Articles with hAudio microformats
৮ প্ৰবন্ধ
-
স্পেইন
স্পেইন (España বা স্পেইন ৰাজ্য (Reino de España) হৈছে ইউৰোপ মহাদেশৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এখন ৰাষ্ট্ৰ। চৰকাৰৰ প্ৰকাৰ অনুসৰি, দেশখন এখন সংসদীয় গণতান্ত্ৰিক ৰাজতন্ত্ৰ। ই আইবেৰিয়ান উপদ্বীপৰ প্ৰায় ৮৫% অঞ্চল সামৰি লয়।
-
জাপানী ভাষা
জাপানী (日本語, Nihongo) থলুৱা ভাষা হিচাপে প্ৰায় ১২.৮ কোটি লোকে কয়, মূলতঃ জাপানী লোকে আৰু প্ৰধানকৈ জাপানত, একমাত্ৰ দেশ য'ত ই জাতীয় ভাষা। জাপানী ভাষা জাপনিক বা জাপানী-ৰ্যুকিউয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত।
-
বংগ
বংগ (বাংলা ভাষাত: বঙ্গ/ বাংলা) এটি ভৌগোলিক, সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল, যি দক্ষিণ এছিয়াৰ পূব দিশে স্থিত, বংগোপসাগৰৰ উত্তৰ দিশে। ই ঘাইকৈ বৰ্তমানৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ ৰাজ্য সামৰে। ভৌগোলিকভাৱে, ই গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপ সামৰে, যি বিশ্বৰ সৰ্ববৃহৎ ব-দ্বীপ।
-
বাঙালী জাতি
বাঙালী জাতি (বাঙ্গালী/বাঙালি ), বঙালী জাতি, বাঙালী লোক বা বঙালী লোক এটি ভাৰতীয়-আৰ্য জাতিগত আৰু ভাষাগত গোট যাৰ উৎস আৰু সাংস্কৃতিক কেন্দ্ৰ দক্ষিণ এছিয়াৰ বংগ অঞ্চল। বৰ্তমানে বাঙালী জাতিৰ লোক স্বাধীন বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা তথা অসম, মেঘালয় আৰু মণিপুৰৰ কিছু কিছু অংশত বিয়পি আছে।
-
চেংগিজ খান
চেংগিজ খান (জন্মতে টেন্মুজিন, c. ১১৬২ ১৮ আগষ্ট, ১২২৭) মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহান খান। এই সাম্ৰাজ্য তেখেতৰ মৃত্যুৰ পাছত বিশ্বৰ ইতিহাসৰ সৰ্ববৃহৎ ভৌগোলিকভাৱে সংযুক্ত সাম্ৰাজ্যত পৰিণত হ'ল।
-
আৰ্টোৰ শ্ব'পেনহাৱাৰ
আৰ্টোৰ শ্ব'পেনহাৱাৰ ((, ) ঊনবিংশ শতিকাৰ এগৰাকী জাৰ্মান দাৰ্শনিক। তেওঁৰ আতাইতকৈ ইখ্যাত কৰ্ম হ'ল ১৮১৮ চনত প্ৰকাশিত আৰু ১৮৪৪ চনত বিস্তাৰিত দ্য ৱৰ্লড এজ ৱিল এণ্ড ৰিপ্ৰেজেণ্টেশ্যন। এই কৰ্মত তেওঁ দৃশ্য জগতক এক অন্ধ তাত্ত্বিক ইচ্ছাৰ ফল বুলি যুক্তি দাঙি ধৰিছে।
-
বিনায়ক দামোদৰ সাভাৰকাৰ
বিনায়ক দামোদৰ সাভাৰকাৰ আছিল এগৰাকী ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী। তেওঁক বীৰ সাভাৰকাৰ বুলিও জনা যায়। সাভাৰকা পেছাত এজন অধিবক্তা আছিল। ১৮৮৩ চনৰ ২৮ মে’ত মুম্বাইৰ নাছিকত তেওঁৰ জন্ম হৈছিল। ১৯৬৬ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়।
-
চেলিম ডুৰানি
চেলিম আজিজ ডুৰানি (১১ ডিচেম্বৰ ১৯৩৪ - ২ এপ্ৰিল ২০২৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আছিল৷ তেওঁ ১৯৬০ চনৰ পৰা ১৯৭৩ চনলৈ ২৯খন টেষ্ট মেট্চ খেলিছিল। অল-ৰাউণ্ডাৰ হিচাপে খেলা ডুৰানি এজন ধীৰ গতিৰ বাওঁহতীয়া বলাৰ আৰু বাওঁহতীয়া বেটাৰ আছিল।