অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

লাক-নি

লাক-নি হল টাই-আহোম সকলৰ পৰম্পৰাত বৰ্ষপঞ্জী। আহোম সাহিত্য আৰু বুৰঞ্জীসমূহত দিন-তাৰিখ সমুহ লাক-নি প্ৰথাতে লিখা হৈছিল। মুঠ ষাঠিটা লাক-নি মিলি এটা তাও ছি ঙা (আৱৰ্তন) পূৰ্ণ হয়। ষাঠি বছৰীয়া আৱৰ্তনৰ এই প্ৰথা চীনা তথা অইন এছীয় দেশ সমূহতো দেখা যায়। লাক-নি প্ৰথাত মুঠ বাৰটা মাহ আৰু দহটা বাৰ থাকে।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

লাক-নি হল টাই-আহোম সকলৰ পৰম্পৰাত বৰ্ষপঞ্জী। টাই-আহোম সাহিত্য আৰু বুৰঞ্জীসমূহত দিন-তাৰিখ সমুহ লাক-নি প্ৰথাতে লিখা হৈছিল।১ মুঠ ষাঠিটা লাক-নি মিলি এটা তাও ছি ঙা (আৱৰ্তন) পূৰ্ণ হয়। ষাঠি বছৰীয়া আৱৰ্তনৰ এই প্ৰথা চীনা তথা অইন এছীয় দেশ সমূহতো দেখা যায়।২ লাক-নি প্ৰথাত মুঠ বাৰটা মাহ আৰু দহটা বাৰ থাকে।৩

টাই-আহোম সপ্তাহ

পৰম্পৰাগত টাই-আহোম লাক-নি প্ৰথাত এটা সপ্তাহত মুঠ দহটা বাৰ থাকে। অন্যহাতে প্ৰায়বোৰ দিনপঞ্জি ব্যৱস্থাত সাতটা বাৰ দেখা যায়। টাই-আহোম বাৰসমূহ তলত দিয়া হৈছে৩:-

ক্ৰমিকঅসমীয়া লিপিতটাই-আহোম লিপিত
১বান কাপ𑜈𑜃𑜫 𑜀𑜆𑜫
২বান দাপ𑜈𑜃𑜫 𑜓𑜆𑜫
৩বান ৰাই𑜈𑜃𑜫 𑜍𑜩
৪বান মু'ঙ𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫
৫বান প্লেক𑜈𑜃𑜫 𑜆𑜢𑜤𑜀
৬বান কাত𑜈𑜃𑜫 𑜀𑜄𑜫
৭বান খুত𑜈𑜃𑜫 𑜁𑜤𑜄𑜫
৮বান ৰুং𑜈𑜃𑜫 𑜍𑜤𑜂𑜫
৯বান তাউ𑜈𑜃𑜫 𑜄𑜰𑜫
১০বান কা𑜈𑜃𑜫 𑜀𑜡

ডু'ন

লাক-নি প্ৰথাত মাহ সমূহক ডু'ন বুলি কোৱা হয়। লাক-নি প্ৰথাত মুঠ ১২টা মাহ থাকে।৪টাই আহোম নববৰ্ষৰ প্ৰথমটো মাহৰ নাম ডু'ন-চিঙ।৫ এই মাহ ইংৰাজী নৱেম্বৰ-ডিচেম্বৰ মাহত পৰে।

ক্ৰমিকঅসমীয়া লিপিতটাই-আহোম লিপিতইংৰাজী মাহ
১ডু'ন-চিঙ𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜂𑜫নৱেম্বৰ-ডিচেম্বৰ
২ডু'ন-কাম𑜓𑜢𑜤𑜃𑜫 𑜀𑜪ডিচেম্বৰ-জানুৱাৰী
৩ডু'ন-ছাম𑜓𑜢𑜤𑜃𑜫 𑜏𑜪জানুৱাৰী-ফেব্ৰুৱাৰী
৪ডু'ন-ছি𑜓𑜢𑜤𑜃𑜫 𑜏𑜢ফেব্ৰুৱাৰী-মাৰ্চ
৫ডু'ন-হা𑜓𑜢𑜤𑜃𑜫 𑜑𑜡মাৰ্চ-এপ্ৰিল
৬ডু'ন-ৰুক𑜓𑜢𑜤𑜃𑜫 𑜍𑜤𑜀𑜫এপ্ৰিল-মে'
৭ডু'ন-চিত𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜄𑜫মে'-জুন
৮ডু'ন-পেট𑜓𑜢𑜤𑜃𑜫 𑜆𑜢𑜤𑜄𑜫জুন-জুলাই
৯ডু'ন-কাও𑜓𑜢𑜤𑜃𑜫 𑜀𑜰𑜫জুলাই-আগষ্ট
১০ডু'ন-ছিপ𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫আগষ্ট-ছেপ্টেম্বৰ
১১ডু'ন-ছিপ-ইট𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜒𑜪𑜄𑜫ছেপ্টেম্বৰ-অক্টোবৰ
১২ডু'ন-ছিপ-ছং𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜁অক্টোবৰ-নৱেম্বৰ

তাও ছি ঙা

আহোম বৰ্ষপঞ্জীত তাও ছি ঙা হৈছে এটা ষাঠি বছৰীয়া আৱৰ্তন। এটা তাও ছি ঙাত মুঠ ৬০টা বছৰ বা লাক-নি থাকে।

লগতে চাওক

উৎস প্ৰসংগ

  1. Mohan Phukan, Medini Madhab Dulen. (2016). Lao kham Tai Ngai Ngai A book of spoken Tai language. Northeast Tai Literary Association (Ban Oak Pup Lik Moung Tai)
  2. Morey, Stephen. (2015). Metadata and endangered archives: lessons from the Ahom Manuscripts Project In: From Dust to Digital: Ten Years of the Endangered Archives Programme (online).. Open Book Publishers. ISBN 978-2-8218-7626-2
  3. Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies
  4. Baruah, GC. (1930). Ahom-Buranji

তথ্যসূত্ৰ

  1. ↑ Baruah 1930
  2. ↑ Nussbaum, Louis-Frédéric (2005). "Jikkan-jūnishi". Japan Encyclopedia. Translated by Roth, Käthe. p. 420. ISBN 9780674017535
  3. ↑ Mohan Phukan 2016, পৃ. 84
  4. ↑ Phukan Baruah 1964, পৃ. 193
  5. ↑ Phukan Baruah 1964, পৃ. 193

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম সাহিত্যবৰ্ষপঞ্জী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাক-নি” প্ৰবন্ধৰ সংশোধন ৫২৭৮৬৩ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।