অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

খ্যেক ফুৰালুং

ফুৰালুং বা খ্যেক ফুৰালুং বা খ্যেক ফ্ৰালুং (𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫,অৰ্থ:মহান ড্ৰেগনৰ আৰাধনা) হৈছে টাই-আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ফুৰালুং ধৰ্মৰ এক অনুষ্ঠান যত সৃষ্টিকৰ্তা ড্ৰেগন ফুৰালুংৰ আৰাধনা কৰা হয়।সাধাৰণতে মে-দাম-মে-ফিৰ আগদিনা সন্ধ্যা এই অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ১০১ গছ চাকি জ্বলাই বন্দনা কৰা হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৫ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ফুৰালুং বা খ্যেক ফুৰালুং বা খ্যেক ফ্ৰালুং (𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫,অৰ্থ:মহান ড্ৰেগনৰ আৰাধনা) হৈছে টাই-আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ফুৰালুং ধৰ্মৰ এক অনুষ্ঠান যত সৃষ্টিকৰ্তা ড্ৰেগন ফুৰালুংৰ আৰাধনা কৰা হয়।১সাধাৰণতে মে-দাম-মে-ফিৰ আগদিনা সন্ধ্যা এই অনুষ্ঠান আয়োজন কৰা হয়।২ এই অনুষ্ঠানত ১০১ গছ চাকি জ্বলাই বন্দনা কৰা হয়।৩ আহোম সৃষ্টিৰ পৌৰাণিক আখ্যান অনুসৰি পৰম ঈশ্বৰ ফা তু চিংৰ নিৰ্দেশত তেওঁৰ পুত্ৰ ড্ৰেগন বা ফুৰালুং বা ঙি ঙাও খামে পৃথিৱীৰ সৃষ্টি কৰিছিল।৪ প্ৰাণী উৎসৰ্গা নকৰা বাবে কিছু লোকে ইয়াক বুদ্ধ অনুষ্ঠানৰ সৈতে তুলনা কৰে যদিও মূল গ্ৰন্থ পেয় কাকাত বুদ্ধৰ কোনো উল্লেখ নথকাৰ আৰু পৃথক সৃষ্টিৰ আখ্যানৰ বাবে বহু ম'-লুঙে ইয়াক ভুল তুলনা বুলি বিবেচনা কৰে।৫

নাম

ফুৰালুং শব্দৰ অৰ্থ হৈছে বিশ্বৰ ঐক্যবদ্ধ শক্তিৰ মহান ড্ৰেগন।৬ ফুৰা মানে বিশ্বৰ ঐক্যবদ্ধ শক্তি আৰু লুং মানে ড্ৰেগন।

বিৱৰণ

সৃষ্টিকৰ্তাজনক ব্যক্তিহিন বুলি বিশ্বাস কৰা হয় আৰু তেঁওক সন্তুষ্ট কৰিবলৈ কোনো পাৰ্থিৱ প্ৰসাদৰ ব্যৱহাৰ কৰা নহয়। বৰঞ্চ পোহৰৰ ব্যৱহাৰ কৰা হয়।৭ তেঁওক ঈশ্বৰীয় পোহৰ বুলি বিশ্বাস কৰা হয় সেয়েহে তেঁওক আৰাধনা কৰোতে ১০১ গছ চাকি জ্বলোৱা হয়।৮

উৎস প্ৰসংগ

  1. Gogoi, Shrutashwinee. (2011). Tai ahom religion a philosophical study

তথ্যসূত্ৰ

  1. ↑ (February 1, 2024). Me-Dam-Me-Phi Observed With Religious Fervour Across State. The Hills Times
  2. ↑ (February 1, 2024). Me-Dam-Me-Phi Observed With Religious Fervour Across State. The Hills Times
  3. ↑ Gogoi 2011, পৃ. 129
  4. ↑ বৰুৱা (১৯৩০) পৃষ্ঠা ২ (টাই আহোম ভাষা, ইংৰাজী ভাষা ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  5. ↑ বৰগোহাঞি যতীন্দ্ৰ কুমাৰ. অসমৰ উৎসৱ আৰু
  6. ↑ Gogoi, Dr. Lakhimi. (February 6, 2019). DEITIES OF AHOM. ResearchGate
  7. ↑ Gogoi 2011, পৃ. 121
  8. ↑ Gogoi 2011, পৃ. 121

সম্পৰ্কিত শ্ৰেণী

টাই আহোম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খ্যেক ফুৰালুং” প্ৰবন্ধৰ সংশোধন ৫৪০২৩৪ (২৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।