ৰিক খ্ৱন (ইংৰাজী ভাষা:Rik Khwan)হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি (সাধাৰণতে দীৰ্ঘ আয়ুস বুলি ধৰা হয়) স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়।১ নতুনকৈ চাওফাৰ আসন লাভ কৰাৰ সময়ত বা ৰণত জয়লাভ কৰাৰ পিছত অথবা কোনো অমঙ্গলৰ পৰা হাত সাৰি দীৰ্ঘ জীৱন লাভৰ কামনা কৰি এই উৎসৱ পতা হৈছিল।২
নিয়মাৱলী
এখন সুসজ্জিত চাঙৰ ওপৰত চাওফাজন বহি থাকে। ম'লৌঙ সকলে মন্ত্ৰপুত পানী ৰজাৰ মূৰত ঢালি দিয়ে। চাঙৰ তলত দুগৰাকী মানুহ বহি থাকে।২ ৰজাৰ মূৰত ঢলা পানী ৰজাৰ গাৰে বৈ গৈ সিহঁতৰ মূৰত পৰে। স্নানৰ শষত ৰজাৰ সাজ-পাৰ সলাই নতুন সাজ-পাৰ লয়। সিহঁতক এচৰু চৰু সোণ আৰু এচৰু ৰূপ দি ৰাজ্যৰ বাহিৰ কৰি খেদি দিয়া হয়। মানুহৰ বিশ্বাস যে সিহঁতে ৰজা আৰু ৰাইজৰ অমঙ্গল নেওচি লৈ যায়। সেই কাৰণে তেওঁলোকক নেওচা যোৱা বোলে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিক খ্বন” প্ৰবন্ধৰ সংশোধন ২৭৯৩৫১ (২৮ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।