অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

স্পেনীছ ভাষা

স্পেনীছ (español) বা কেষ্টিলিয়ান (castellano) হৈছে ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ এটা ৰোমান ভাষা, যি ইউৰোপৰ আইবেৰিয়ান উপদ্বীপত কথিত ভলগাৰ লেটিন ভাষাৰ পৰা বিকশিত হৈছে।

হালনাগাদ: ৩১ জুলাই ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

স্পেনীছ (español) বা কেষ্টিলিয়ান (castellano) হৈছে ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ এটা ৰোমান ভাষা, যি ইউৰোপৰ আইবেৰিয়ান উপদ্বীপত কথিত ভলগাৰ লেটিন ভাষাৰ পৰা বিকশিত হৈছে। আজি ই এটা বিশ্বব্যাপী ভাষা, মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু স্পেইনত প্ৰায় ৫০ কোটি স্থানীয় ভাষী আৰু দ্বিতীয় ভাষা ভাষী অন্তৰ্ভুক্ত কৰিলে প্ৰায় ৬০ কোটি।১২ স্পেনীছ ভাষা ২০খন দেশৰ চৰকাৰী ভাষা, লগতে ই ৰাষ্ট্ৰসংঘৰ ছটা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম।৩৪ স্পেনীছ হৈছে মেণ্ডেৰিন চীনা ভাষা ভাষাৰ পিছত বিশ্বৰ দ্বিতীয় সৰ্বাধিক কথিত থলুৱা ভাষা;২৫ ইংৰাজী ভাষা, মেণ্ডেৰিন চীনা, আৰু হিন্দুস্তানী (হিন্দী-উৰ্দু) ৰ পিছত সামগ্ৰিকভাৱে বিশ্বৰ চতুৰ্থ সৰ্বাধিক কথিত ভাষা; আৰু বিশ্বৰ আটাইতকৈ বেছি প্ৰচলিত ৰোমান ভাষা। স্থানীয় ভাষা হিচাপে এই ভাষা কোৱা লোকৰ জনসংখ্যা সৰ্বাধিক মেক্সিকো দেশত৷৬

শব্দভাণ্ডাৰ

দৈনন্দিন স্পেনীছ শব্দভাণ্ডাৰৰ প্ৰায় ৮৫% লেটিন মূলৰ। স্পেনীছ ভাষাৰ বেছিভাগ মূল শব্দভাণ্ডাৰ আৰু আটাইতকৈ সাধাৰণ শব্দ লেটিন ভাষাৰ পৰা আহিছে। শিশুৱে কথা ক’বলৈ শিকিলে প্ৰথমে শিকি অহা স্পেনীছ শব্দবোৰ মূলতঃ লেটিন মূলৰ শব্দ। লেটিন মূলৰ এই শব্দবোৰক ঐতিহ্যমণ্ডিত শব্দ, কাল্টজম আৰু অৰ্ধ-কাল্টজম হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি।

তথ্যসূত্ৰ

  1. ↑ Ethnologue, 2022
  2. ↑ Eberhard, David M.; Simons, Gary F.; Fennig, Charles D. (2022). Summary by language size. Ethnologue. SIL International
  3. ↑ Official Languages. United Nations
  4. ↑ In which countries of the world is this language spoken?
  5. ↑ Salvador, Yolanda Mancebo. (2002). Calderón en Europa. Vervuert Verlagsgesellschaft. পৃ. 91–100. ISBN 978-3-96456-501-3
  6. ↑ Countries with most Spanish speakers 2021. Statista

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্পেনীছ ভাষা” প্ৰবন্ধৰ সংশোধন ৫২৯০৭৬ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।