ সিংহৰ অনুমতি লয়।২৩

নগাঁৱত মোৱামৰীয়া-কছাৰীৰ দ্ৰোহ

১৮০৩ চনত পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে মিকিৰ পাহাৰ আৰু যমুনা নৈৰ মাজৰ ধৰমপুৰত আশ্ৰয় লৈ থকা পলৰীয়া লোকসকলক উদ্ধাৰ কৰিবৰ বাবে এদল সৈন্য প্ৰেৰণ কৰে।২৩ ইফালে মোৱামৰীয়াসকলে কছাৰী ৰজা কৃষ্ণচন্দ্ৰই পথোৱা কছাৰী ৰাজ্যৰ লোকসকলৰ লগ লাগে। স্বৰ্গদেউ চুৰেম্‌ফাৰ নাতি আহোম কোঁৱৰ বিজয় বৰমূৰা গোহাঁ‌য়ো ৰজা হোৱাৰ মানসেৰে বিদ্ৰোহী দলত যোগ দিয়ে।২৪ কমলেশ্বৰ সিংহই বিদ্ৰোহীসকলৰ ফালে আগুৱাই আহিবলৈ তাৎক্ষণিকভাৱে গুৱাহাটীৰ আহোম সৈন্যদলক আদেশ দিয়ে। যোৰহাটৰ পৰা বুঢ়াগোহাঁ‌য়ে প্ৰেৰণ কৰা সৈন্যবাহিনী গুৱাহাটীৰ বাহিনীৰ সৈতে ৰহা-চকীত গোট খায়। ইয়াৰ পিছতেই তেওঁলোকে যমুনামুখত মোৱামৰীয়া আৰু কছাৰীসকলৰ সন্মিলিত বাহিনীক পৰাভূত কৰে।২৩ অৱশ্যে বিদ্ৰোহীপক্ষই বৰ্তমানৰ নগাঁও চহৰৰ কাষৰীয়া গাওঁসমূহত লুটপাত চলোৱাৰ লগতে জুই লগাই আঁ‌তৰি যায়। কিছুসংখ্যক গাঁ‌ৱেও বিদ্ৰোহী দলত যোগ দিয়াত তেওঁলোকৰ শক্তি যথেষ্ট বৃদ্ধি পায়। এই কথাৰ উমান নোপোৱাকৈ আহোম সৈন্যই কলং আৰু কপিলী নৈ পাৰ হৈ বিদ্ৰোহীসকলক আক্ৰমণ কৰাৰ লক্ষ্যৰে আগুৱাই যায়। ইয়াৰ বিপৰীতে তেওঁলোক অতৰিকে আক্ৰমণৰ সন্মুখীন হয় আৰু দুয়োপক্ষৰে তয়াময়া যুঁজ লাগে। এই যুঁজত ৫৪০জন আহোম সৈন্যৰ প্ৰাণহানি হোৱাৰ লগতে বহুসংখ্যক বন্দুক বিদ্ৰোহীসকলৰ হাতত পৰে আৰু তেওঁলোক পিছুৱাই আহিবলৈ বাধ্য হয়।১৭২৩২৫২৬ এই বিজয়ৰ পিছত মোৱামৰীয়াসকল মুকলিলৈ আহি কাজলী, ব্ৰহ্মপুত্ৰ আৰু মিছা নৈৰ মুখৰ লোকসকলক বলপূৰ্বকভাৱে বশ্যতা স্বীকাৰ কৰোৱায়।২৬ বৰ্তমানৰ মৰিগাঁও জিলাৰ তিৱাসকলৰ কিছুসংখ্যক মুখিয়ালে আহোম শাসনৰ বিৰুদ্ধে মোৱামৰীয়াসকলৰ সৈতে যোগ দিয়ে। উল্লেখ্য যে এই মুখিয়ালসকলক আহোম ৰজাই ৰজা পোৱালি বা তলতীয়া ৰজা বুলিছিল।

এই বিপৰ্যয়ৰ বাতৰি পাই বুঢ়াগোহাঁ‌য়ে পূব প্ৰান্তৰ অঞ্চলসমূহত থকা সৈন্যসকলক মাতি পঠিয়ায় আৰু সংঘৰ্ষস্থলীলৈ প্ৰেৰণ কৰে।২৩ কমলেশ্বৰ সিংহই নতুনকৈ প্ৰশিক্ষিত আহোম সেনাৰ কেপ্টেইন চন্দ্ৰ গোহাঁ‌ই আৰু বছা ৰাজখোৱাক সৈন্যবাহিনী আৰু ৰছদ-পাতিৰ সৈতে নগাঁৱলৈ প্ৰেৰণ কৰে। হাও সাগৰ বৰা নামৰ আন এজন বিষয়ায়ো নিজৰ সৈন্যৰ সৈতে ৰাজকীয় বাহিনীৰ লগত যোগদান কৰে।২৬ আহোম সৈন্যই নগাঁৱৰ কলং নৈৰ কাষৰ খাগৰিজানত বাহৰ পাতে। মোৱামৰীয়া আৰু কছাৰীসকলে পূৰ্বৰ জয়ত উৎসাহিত হৈ কলং পাৰ হৈ আহি আহোম ৰজাৰ অনুগত গাঁওসমূহত জুই দিয়ে। ৰজাঘৰীয়া সৈন্যই বিদ্ৰোহী দলটোক আক্ৰমণ কৰে আৰু তেওঁলোক পলাই গৈ কছাৰী ৰাজ্যত সোমায়। এই জয়ৰ বাতৰিত উৎফুল্ল হৈ কমলেশ্বৰ সিংহই কটকীসকলক উপহাৰ দিয়ে।২৭

পূব প্ৰান্তত মোৱামৰীয়াৰ উত্থান

১৮০৫ চনত মৰাণসকলৰ স্বঘোষিত ৰজা সৰ্বানন্দ সিংহই বেংমৰাত থিতাপি লোৱাৰ লগতে মৰাণ মোৱামৰীয়াসকলৰ ডিব্ৰু নৈৰ পূবত নতুনকৈ উত্থান ঘটে।২৩ আহোম ৰজাসকলৰ দৰে ৰাজ্য শাসন কৰিবলৈ সৰ্বানন্দ সিংহই নিজে স্বৰ্গদেউ উপাধি লয় আৰু ৰামনাথ নামৰ এজন লোকক বৰবৰুৱা হিচাপে নিয়োগ কৰে। কমলেশ্বৰ সিংহই তাৎক্ষণিকভাৱে হৰিপদ ডেকাফুকনক বিদ্ৰোহ দমন কৰিবলৈ পাচে। কছাৰী-মোৱামৰীয়া যুদ্ধৰ সময়ৰ সেনাপতি ক্ৰমে চন্দ্ৰ গোহাঁ‌ই ওৰফে কেপ্টেইন গোহাঁ‌ই, বছা ৰাজখোৱা, হাও(?) সাগৰ বৰা আৰু ৰাজকাৰেংৰ ভিতৰচৰাৰ দায়িত্বত থকা বিষয়া ভিতৰুৱাল ফুকনো চিপাহীৰ পাঁ‌চটা ফৌজ আৰু অন্যান্য সৈন্যৰ সৈতে তেওঁৰ লগ লাগে। হৰিপদ ডেকাফুকনে ডিব্ৰু নৈ পাৰ হৈ ভূটীয়াটিংত (বহতীয়াটিং) বিদ্ৰোহকাৰীসকলক আক্ৰমণ কৰে। পৰাজিত হৈ বিদ্ৰোহীসকল ততাতৈয়াকৈ হোলোঙাগুৰিলৈ পিছুৱাই যায়।২৮২৯ আহোম সৈন্যই তেওঁলোকৰ পিছ লয়। কিছুদিনৰ পিছতেই বাৰিষা আৰম্ভ হয় আৰু প্ৰায় এক হাজাৰ মৰাণ লোক জ্বৰ, পেটৰ অসুখ আৰু খাদ্যৰ অভাৱত মৃত্যুমুখত পৰে। বহু মৰাণ লোকে আত্মসমৰ্পণ কৰাৰ বিপৰীতে সৰ্বানন্দ সিংহ আৰু তেওঁৰ সংগীসকল পলাই যায়। প্ৰচণ্ড বৰষুণৰ বাবে সামৰিক কুছকাৱাজ চলাবলৈ অপাৰগ হৈ ডেকাফুকনে নৈ পাৰ হৈ আহি বন্দী মৰাণসকলক ঘিলামৰাত স্থাপন কৰে আৰু তেওঁলোকক নজৰ দিবলৈ এদল চিপাহী নিয়োগ কৰে।৩০ ইফালে সৰ্বানন্দ সিংহই সামৰিক সহায় বিচাৰি ৰামনাথ বৰবৰুৱাক বাৰ্মাৰ ৰজাৰ কাষলৈ প্ৰেৰণ কৰে। প্ৰথমাৱস্থাত বাৰ্মাৰ ৰজাই এই অনুৰোধৰ প্ৰতি গুৰুত্ব নিদিলেও পিছলৈ দুবাৰকৈ সামৰিক বাহিনী একোটা অসমলৈ প্ৰেৰণ কৰে যদিও দুয়োবাৰেই পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ই প্ৰচেষ্টাত তেওঁলোকক পৰাজিত কৰা হয়।১৭২৮

১৮০৬ চনত পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে মৰাণ বিদ্ৰোহ সম্পূৰ্ণৰূপে দমন কৰিবলৈ সামৰিক বাহিনী প্ৰেৰণ কৰে আৰু সৰ্বানন্দ সিংহ পৰাজিত হৈ আহোম ৰজাৰ সৈতে শান্তিৰ প্ৰস্তাৱ দিয়ে। বাৰিষাৰ বাবে সামৰিক অভিযান চলোৱা অসম্ভৱ হৈ পৰাৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে সৰ্বানন্দ সিংহক বৰসেনাপতি উপাধি প্ৰদান কৰি ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিংৰ মাজত থকা মৰাণ লোকসকলৰ আহোম ৰজাৰ তলতীয়া শাসনকৰ্তা পাতে। ইয়াৰ বাবে সৰ্বানন্দই প্ৰতি বছৰে ১০ হাজাৰ টকাকৈ আহোম ৰজাক দিয়াৰ চুক্তি কৰা হয়।১৭২৮ এনেকৈয়ে ১৮০৬ চনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰে।

ভৈয়ামত নগাসকলৰ সামান্য উপদ্ৰৱৰ বাদে কমলেশ্বৰ সিংহৰ ৰাজত্বকালৰ পৰৱৰ্তী কালছোৱা শান্তি আৰু সমৃদ্ধিৰে ভৰা আছিল। নগাসকলকো তাৎক্ষণিকভাৱে দমন কৰা হয় আৰু চাৰিজন নগা নেতাই ভাৰে-ভেঁ‌টিয়ে আহি আহোম ৰজাৰ আনুগত্য স্বীকাৰ কৰে।২১

বৈদেশিক সম্পৰ্ক

মুংখাংৰ কটকী

১৮০০ চনত উজনি বাৰ্মাৰ মুংখাংৰ ৰজাই কমলেশ্বৰ সিংহলৈ উপহাৰ প্ৰেৰণ কৰি কটকী পঠিয়ায়। যথাবিহিত নিয়ম অনুসাৰে ৰজাই ৰংঘৰত কটকীক সাক্ষাৎ কৰি উপহাৰ গ্ৰহণ কৰে।৩১ পত্ৰত মুংখাংৰ ৰজাই আহোম ৰজাৰ সৈয়লতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে। সেইমতে কমলেশ্বৰ সিংহয়ো কটকীৰ হাতত মুংখাংৰ ৰজালৈ উপহাৰ প্ৰেৰণ কৰে।

১৮০৫ চনত মুংখাংৰ ৰজাই মানসকলৰ হাতত ৰাজ্য হেৰুৱাই কমলেশ্বৰ সিংহলৈ সামৰিক সাহায্য বিচাৰি কটকী পঠিয়ায়।৩২ সেই সময়ত মোৱামৰীয়া বিদ্ৰোহৰ ফলত সামৰিক শক্তিৰ অভাৱ ঘটাত কমলেশ্বৰ সিংহই পত্ৰৰ কি উত্তৰ দিয়ে জনা নাযায়।

ভূটানৰ সৈতে সম্পৰ্ক

মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ভূটীয়াসকলে বহু অসমীয়া লোকক ধৰি নি দাস হিচাপে ৰাখে। বিদ্ৰোহৰ পৰৱৰ্ত্তী সময়ছোৱাত ভূটানৰ পাহাৰ আৰু ভৈয়াম উভয় অঞ্চলেই বিভিন্ন বিদ্ৰোহীৰ বাবে আশ্ৰয়স্থলীত পৰিণত হয়। সেয়ে আহোম ৰজা আৰু ভূটীয়াসকলৰ সম্পৰ্কৰ অৱনতি ঘটে। ১৮০১ চনত কলীয়া ভোমোৰা বৰফুকনই পংকজ নামৰ এজন পূৰ্বপৰীয়া চৌধুৰী ব্ৰাহ্মণ আৰু কাপচিগা নামৰ লেখাৰু এজনক ভূটানৰ শাসক দেৱ-ধৰ্ম ৰজাৰ কাষলৈ প্ৰেৰণ কৰে।১৮ অসমীয়া কটকীক যথাবিহিতভাৱে আদৰ-সাদৰ কৰি দেৱ-ধৰ্ম ৰজাই তেওঁলোকৰ সৈতে উপহাৰ আৰু পত্ৰ দি চাৰিজন কটকী কমলেশ্বৰ সিংহৰ কাষলৈ প্ৰেৰণ কৰে।৩৩ ভূটানে গোহাঁই কমল আলিৰ আশে-পাশে ভূটীয়াসকলৰ ওপৰত লুট-পাট চলা বুলি অভিযোগ কৰে যদিও এই কথা প্ৰমাণ হয় যে ভূটীয়াসকলেহে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত অসমৰ সীমাৰ ভিতৰ সোমাই আহে।

দৰংৰ কাৰ্য-কলাপ

১৮০৫ চনত দৰংৰ কৰতলীয়া ৰজা কৃষ্ণনাৰায়ণক ভূটীয়াসকলৰ আগ্ৰাসন ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে তাৎক্ষণিকভাৱে ৰাজধানী যোৰহাটলৈ মাতি পঠোৱা হয়। ৰাজসভাৰ বিয়লি মেলত শ্ৰীনাথ দুৱৰা বৰবৰুৱাই অসমত ভূটীয়াসকলৰ আগ্ৰাসন আৰু ভূটানৰ সীমামূৰীয়া অঞ্চলত বাস কৰা অসমীয়া লোকসকলক সুৰক্ষা দিবলৈ অপাৰগ হৈ কৰ্তব্যত অৱহেলা কৰা বুলি কৃষ্ণনাৰায়ণক জেৰা কৰে। এই বিচাৰত দোষী প্ৰতিপন্ন হোৱাৰ বাবে কৃষ্ণনাৰায়ণক ততালিকে ক্ষমতাচ্যুত কৰি৩৪ তেওঁৰ সম্পৰ্কীয় সমুদ্ৰনাৰায়ণক দৰংৰ শাসনভাৰ অৰ্পণ কৰা হয়। কমলেশ্বৰ সিংহই সমুদ্ৰনাৰায়ণক উপহাৰ আদি দিয়াৰ লগতে ভূটীয়াসকলক দুই ৰাজ্যৰ মাজৰ পুৰণি সীমালৈ বিতাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।৩৫

মাজু আইদেউৰ বিবাহ

তুংখঙিয়া আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ইৰ বংশ অৰ্থাৎ কুৱৈগঞা বুঢ়াগোহাঞি বংশৰ সম্পৰ্ক মজবুত কৰিবৰ বাবে ১৮০৫ চনৰ ডিচেম্বৰ মাহত কমলেশ্বৰ সিংহৰ ভগ্নী মাজু আউদেউক পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ইৰ দ্বিতীয় পুত্ৰলৈ বিয়া দিয়া হয়।৩৬ এই বিবাহৰ পিছৰপৰাই ৰাজ্যত বুঢ়াগোহাঁ‌ইৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পায়।

অসমক কৰতলীয়া ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ

কলীয়া ভোমোৰা বৰফুকনই এই কথা উপলব্ধি কৰে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়েহে আহোম ৰাজ্যৰ সংকট কালত একমাত্ৰ ত্ৰাণকৰ্তা হ'ব পাৰে। তেওঁ ভাৰতৰ আন আন ৰাজ্য যেনে কোচ বিহাৰ ৰাজ্যৰ দৰে কৰতলীয়া ৰাজ্য হিচাপে ইংৰাজৰ সৈতে বুজাপৰা কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ইলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে। ৰাজ্যৰ উচ্চখাপৰ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰা হয় যদিও অসমীয়া জনসাধাৰণে বিদেশী শক্তিৰ আগত নিজৰ স্বাধীনতা বিসৰ্জন দিয়াৰ কথাটো মানি নল'ব বুলি এই প্ৰস্তাৱ অগ্ৰাহ্য কৰা হয়।১৪৩৭

বদনচন্দ্ৰ বৰফুকনৰ নিযুক্তি

কেইদিনমান পাছত জনপ্ৰিয় আৰু সক্ষম কলিয়া ভোমোৰা বৰফুকনৰ মৃত্যু হয়। তেওঁৰ স্থানত পূৰ্বৰ বৰফুকন, বাদন চন্দ্ৰক নতুন বৰফুকন হিচাপে নিযুক্তি দিয়া হয়, যাক তেওঁৰ আৰু তেওঁৰ দুই পুত্ৰ জন্মী আৰু পিয়লিৰ কুখ্যাত কামৰ বাবে নামনি অসমৰ লোকসকলে অতি অপছন্দ কৰিছিল।

প্ৰজাহিতকৰ কাম

কমলেশ্বৰ সিংহৰ শাসনকালত আৰম্ভ হোৱা স্থিৰতা আৰু শান্তিৰ সময়চোৱাই ৰজা আৰু তেওঁৰ মন্ত্ৰীক ৰাজ্যৰ নাগৰিক আৰু ধৰ্মীয় দায়বদ্ধতা পূৰণৰ প্ৰতি তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সুবিধা দিয়ে। গুৱাহাটীৰ চত্ৰকাৰ আৰু কামাখাত মন্দিৰ সাজি এইসমূহৰ দীৰ্ঘকালীন তত্ত্বাৱধানৰ পাইক নিয়োগ কৰে। যোৰহাটে এতিয়া সম্পূৰ্ণ চহৰৰ ৰূপ লোৱাত চহৰখনক অভ্যন্তৰীণ গাঁৱৰ সৈতে সংযোগ কৰা কেইবাটাও পথ নিৰ্মাণ কৰি নতুন গাওঁ স্থাপন কৰা হয়। যোৰহাটৰ পৰা ছয় মাইল পূৱত এখন গাঁৱত হাতী ধৰাৰ বাবে অভিযান আৰম্ভ কৰা হৈছিল। এশ বিশটা হাতী ধৰা এই গাওঁখনে হাতীগড় নাম পায়। .১৪৩৮

তেজপুৰ চহৰৰ পূৱৰ ভোমোৰাগুৰি পাহাৰত কলীয়া ভোমোৰা বৰফুকন বৰফুকনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন সেতু নিৰ্মাণৰ পৰিকল্পনা কৰে।১৪ নিৰ্মাণ স্থানত সকলো যাৱতীয় সামগ্ৰী সংগ্ৰহ কৰা হয় যদিও দুৰ্ভাগ্যজনকভাৱে নিৰ্মাণৰ কাম চলি থাকোঁতে কলিয়া ভোমোৰা বৰফুকনৰ দেহাৱসান ঘটে। ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত চৰকাৰে একে স্থানত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন সেতু নিৰ্মাণ কৰে আৰু এই সেতুৰ নাম কলিয়া ভোমোৰা ৰখা হয়।

সাহিত্যৰ পোষকতা

কমলেশ্বৰ সিংহ আৰু পূৰ্ণানান্দ বুঢ়াগোহাঁই সাহিত্যৰ পৃষ্ঠপোষক আছিল আৰু শ্ৰীকান্ত সূৰ্য-বিপ্ৰই তেওঁলোকৰ পৃষ্ঠপোষকতাতে ৰামায়ণৰ লংকা-কাণ্ড ভাষালৈ অনুবাদ কৰিছিল।৩৮৩৯৪০ বাল্যৱস্থাত কমলেস্বৰ সিংহ আৰু তেওঁৰ সৰু ভাতৃ চন্দ্ৰকান্ত গোহাঁইক নীতিশিক্ষা প্ৰদানৰ বাবে নুমলী ৰাজমাওৰ পৃষ্ঠপোষকতাত বাগীশ ভট্টাচাৰ্য নামৰ এজন পণ্ডিতে বিখ্যাত হিতোপদেশ সংকলিত কৰিছিল।৪০

মৃত্যু

১৮১১ চনৰ জানুৱাৰী মাহত, যোৰহাট আৰু কাষৰীয়া গাঁৱসমূহত বৰআই ৰোগে এক গুৰুতৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। এই ৰোগতেই কমলেশ্বৰ সিংহৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ষোল্ল বছৰ। তেওঁৰ পিছত তেওঁৰ ভাতৃ চন্দ্ৰকান্ত গোহাঁই ৰাজপাটত উঠে।৩৮

তথ্যসূত্ৰ

  1. ↑ Baruah S.L. Last Days of Ahom Monarchy 1993 page 287
  2. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 137
  3. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 193
  4. ↑ Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 287
  5. ↑ Gait 1926, পৃ. 218
  6. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 140
  7. ↑ Barua Gunaviram Assam Buranji or A History of Assam 2008 page 99
  8. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 138
  9. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 139
  10. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 142
  11. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 145
  12. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 146
  13. ↑ Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 274
  14. ↑ Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 285
  15. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 147
  16. ↑ Gait 1926, পৃ. 220
  17. ↑ Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 284
  18. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 148
  19. ↑ Barua Gunaviram Assam Buranji or A History of Assam 2008 page 102
  20. ↑ Gait 1926, পৃ. 223
  21. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 195
  22. ↑ Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 286
  23. ↑ Gait 1926, পৃ. 221
  24. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 152
  25. ↑ Barua Gunaviram Assam Buranji or A History of Assam 2008 page 101
  26. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 153
  27. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 154
  28. ↑ Gait 1926, পৃ. 222
  29. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 174
  30. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 175
  31. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 144
  32. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 178
  33. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 149
  34. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 176
  35. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 177
  36. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 179
  37. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 194
  38. ↑ Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 196
  39. ↑ Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 490
  40. ↑ Bhuyan Dr. S.K. Swargadeo Rajeswar Singha 1975 page 215

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম শাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুক্লিংফা” প্ৰবন্ধৰ সংশোধন ৫২৭৮৫৭ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।