চচিয়েল নেটৱৰ্ক
৯ প্ৰবন্ধ
-
ফেইচবুক
ফেইচবুক (Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড, ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউণ্ট খুলি ল'ব লাগে।
-
ইনষ্টাগ্ৰাম
ইনষ্টাগ্ৰাম হৈছে মেটা প্লেটফৰ্মছৰ মালিকানাধীন এটা আমেৰিকান ফটো আৰু চুটি-ফৰ্ম ভিডিঅ' শ্বেয়াৰিং ছ'চিয়েল নেটৱৰ্কিং সেৱা। ই ব্যৱহাৰকাৰীসকলক ফিল্টাৰসমূহৰ সৈতে সম্পাদনা কৰিব পৰা মাধ্যম আপলোড কৰাৰ অনুমতি দিয়ে, হেচটেগসমূহৰ দ্বাৰা সংগঠিত হ'ব পাৰে, আৰু ভৌগোলিক টেগিঙৰ যোগেদি এটা অৱস্থানৰ সৈতে জড়িত হ'ব…
-
টুইটাৰ
টুইটাৰ (Twitter) হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট (tweet) বুলি নামকৰণ কৰা হৈছে।
-
টিকটক
টিকটক (TikTok) বা ডয়ইন (抖音; pinyin: Dǒuyīn; অৰ্থ: 'কম্পিত শব্দ') iOS আৰু এণ্ড্ৰইডত উপলদ্ধ এটা মিডিয়া এপ যিটো ছুটি ভিডিঅ' প্ৰকাশ আৰু প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক ৩-১৫ ছেকেণ্ডৰ ছুটি সংগীতৰ আৰু ৩-৬০ ছেকেণ্ডৰ লুপিং ভিডিঅ' প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে।
-
লিংকডইন
লিংকডইন পেশাদাৰী সকলৰ সামাজিক যোগাযোগৰ এটি ৱেবচাইট। চাইটটো ডিচেম্বৰ, ২০০২ চনত প্ৰতিষ্ঠিত হয় আৰু ৫ মে, ২০০৩ চনত আনুষ্ঠানিক ভাবে আৰম্ভ কৰা হয়। সামাজিক যোগাযোগৰ এই ৱেবচাইট পেশাদাৰী সকে বেছি ব্যৱহাৰ কৰে।
-
জনপ্ৰতিনিধি
জনপ্ৰতিনিধি হৈছে অনলাইন সামাজিক নেটৱৰ্কিং সেৱা আৰু বাৰ্তা প'ৰ্টেল, যিয়ে ভোটাৰসকল আৰু তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধিসকল, যেনে MP, MLA আৰু কাউন্সিলৰসকলৰ ওচৰত এক সেঁতুৰ ভূমিকা পালন কৰে। এই নামটো ভাৰতীয় উপমহাদেশত লোকসকলৰ নিৰ্বাচিত প্ৰতিনিধিক বুজাবলৈ বহুল ব্যৱহৃত শব্দ “জনপ্ৰতিনিধি”ৰপৰা আহিছে।
-
ম'জ
ম'জ (Moj) হৈছে শ্বেয়াৰচাটৰ মূল কোম্পানী মোহল্লা টেক প্ৰাইভেট লিমিটেডৰ মালিকানাধীন এটা ভাৰতীয় চুটি ভিডিঅ'-শ্বেয়াৰিং ছ'চিয়েল নেটৱৰ্কিং সেৱা। ভাৰত চৰকাৰে টিকটক আৰু আন কেইবাটাও চীনা এপ নিষিদ্ধ কৰাৰ কিছু পিছতে ২০২০ চনৰ ২৯ জুনত মুকলি কৰা ম'জে ভাৰতৰ চুটি ৰূপৰ ভিডিঅ' কণ্টেণ্টৰ অন্যতম আগশাৰীৰ ঘৰুৱা…
-
চ'ছিয়েল মিডিয়া আৰু মনোবিজ্ঞান
সাধাৰণীকৃত অনলাইন সম্প্ৰদায় হিচাপে চ’ছিয়েল মিডিয়াৰ আৰম্ভণি হৈছিল। এই অনলাইন সম্প্ৰদায়সমূহ ১৯৯৪ চনত জিঅ'চিটিজ ডট কম (Geocities.com), ১৯৯৫ চনত দিগ্ল'ব ডট কম (Theglobe.com ) আৰু ১৯৯৫ চনত ট্ৰাইপড ডট কমৰ (Tripod.com) দৰে ৱেবছাইটত গঠন হৈছিল।
-
বেবীচক্ৰ
বেবীচক্ৰ হৈছে অভিভাৱকসকলৰ বাবে এক অনলাইন কমিউনিটি প্লেটফৰ্ম, যাৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ২০২২ চনৰ আগষ্ট মাহত হাৰ্ভাৰ্ড বাণিজ্য বিদ্যালয়ৰ অধ্যাপক শিখৰ ঘোষে বেবীচক্ৰক লৈ এটা কেচ ষ্টাডি কৰিছিল।