বাঙালী জাতি (বাঙ্গালী/বাঙালি ), বঙালী জাতি, বাঙালী লোক বা বঙালী লোক১২ এটি ভাৰতীয়-আৰ্য জাতিগত আৰু ভাষাগত গোট যাৰ উৎস আৰু সাংস্কৃতিক কেন্দ্ৰ দক্ষিণ এছিয়াৰ বংগ অঞ্চল। বৰ্তমানে বাঙালী জাতিৰ লোক স্বাধীন বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা তথা অসম, মেঘালয় আৰু মণিপুৰৰ কিছু কিছু অংশত বিয়পি আছে।৩ প্ৰায় বাঙালী লোকে বঙালী ভাষা কয়, যি ভাৰতীয়-আৰ্য গোষ্ঠীৰ এটি ভাষা।
জনসংখ্যা আৰু ভৌগোলিক বিতৰণ
জনসংখ্যাৰ ফালৰ পৰা বাঙালী জাতি বিশ্বৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ, হান চীনা আৰু আৰবৰ পাছত।৪ বিশ্বত প্ৰায় ২৮৫ নিযুত বাঙালী লোক আছে।৫৬৭ বাঙালী জাতি ভাৰতীয়-আৰ্যসকলৰ মাজত আৰু দক্ষিণ এছিয়াত সৰ্ববৃহৎ জাতি। বাঙালী লোক বৃহৎ সংখ্যাত বাংলাদেশৰ (১৬৬৮৪০৩০২ জন৮৯) লগতে ভাৰতৰ (১০৭২২৮৯১৭ জন১০১১) পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা আৰু মণিপুৰ ৰাজ্যত আছে। তদুপৰি, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জত বাঙালী লোকৰ সংখ্যাগড়িষ্ঠতা আছে। অৰুণাচল প্ৰদেশ, দিল্লী, ওড়িশা, ছত্তীসগঢ়, ঝাৰখণ্ড, মিজোৰাম, নাগালেণ্ড আৰু উত্তৰাখণ্ড তথা নেপালৰ প্ৰান্ত ১তো বাঙালী লোকৰ লেখত ল'বলগীয়া সংখ্যালঘু জনসংখ্যা আছে।১২ প্ৰব্ৰজনকাৰী বাঙালীৰ মধ্যপ্ৰাচ্য, পাকিস্তান, ম্যানমাৰ, যুক্তৰাজ্য, যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, ইটালী, চিংগাপুৰ, মালদ্বীপ, কানাডা, অষ্ট্ৰেলিয়া, জাপান আৰু দক্ষিণ কোৰিয়াতো সু-প্ৰতিষ্ঠিত গোষ্ঠী আছে।
ধৰ্ম
ধৰ্মৰ ক্ষেত্ৰত বাঙালী লোকৰ মাজত ভালেমান বৈচিত্ৰ্য দেখা যায়। প্ৰায় ৬৭% বাঙালী লোক ইছলাম ধৰ্মাৱলম্বী। আন বাঙালীৰ মাজত হিন্দু ধৰ্ম সৰ্ববৃহৎ ধৰ্ম। বাঙালী মুছলিমৰ সৰহসংখ্যক বাংলাদেশত থাকে। তাৰেই মাজত ছুন্নীসকলৰ সংখ্যাগড়িষ্ঠতা। বাঙালী হিন্দুৰ সৰহসংখ্যক ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা আৰু আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জত থাকে। বাঙালী হিন্দুসকলে মুখ্যতঃ শাক্ত ধৰ্ম আৰু একশৰণ নাম ধৰ্মৰ পালন কৰে, যদিও লগতে স্থানীয় দেৱতাৰো আৰাধনা কৰা হয়।১৩১৪১৪ কম সংখ্যাত বাঙালী খ্ৰীষ্টানো পোৱা যায়, যাৰ গড়িষ্ঠসংখ্যকেই পৰ্টুগীজ ভ্ৰমণকাৰীৰ বংশধৰ। তদুপৰি বাঙালী বৌদ্ধ লোকো পোৱা যায়, যি সাধাৰণতে চিট্টাগং আৰু ৰাখাইনত বাস কৰা বাংলাভাষী বৰুৱা।
তথ্যসূত্ৰ
- ↑ (2010). Part I: The Republic – The Constitution of the People's Republic of Bangladesh. Ministry of Law, Justice and Parliamentary Affairs
- ↑ (2010). Part I: The Republic – The Constitution of the People's Republic of Bangladesh. Ministry of Law, Justice and Parliamentary Affairs
- ↑ Khan, Muhammad Chingiz. (15 July 2017). Is MLA Ashab Uddin a local Manipuri?. Tehelka. পৃ. 36–38
- ↑ roughly 163 million in Bangladesh and 100 million in India (CIA Factbook 2014 estimates, numbers subject to rapid population growth); about 3 million Bangladeshis in the Middle East, 2 million Bengalis in Pakistan, 0.4 million British Bangladeshi
- ↑ Bangladesh wants Bangla as an official UN language: Sheikh Hasina - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (27 September 2010). General Assembly hears appeal for Bangla to be made an official UN language
- ↑ (28 September 2010). Hasina for Bengali as an official UN language. Ummid.com. Indo-Asian News Service
- ↑ Bangladesh Population 2022 (Demographics, Maps, Graphs)
- ↑ South Asia:: Bangladesh. Cia.gov. Central Intelligence Agency
- ↑ Census of India Website: Office of the Registrar General & Census Commissioner, India. Censusindia.gov.in
- ↑ (29 June 2018). Scheduled Languages in descending order of speaker's strength – 2011. Registrar General and Census Commissioner of India
- ↑ 50th Report of the Commissioner for Linguistic Minorities in India. nclm.nic.in. Ministry of Minority Affairs
- ↑ McDermott, Rachel Fell. (2005). Bengali religions. Encyclopedia of Religion: 15 Volume Set. MacMillan Reference USA. পৃ. 826. ISBN 0-02-865735-7
- ↑ Frawley, David. (18 October 2018). What Is Hinduism?: A Guide for the Global Mind. Bloomsbury Publishing. পৃ. 26. ISBN 978-93-88038-65-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঙালী জাতি” প্ৰবন্ধৰ সংশোধন ৫৮৯৭৫৭ (১৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।