অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুণ্যেউফা

চুণ্যেউফা, চ্যু-ণ্যেউ-ফা (১৭৬৯–১৭৮০) বা লক্ষ্মী সিংহ আছিল আহোম সাম্ৰাজ্যৰ এজন ৰজা আৰু পূৰ্বৰ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুত্ৰ। তেওঁৰ পূৰ্বসূৰী স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ ৰাজপাটত বহে আৰু বৰকুঁ‌ৱৰী কুৰংগনয়নীক বিবাহ কৰায়।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চুণ্যেউফা, চ্যু-ণ্যেউ-ফা (১৭৬৯–১৭৮০) বা লক্ষ্মী সিংহ আছিল আহোম ৰাজ্যৰ এজন ৰজা আৰু পূৰ্বৰ স্বৰ্গদেৱ চুখ্ৰংফাৰ পুত্ৰ। তেওঁৰ পূৰ্বসূৰী স্বৰ্গদেৱ চুৰেম্‌ফাৰ মৃত্যুৰ পিছত তেওঁ ৰাজপাটত বহে আৰু বৰকুঁ‌ৱৰী কুৰংগনয়নীক বিবাহ কৰায়। সিংহাসনত বহাৰ কিছুদিন পিছতেই মোৱামৰীয়া বিদ্ৰোহৰ ফলত তেওঁ সিংহাসনচ্যুত হৈ বন্দী হ'বলগাত পৰে। ইয়াৰে কিছুমাহৰ পিছত কুৰংগনয়নীৰ সহায়ত বিদ্ৰোহীসকলক দমন কৰি বিদ্ৰোহৰ নেতা ৰাঘ বৰবৰুৱাক ক্ষমতাচ্যুত কৰি হেৰুৱা সিংহাসন পুনৰুদ্ধাৰ কৰে।

তথ্য সংগ্ৰহ

  • Gogoi, Padmeshwar. (1968). The Tai and the Tai Kingdoms. Gauhati University

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম শাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুণ্যেউফা” প্ৰবন্ধৰ সংশোধন ৫২৭৮৫৫ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।