ভাৰত-আৰ্য বা ভাৰতীয় আৰ্য ভাষাসমূহ হৈছে ভাৰতীয় উপমহাদেশৰ মুখ্য ভাষা। ভাষাকেইটাই ভাৰত-ইৰানীয় ভাষাসমূহৰ ঠাল, যিটো বৃহত্তৰ ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল ৰ অন্তৰ্গত। ভাৰত-আৰ্য ভাষা-ভাষীসকল মুঠ ভাৰত-ইউৰোপীয় ভাষা কওঁতাৰ প্ৰায় আধা অৰ্থাৎ মুঠ ভাৰত-ইউৰোপীয় কওঁতাৰ সংখ্যা ৩ বিলিয়নৰ হোৱাৰ বিপৰীতে ভাৰতীয় আৰ্যভাষী প্ৰায় ১.৫ বিলিয়ন। ভাষাসমূহ দক্ষিণ এছিয়াত প্ৰধানকৈ প্ৰচলিত হোৱাৰ বাহিৰেও ইউৰোপ আৰু মধ্যপ্ৰাচ্যতো কোৱা হয়। আটাইতকৈ বেছি ভাষী থকা ভাষাসমূহ হৈছে: হিন্দুস্তানী (হিন্দী-উৰ্দু, প্ৰায় ৩২৯ নিযুত), বঙালী (প্ৰায় ২৪২ নিযুত), পঞ্জাবী (প্ৰায় ১০০ নিযুত) আৰু বাকী ভাষাসমূহৰ ২০০৫ৰ হিচাপ অনুসৰি প্ৰায় ৯০০ নিযুত কওঁতা আছে।
ইতিহাস
আদি-ভাৰত-আৰ্য
আদি-ভাৰত-আৰ্য (বা আদি-ভাৰতীয়) হৈছে ভাৰত-আৰ্য ভাষাসমূহৰ পুনৰ্গঠন কৰা আদি-ভাষা। এই কাম আদি-ভাৰত-আৰ্যসকলৰ ভাষাৰ পুনৰ্গঠনৰ উদ্দেশ্যে কৰা হৈছে। আদি-ভাৰত-আৰ্য হৈছে পুৰণি ভাৰত-আৰ্যৰ (১৫০০-৩০০ খ্ৰীষ্টপূৰ্ব) পূৰ্বপুৰুষ, যিটো বেদীয় সংস্কৃত আৰু মিতান্নী-আৰ্য হিচাপে প্ৰত্যক্ষভাবে প্ৰত্যায়তি। বেদীয় অতি প্ৰাচীন তথাপিও আন ভাৰত-আৰ্য ভাষাসমূহে প্ৰাচীন লক্ষণসমূহৰ এটা সৰু অংশ সংৰক্ষিত কৰি ৰাখিছে, যোনখিনি বেদীয়ত হেৰাইছে।
ভাৰতীয় উপমহাদেশ
লগতে চাওক: ভাৰতীয় উপমহাদেশৰ ভাষিক ইতিহাস
- আদি-ভাৰত আৰ্য (পুনৰ্গঠন কৰা)
- পুৰণি ভাৰত-আৰ্য (কা. ১৫০০–৩০০ খ্ৰীষ্টপূৰ্ব)
- প্ৰাথমিক পুৰণি ভাৰত-আৰ্য: বেদীয় সংস্কৃত (১৫০০ৰ পৰা ৫০০ খ্ৰীষ্টপূৰ্ব)
- পিছৰ পুৰণি ভাৰত-আৰ্য: এপিক সংস্কৃত, ক্লাছিকেল সংস্কৃত (৫০০-৩০০ খ্ৰীষ্টপূৰ্ব)
- মধ্য ভাৰত-আৰ্য বা প্ৰকৃতসমূহ, পুৰণি উৰিয়া (কা. ৩০০ খ্ৰীষ্টপূৰ্বৰ পৰা ১৫০০ CE) [চাওক]
- প্ৰাথমিক আধুনিক ভাৰত-আৰ্য (পিছৰ মধ্যযুগীয় ভাৰত)
- প্ৰাথমিক দক্ষিণী আৰু খড়ী বোলীৰ উদ্ভৱ
পুৰণি ভাৰত-আৰ্য
এই গোটটোৰ সৰ্বপ্ৰথম প্ৰমাণ বেদীয় আৰু মিতান্নী-আৰ্যৰ পৰা আহিছে। বৈদিক ভাষা ব্যৱহাৰ হৈছিল প্ৰাচীন সংৰক্ষিত ধাৰ্মিক স্তুতিত, যি হৈছে হিন্দু ধৰ্মৰ মূল ধৰ্মশাস্ত্ৰ যাক বেদ হিচাপে জনা যায়। মিতান্নী-আৰ্যৰ বয়স ঋকবেদৰ ভাষাৰ বয়সৰ অনুৰূপ, কিন্তু ইয়াৰ একমাত্ৰ প্ৰমাণ হৈছে কেইটামান নাম আৰু ঋণশব্দ। বেদৰ ভাষা – যাক আধুনিক পণ্ডিতসকলে "বৈদিক সংস্কৃত" বুলি কয় – হৈছে কেৱল সীমিতভাৱে আদি-ভাৰত আৰ্য (ভাৰত আৰ্য ভাষাসমূহৰ আদি ভাষা)ৰ পৰা বেলেগ।
বৈদিকৰ পৰা, "সংস্কৃত" (অৰ্থ হৈছে "সংস্কাৰ সাধন কৰা") সংস্কৃতি, বিজ্ঞান আৰু ধৰ্ম, তদুপৰি নাটকৰ আদিৰ এটি আদৰণীয় ভাষা হিচাপে উন্নীত হৈছিল।
লিপি
মূল প্ৰবন্ধ: ব্ৰাহ্মী লিপিসমূহ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত-আৰ্য ভাষা পৰিয়াল” প্ৰবন্ধৰ সংশোধন ৪৯০৩৯১ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।