অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱেবছাইট

ৱেবছাইট (website) যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয়।

হালনাগাদ: ২১ অক্টোবৰ ২০২৩ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৱেবছাইট (website)১ যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবছাইট এটা ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইণ্টাৰনেট নাইবা ব্যক্তিগত লোকেল এৰিয়া নেটৱ'ৰ্ক (LAN)-অত উপলব্ধ। ইয়াক কোনো ৱেব চাৰ্ভাৰৰ পৰা হ'ষ্ট কৰা হয়। সাৰ্বজনিন ভাৱে উপলভ্য সমগ্ৰ ৱেবছাইটবোৰক সমষ্টিগতভাৱে "ৱৰ্ল্ড ৱাইড ৱেব" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।

ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবছাইটৰ বিভিন্ন তথ্য মাৰ্কাপ এংকৰৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয়।

ৱেবছাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক হোম পেজ (homepage) বুলি কোৱা হয়। URL সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু হাইপৰলিংকৰ সহায়ত পঢ়ুৱৈ এজনে ৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে। কিছুমান ৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয়। তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেবছাইট, খবৰ বাতৰিৰ ৱেবছাইট, শিক্ষামূলক ৱেবছাইট, ভিডিঅ’ গেমৰ ৱেবছাইট, ফাইল ছেয়াৰ কৰিব পৰা ৱেবছাইট, বাৰ্তাবাহক ৱেবছাইট, ইমেইল যুক্ত ৱেবছাইট, চ’চিয়েল নেটৱ’ৰ্কিং ৱেবছাইট, ষ্ট’ক মাৰ্কেটৰ খবৰ জনোৱা ৱেবছাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেবছাইট সমূহ পোৱা যায়।

ইতিহাস

চাৰ্ন (CERN) অৰ পদাৰ্থ বিজ্ঞানি টিম বাৰ্নাৰ্ছ লী২য়ে ১৯৯০ চনত ৱৰ্ল্ড ৱাইড ৱেব গঠন কৰিছিল। ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামূল্য বুলি ঘোষণা কৰিছিল।৩

সামগ্ৰিক নিৰীক্ষণ

প্ৰকাৰ অনুসৰি ৱেবছাইটসমূহক এনেদৰে ভাগ কৰিব পাৰি

  • ব্যক্তিগত ৱেবছাইট
  • বাণিজ্যিক ৱেবছাইট
  • চৰকাৰি ৱেবছাইট
  • অনালাভকাৰী সংস্থাসমূহৰ ৱেবছাইট (nonprofit organization)

ই কোনোবাৰ ব্যক্তিগত বা ব্যবসায়িক বা কোনো সংস্থাৰ বাবে হ’ব পাৰে আৰু বিশিষ্টভাৱে কোনো উদ্দেশ্যত নাইবা কোনো বিষয়ত সমৰ্পিত হয়। যিকোনো ৱেবছাইট এটা আন এটা ৱেবছাইটৰ লগত হাইপৰলিংকেৰে জড়িত হৈ থাকিব পাৰে।

তথ্যসূত্ৰ

  1. ↑ website - definition of website by the Free Online Dictionary, Thesaurus and Encyclopedia. Thefreedictionary.com
  2. ↑ The website of the world's first-ever web server
  3. ↑ Cailliau, Robert. A Little History of the World Wide Web

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইটইণ্টাৰনেটতথ্য প্ৰযুক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱেবছাইট” প্ৰবন্ধৰ সংশোধন ৩৮৮৩০৬ (২১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।