অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লেংডন

চাই ৰে ফা চাং ডাম ঙি ৰিং লেংডন (চমুকৈ: লেংডন, বা ফা নুৰু ফুৰা লেংডন, ইংৰাজী: Lengdon) আহোমসকলৰ পূৰ্বপুৰুষ আৰু চাং বংশৰ সম্ৰাট আছিল যি মৌঙ ফি বা চুং কোৱ (মধ্য সাম্ৰাজ্য প্ৰাচীন চীনদেশৰ) সাম্ৰাজ্যখনৰ শাসক আছিল। তেখেতৰ পিতৃ সম্ৰাট চেং নুঙ এজন মহান শাসক আছিল।

হালনাগাদ: ২৬ জানুৱাৰী ২০২৪ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চাই ৰে ফা চাং ডাম ঙি ৰিং লেংডন (চমুকৈ: লেংডন, বা ফা নুৰু ফুৰা লেংডন, ইংৰাজী ভাষা: Lengdon) আহোমসকলৰ পূৰ্বপুৰুষ আৰু চাং বংশৰ সম্ৰাট আছিল যি মৌঙ ফি বা চুং কোৱ (মধ্য সাম্ৰাজ্য প্ৰাচীন চীনদেশৰ) সাম্ৰাজ্যখনৰ শাসক আছিল। ১২ ৩তেখেতৰ পিতৃ সম্ৰাট চেং নুঙ এজন মহান শাসক আছিল। সম্ৰাট চেং নুঙৰ পুত্ৰৰ নাম আছিল হাং-টি আৰু হাং-টি পিছলৈ গৈ মৌঙ ফিৰ শাসনভাৰ লাভ কৰে আৰু লেংডন বুলি খ্যাত হয়। হাং-টি শব্দৰ অৰ্থ হল স্বৰ্গপুত্ৰ। হাং-টি বহুত শান্তিপ্ৰিয় আছিল। তেখেতৰ এখন বাগিচা আছিল যত কাই চেং (ফিনিক্স পক্ষীয়ে) বাঁহ সাজিছিল আৰু ৰাজকাৰেংৰ মুধত ছাকৈছকুৱা চৰায়ে গান গাইছিল বুলি লোককথা প্ৰচলিত। তেখেতে প্ৰকৃতিৰ শক্তি অৰ্থাৎ ফিৰ উপাসনাৰ বাবে বহুত বৃহৎ এটা হ'-ফি নিৰ্মান কৰিছিল।

কৰ্মজীৱন

তেখেতে ৭৭ বছৰ বয়সলৈকে মৌঙ ফিত শাসন কৰিছিল।তেখেতৰ পত্নী অৰ্থাৎ মৌঙ ফিৰ সম্ৰাগ্য়ীয়ে পাট পলুৰ উৎপাদন কৰাৰ দায়িত্ব লৈছিল। সেয়ে তেখেতে হ'-ফিৰ উত্তৰ ফালৰ নুনি পলুৰ এখন উদ্যান গঢ়ি তুলিছিল যাক সম্ৰাগ্য়ীৰ বন বুলি কোৱা হৈছিল আৰু দক্ষিণ ফালৰ এখন উদ্যান আছিল যত ফলমূল মাহ ঘেঁহু আদি উৎপাদন কৰিছিল আৰু এইবোৰ সম্ৰাগ্য়ী আৰু অন্যান্য মহিলা সকলে চোৱাচিতা কৰিছিল। তেখেতৰ ভায়েকৰ নাম আছিল থেন খাম। থেন খামৰ দুই পুত্ৰ আই খুনলুং আৰু ঙি খুনলাইক নামনি অঞ্চললৈ (বৰ্তমানৰ দক্ষিণ চীন) শাসন কৰিবলৈ লেংডনে পঠাইছিল আৰু তেওঁলোকেই টাই সভ্যতাৰ অগ্ৰগতি ঘটাই। তেওঁ এশ বছৰ বয়সত মৃত্যু ঘটিছিল।

লগতে চাওক

উৎস প্ৰসংগ

তথ্যসূত্ৰ

  1. ↑ গগৈ,ফুকে এপ্ৰিল ২০১৭
  2. ↑ গগৈ ২০১১, পৃ. ২০
  3. ↑ গগৈ ১৯৭৬

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেংডন” প্ৰবন্ধৰ সংশোধন ৪০৩৫৯৯ (২৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।