অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়াচিংফা

য়াচিংফা (𑜊𑜡 𑜏𑜢𑜂𑜫 𑜇𑜡,Ya Sing Pha, অন্য উচ্চাৰণ: যাছিংফা) হৈছে তাঈ আহোমসকলৰ বাবে এগৰাকী পূজনীয় পূৰ্বপুৰুষ যাক জ্ঞান, ব্যাকৰণ প্ৰণেতা, শিল্পী আৰু সাহিত্যৰ প্ৰণেতা বুলি ধৰা হয়। তেওঁ উচ্চ সাহিত্যৰ প্ৰণেতা আছিল। তাঈ সাহিত্যৰ বৃদ্ধি আৰু বিকাশত তেখেতৰ যথেষ্ট বৰঙনি আছে বুলি ধৰা হয়।

হালনাগাদ: ২ আগষ্ট ২০২৪ ৪৪২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

য়াচিংফা (𑜊𑜡 𑜏𑜢𑜂𑜫 𑜇𑜡,Ya Sing Pha, অন্য উচ্চাৰণ: যাছিংফা) হৈছে তাঈ আহোমসকলৰ বাবে এগৰাকী পূজনীয় পূৰ্বপুৰুষ যাক জ্ঞান, ব্যাকৰণ প্ৰণেতা, শিল্পী আৰু সাহিত্যৰ প্ৰণেতা বুলি ধৰা হয়।১ তেওঁ উচ্চ সাহিত্যৰ প্ৰণেতা আছিল। তাঈ সাহিত্যৰ বৃদ্ধি আৰু বিকাশত তেখেতৰ যথেষ্ট বৰঙনি আছে বুলি ধৰা হয়।১ তেখেতে ফা তু চিং ফ্ৰঙ হমক বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি বুলি উল্লেখ কৰিছিল আৰু সেই প্ৰথা অনুসৰিয়ে আজিও ফ্ৰালুং ধৰ্মৰ পন্থী সকলে ফা তু চিং ফ্ৰঙ হমক বিশ্বাস কৰে।১২ yasingfa মুং ফীত (বৰ্তমান চীনৰ অন্তৰ্গত) বসবাস কৰিছিল লগতে তেওঁ হীৰাৰ ফুল চুলিত লগাইছিল। ৩ য়াচিংফা চেং খাম নামেৰে আহোমসকলৰ প্ৰাচীন পূৰ্বপুৰুষসকলকো বুজোৱা হয় যি আছিল উল্লিখিত ক্ষেত্ৰসমূহত সুনিপুণ।৪৫ মুঙ-ফিৰ শাসক লেংডনেও কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে য়াচিংফাৰ মতামত লৈছিল বুলি আখ্যানসমূহত পোৱা যায়। গোলাপ চন্দ্ৰ বৰুৱাৰ আহোম বুৰঞ্জীত উল্লেখ আছে যে লেংডনে নিজৰ বংশধৰসকলক পৃথিৱীত ৰাজত্ব কৰিবলৈ স্থাপন কৰাৰ আগতে য়াচিংফাৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। সেইমতে য়াচিংফাই এই বিষয়ে লেংডনক সেই সময়ৰ পৰাক্ৰমী ৰজা খেংকখামৰ পৰামৰ্শ ল’বলৈ উপদেশ দিছিল।৪ আহোমসকলৰ সৃষ্টি পুনৰ্নিৰ্মাণ তত্ত্ব লাইতোত লেংডনে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা কৰাৰ আগতে অন্যান্য দেৱ-দেৱীৰ লগতে য়াচিংফাৰ মতামত লোৱাৰ কথা পোৱা যায়।৬

য়া চিং ফাৰ উপদেশ

যেতিয়া আহোমৰ পূৰ্বপুৰুষ খুনলুং আৰু খুনলাইয়ে মৌঙ ফি (বৰ্তমানৰ চীনৰ বাই-য়ু সকল বসবাস কৰা স্থান) এৰি মৌঙ ৰি (বৰ্তমান চীনৰ চিপ-চং-পান-না) নামি আহিছিল তেতিয়া য়া-চিং-ফাই উপদেশ দিছিল - ''তোমালোকে শাসন কৰিবলৈ গৈ মৌঙ ফিৰ শাসক ফা-নুৰো লেংডনক পাহৰি নাযাবা তোমালোকৰ ৰাজ কাৰেংটো শিঙৰী কাঠেৰে সাজিবা এই কাঠেৰেই কং লৌঙ (বৰঢোল) সাজিবা আভিষেকৰ সময়ত চুম ফা ৰৌঙ চেং মৌঙক ডিঙিত ওলমাই লবা'' এইদৰে কৈ য়ে চেং ফাই বৰ ৰাজকোঁৱৰ খুনলুঙক চুম ফা ৰৌঙ চেং মৌঙক লেংডনৰ পৰা আনি দিছিল যিটো বংশক্ৰমে চাওলুং চুকাফাই পায় আৰু আনি অসমত স্থাপন কৰে।৭৮

খ্যেক য়াচিংফা

আহোম ৰজা আৰু সাধাৰণ লোক উভয়ে য়াচিংফাক সন্মান কৰিছিল আৰু আহোম স্বৰ্গদেউসকলে কোনো গুৰুত্বপূৰ্ণ কাৰ্য যেনে যুদ্ধ ঘোষণা, সন্ধি বা সম্ভাৱ্য বিপদৰ সন্মুখীন হোৱাৰ আগতে য়াচিংফাৰ উপাসনা কৰিছিল। আহোম পুৰোহিত অৰ্থাৎ দেওধাই-বাইলুংসকলে বান-চেং কৰোঁতে (ভৱিষ্যকথন) আৰু যুদ্ধ-বিগ্ৰহৰ সময়ত কুকুৰা ঠেঙেৰে মঙ্গল চোৱাৰ আগতে য়াচিংফালৈ এখন শৰাই আগবঢ়াইছিল। বুৰঞ্জীত আহোম ৰজা চুচেংফা, চ্যু-পং-মু'ঙ আৰু চুণেণফাই ক্ষেক য়াচিংফা কৰাৰ বিষয়ে পোৱা যায়। ইয়াৰে পিছৰ ৰজাইকেইজনে দুবাৰকৈ য়াচিংফা পূজা কৰিছিল। স্বৰ্গদেৱ চুহুংমুঙে চুতীয়াসকলৰ সৈতে হোৱা যুদ্ধৰ আগেয়ে য়াচিংফাৰ পূজা কৰি ভৱিষ্যকথনৰ সহায় লৈছিল আৰু যুদ্ধত বিজয়ী হৈছিল। সাধাৰণ লোকসকলে সন্তানৰ শিক্ষাৰম্ভ কৰাৰ সময়ত ক্ষেক য়াচিংফা কৰিছিল।৪ বৰ্তমান কোনো গুৰুত্বপূৰ্ণ ঘটনা বা কাৰ্যৰ সুফল কামনা কৰিও খ্যেক য়াচিংফা কৰা হয়।৯

পাকঘৰত দক্ষিণ দিশত আঁৰকাপোৰ এখনৰ আঁৰত মাটিৰ এটা ঢিপ সাজি সম্পন্ন কৰা হৈছিল। য়াচিংফাৰ উদ্দেশ্যে কুমলীয়া বাঁহৰ সৰু চাল এখন সাজি কলপাতত থুৰীয়া তামোল, মিঠাতেলৰ সৈতে চাউল আৰু আদা, এখন মাইহাঙত তিনিভাগ ৰহি, তিনিটা কুকুৰাৰ কণী আৰু এগছি মাটিৰ চাকি আগবঢ়োৱা হয়।৪

উম-ফা পূজাত লেংডনৰ লগতে য়াচিংফাকো পূজা আগবঢ়োৱা হয়। আহোমসকলৰ পৰম্পৰাগত বিবাহ পদ্ধতিতো দৰাৰ ঘৰলৈ কইনা গৈ পোৱাৰ পিছত দেৱতা লাংকুৰি, লাৰেং, জান চাই হুং আৰু লেংডনৰ লগতে য়াচিংফাক এখন শৰাইত পাণ তামোল আৰু এগছি বান-ফাইৰে (মাটিৰ চাকি) সেৱা জনোৱা হয়।

লগতে চাওক

উৎস প্ৰসংগ

  • গগৈ, পদ্মেশ্বৰ. (১৯৭৬). তাঈ আহোম ৰিলিজীয়ন এণ্ড কাষ্টম. পাব্লিকেচন বৰ্ড, গুৱাহাটী,অসম
  • গগৈ, নিতুল কুমাৰ. (২০০৬). কন্তিনিউতি এণ্ড ছেনজেজ এমঙ দা আহোম. কনচেপ্ট পাব্লিছিং কোম্পানী. ISBN 9788180692819
  • হাজৰিকা, নগেন. অবৌৰঞ্জীক. পৃথিৱী প্ৰকাশন,বেলতলা বজাৰ,গুৱাহাটী-২৮
  • হাজৰিকা, নগেন. (১৩ জুন ২০০২). বিভিন্ন ধৰ্মৰ বুৰঞ্জী. শুন খাম ঙাম প্ৰকাশন, মূলগাভৰু পথ,হাটীগাঁও গুৱাহাটী

তথ্যসূত্ৰ

  1. ↑ হাজৰিকা, নগেন. অবৌৰঞ্জীক. পৃথিৱী প্ৰকাশন,বেলতলা বজাৰ,গুৱাহাটী-২৮
  2. ↑ (১৯৯৮). চচিয়েল মুভমেণ্ট ইন নৰ্থ-ইষ্ট ইণ্ডিয়া. ইণ্ডাছ পাবলিছিঙ, ১৯৯৮. পৃ. ১৫৬-১৫৯. ISBN 978-8173870835
  3. ↑ বৰুৱা, জি চি, আহোম বুৰঞ্জী. পৃ. ৫
  4. ↑ Sarma Bijoy. A historical study of the festivals of the ahom community of assam. Shodhganga
  5. ↑ Gogoi, Shrutashwinee. Tai ahom religion a philosophical study. shodhganga.inflibnet.ac.in
  6. ↑ হিতেশ্বৰ বৰবৰুৱা. (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃ. ৪২৪-৪২৮. ISBN 978-93-84733-87-2
  7. ↑ হাজৰিকা, নগেন. (১৩ জুন ২০০২). বিভিন্ন ধৰ্মৰ বুৰঞ্জী. শুন খাম ঙাম প্ৰকাশন, মূলগাভৰু পথ,হাটীগাঁও গুৱাহাটী
  8. ↑ গগৈ, শ্ৰুতস্বীনী. (২০১১). তাঈ আহোম ৰিলিজীয়ন এ ফিলচফীকেল ষ্টাডি. পৃ. ১৯
  9. ↑ (2 August 2021). লাভলীনাৰ সফলতা কামনাৰে নাৰায়ণপুৰত য়াচিংফা পূজা. etvbharat.com

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়াচিংফা” প্ৰবন্ধৰ সংশোধন ৪২৭৬৪৭ (২ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।