ৱেবছাইট
৭১ প্ৰবন্ধ
-
ইউটিউব
ইউটিউব হৈছে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত তিনিজন ভূতপূৰ্ব পে'-পাল (PayPal) কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা চলচ্চিত্ৰ বা ভিডিঅ' বিতৰণ (video-sharing) কৰিব পৰা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ'সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে।
-
বলিউড হাংগামা
বলিউড হাংগামা (পূৰ্বে পৰিচিত ইণ্ডিয়া এফএম বা ইণ্ডিয়া এফএম ডট্ কম) এখন বলিউড বিনোদন ৱেবচাইট, হাংগামা ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্টৰ মালিকানাধীন, যিটো ২০০০ চনত ৱেবচাইটটো অধিগ্ৰহণ কৰিছিল। ৱেবচাইটটো ভাৰতীয় চলচ্চিত্ৰ শিল্প, বিশেষত বলিউড, ফিল্ম ৰিভিউ আৰু বক্স অফিচৰ ৰিপোৰ্ট সম্পৰ্কিত সংবাদ সৰবৰাহ কৰে।
-
ফেইচবুক
ফেইচবুক (Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড, ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউণ্ট খুলি ল'ব লাগে।
-
নেটফ্লিক্স
নেটফ্লিক্স (Netflix, Inc) হৈছে এটি আমেৰিকান কনটেণ্ট সেৱা আৰু প্ৰযোজনা উদ্যোগ। প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ লছ গেটোছত অৱস্থিত। ১৯৯৭ চনত ৰিড হেষ্টিংগছ আৰু মাৰ্ক ৰেণ্ডোলফৰ দ্বাৰা নেটফ্লিক্স কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত প্ৰতিষ্ঠিত হয়।
-
ইনষ্টাগ্ৰাম
ইনষ্টাগ্ৰাম হৈছে মেটা প্লেটফৰ্মছৰ মালিকানাধীন এটা আমেৰিকান ফটো আৰু চুটি-ফৰ্ম ভিডিঅ' শ্বেয়াৰিং ছ'চিয়েল নেটৱৰ্কিং সেৱা। ই ব্যৱহাৰকাৰীসকলক ফিল্টাৰসমূহৰ সৈতে সম্পাদনা কৰিব পৰা মাধ্যম আপলোড কৰাৰ অনুমতি দিয়ে, হেচটেগসমূহৰ দ্বাৰা সংগঠিত হ'ব পাৰে, আৰু ভৌগোলিক টেগিঙৰ যোগেদি এটা অৱস্থানৰ সৈতে জড়িত হ'ব…
-
ইণ্টাৰনেট মুভি ডাটাবেছ
ইণ্টাৰনেট মুভি ডাটাবেছ (IMDb), ইতিহাসগতভাৱে ইণ্টাৰনেট চলচ্চিত্ৰ ডাটাবেছ হিচাপে পৰিচিত, হৈছে এখন অনলাইন তথ্যভঁৰাল, য’ত চলচ্চিত্ৰ, টেলিভিছন ধাৰাবাহিক, প’ডকাষ্ট, ঘৰুৱা ভিডিঅ’, ভিডিঅ’ গেম আৰু অনলাইন ষ্ট্ৰিমিং বিষয়বস্তুৰ সৈতে জড়িত তথ্য থাকে।
-
টুইটাৰ
টুইটাৰ (Twitter) হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট (tweet) বুলি নামকৰণ কৰা হৈছে।
-
ৱিকিপিডিয়া
ৱিকিপিডিয়া (Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে।
-
ইণ্টাৰনেট আৰ্কাইভ
ইণ্টাৰনেট আৰ্কাইভ (Internet Archive) হৈছে "সকলো জ্ঞানৰ সৰ্বজনীন প্ৰৱেশ"ৰ উল্লিখিত মিছন থকা এটা আমেৰিকান ডিজিটেল লাইব্ৰেৰী। ই ৱেবছাইট, চফ্টৱেৰ এপ্লিকেচন/খেল, সংগীত, চলচ্চিত্ৰ/ভিডিঅ', চলন্ত ছবি, আৰু লাখ লাখ কিতাপৰ বাবে বিনামূলীয়া প্ৰৱেশৰ সেৱা আগবঢ়ায়।
-
ৱেবছাইট
ৱেবছাইট (website) যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয়।
-
এমাজন (কোম্পানী)
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমাজ’ন ডট কম হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বহুজাতিক ই-বাণিজ্য প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় যুক্তৰাষ্ট্ৰৰ চিয়াট্টল, ৱাচিংটনত। প্ৰথমে নিজৰ ৱেবচাইটৰ যোগেদি কিতাপ বিক্ৰীৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা আমাজ’ন ডট কমে পাছলৈ চফটৱেৰ, গেমছ, ইলেকট্ৰনিকচ সঁজুলি, এম পি থ্ৰী ডাউনলোড, ঘৰুৱা…
-
ব্লগ
ব্লগ ("ৱেবলগ" ৰ এটা ট্ৰাংকেচন) হৈছে বিচ্ছিন্ন, প্ৰায়ে অনানুষ্ঠানিক ডায়েৰী-শৈলীৰ লিখনী প্ৰৱেশৰ দ্বাৰা গঠিত এটা তথ্যমূলক ৱেবছাইট যাক পোষ্ট বুলিও কোৱা হয়। পোষ্টসমূহ সাধাৰণতে ওলোটা কালক্ৰমিক ক্ৰমত প্ৰদৰ্শিত হয় যাতে শেহতীয়া পোষ্টটো প্ৰথমে দেখা যায়, ৱেব পৃষ্ঠাৰ ওপৰত।
-
অসমীয়া ৱিকিপিডিয়া
অসমীয়া ৱিকিপিডিয়া হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে। ২০১১ চনৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ খৰতকীয়া হয়।
-
লিংকডইন
লিংকডইন পেশাদাৰী সকলৰ সামাজিক যোগাযোগৰ এটি ৱেবচাইট। চাইটটো ডিচেম্বৰ, ২০০২ চনত প্ৰতিষ্ঠিত হয় আৰু ৫ মে, ২০০৩ চনত আনুষ্ঠানিক ভাবে আৰম্ভ কৰা হয়। সামাজিক যোগাযোগৰ এই ৱেবচাইট পেশাদাৰী সকে বেছি ব্যৱহাৰ কৰে।
-
বিকাশপিডিয়া
বিকাশপিডিয়া (হিন্দী ভাষাত 'विकासपीडिया', ইংৰাজী ভাষাত 'Vikaspedia') ভাৰত চৰকাৰে আৰম্ভ কৰা এটি অনলাইন তথ্য পথপ্ৰদৰ্শক। ৱেবচাইটটো চি-ডিএচি হায়দৰাবাদৰ দ্বাৰা চালিত আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)ৰ দ্বাৰা স্থাপিত।
-
ৱিকিচ'ৰ্ছ
ৱিকিচৰ্ছ বা ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি।
-
জিমেইল
জিমেইল (Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা। ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল। কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল। ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি বিশ্বজুৰি জিমেইলৰ ১২০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে।
-
গুগল মেপ
গুগল মেপ (Google Maps) হৈছে গুগলৰ দ্বাৰা বিকশিত এক ৱেব মেপিং সেৱা। ই উপগ্ৰহৰ ছবি, এয়াৰিয়েল ফ'টোগ্ৰাফী, ষ্ট্ৰীট মেপ, ৰাজপথৰ ৩৬০° ইণ্টাৰেক্টিভ পেনোৰামিক দৃশ্য (ষ্ট্ৰীট ভিউ), বাস্তৱ সময়ৰ ট্ৰেফিক পৰিস্থিতি, আৰু পথ পৰিবহণৰ বাবে পথ পৰিকল্পনা প্ৰদান কৰে।
-
ৱিকিবুক্ছ
ৱিকিবুক্ছ (পূৰ্বতে ৱিকিমিডিয়া মুক্ত পাঠ্যপুথি প্ৰকল্প আৰু ৱিকিমিডিয়া-পাঠ্যপুথি বুলি কোৱা হৈছিল) ৱিকিমিডিয়া ফাউণ্ডেচনৰ দ্বাৰা তৈয়াৰ কৰা তথা যিকোনো ব্যক্তিয়ে সম্পাদনা কৰিব পৰা বিনামূলীয়া বিষয়বস্তুৰ পাঠ্যপুথি আৰু টোকাযুক্ত গ্ৰন্থ সৃষ্টিৰ বাবে আৰম্ভ কৰা এটা ৱিকি প্ৰকল্প।
-
নুপিডিয়া
নুপিডিয়া (Nupedia) ইংৰাজী ভাষাত আধাৰিত ৱেব-ভিত্তিক অনলাইন বিশ্বকোষ আছিল। ইয়াৰ প্ৰবন্ধসমূহ স্বেচ্ছাসেৱক অৱদানকাৰীসকলে উপযুক্ত বিষয় দক্ষতাসহ লিখা হৈছিল আৰু প্ৰকাশৰ আগতে বিশেষজ্ঞ সম্পাদকসকলে সমীক্ষা কৰিছিল। নুপিডিয়াৰ সমলসমূহ বিনামূলীয়া সমল হিচাপে অনুজ্ঞাপ্ৰাপ্ত আছিল।
-
অসমৰ ৱেবছাইটসমূহৰ তালিকা
ইংৰাজী ৱেবছাইট: অসম চৰকাৰৰ মূল ৱেবছাইট জিলা ভিত্তিক ৱেবছাইটৰ তালিকা অসম সম্পৰ্কীয় বেচৰকাৰী ৱেবছাইট তেজপুৰ অনলাইন {| ! নাম !! ৱেবছাইট |- | অসমীয়া ৱিকিপিডিয়া || wikipedia |- | বিকাশপেডিয়া || vikaspedia |- | অসমীয়াপিডিয়া || assamesepedia |- | [[ৱিকিউদ্
-
ব্লগাৰ (সেৱা)
ব্লগাৰ (Blogger; পূৰ্বৰ নাম: ব্লগস্পট; Blogspot) হৈছে ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা এখন আমেৰিকান অনলাইন সামগ্ৰী পৰিচালনা চিষ্টেম যিয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলক সময় ষ্টাম্পযুক্ত প্ৰৱেশৰ সৈতে ব্লগ লিখিবলৈ সক্ষম কৰে। পাইৰা লেবছে ইয়াক বিকশিত কৰিছিল, আৰু ২০০৩ চনত গুগলে ইয়াক অধিগ্ৰহণ কৰে।
-
মিউজ ইণ্ডিয়া
মিউজ ইণ্ডিয়া (ইংৰাজী: Muse India) হ’ল হাইদৰাবাদৰপৰা ইংৰাজী ভাষাত প্ৰকাশিত সাহিত্য বিষয়ক এখন ই-আলোচনী৷ ২੦੦৫ চনৰপৰা আলোচনীখন অনলাইনত দুমহীয়াকৈ প্ৰকাশ পাই আহিছে৷ আলোচনীখনৰ কোনো ছপা সংস্কৰণ নাই৷ ২੦১৭ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে আলোচনীখনক এখন সাহিত্য বিষয়ক ই-জাৰ্নেল হিচাপে…
-
য়াহু!
য়াহু! এক ৱে'ব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই অ'থ ইন্ক'ৰ্প'ৰেচনৰ জৰিয়তে ভেৰিজ'ন কমিউনিকেচন্ছৰ মালিকানাধীন। মূল য়াহু! কোম্পানীটো জেৰী য়াং আৰু ডেভিদ ফিল'ই ১৯৯৪ চনত খুলিছিল আৰু ১৯৯৫ চনৰ ২ মাৰ্চত কাম আৰম্ভ হৈছিল।
-
ৱিকিউদ্ধৃতি
ৱিকিউদ্ধৃতি (Wikiquote (ৱিকিকোৱ'ট)) বা ৱিকিউক্তি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন পৰিচালিত আৰু মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা এক ৱিকি-ভিত্তিক প্ৰকল্প। ডেনিয়েল এলষ্টনৰ পৰিকল্পনা আৰু ব্ৰায়'ন ৱিবাৰৰ কাৰ্যকাৰিতাত জন্মলাভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে সমিলমিলেৰে উল্লেখযোগ্য ব্যক্তি, গ্ৰন্থ, চলচ্চিত্ৰ বা…
-
ৱেবেক মেচিন
ৱেবেক মেচিন (ইংৰাজী: Wayback Machine) হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ এটা ডিজিটেল আৰ্কাইভ। ইয়াক কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত অৱস্থিত এটা আমেৰিকান অলাভকাৰী সংস্থা ইণ্টাৰনেট আৰ্কাইভে প্ৰতিষ্ঠা কৰিছিল।
-
অমনিগ্ল'ত
অমনিগ্ল'ত হৈছে এখন অনলাইন বিশ্বকোষ, য'ত বিভিন্ন ভাষা আৰু লিখন পদ্ধতি সামৰি লোৱা হৈছে। অমনিগ্ল'ত শব্দটো লেটিন উপসৰ্গ অমনি (সমস্ত) আৰু গ্ৰীক শব্দ গ্ল'ত (জিভা) যোগ হৈ উৎপত্তি হৈছে।
-
অসমীয়া ৱিকিউৎস
অসমীয়া ৱিকিউৎস (Assamese Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি।
-
খান একাডেমী
খান একাডেমী হৈছে ২০০৮ চনত বাংলাদেশী মূলৰ আমেৰিকান নাগৰিক ছলমান খানে ছাত্ৰ-ছাত্ৰীসকলক অনলাইনযোগে শিক্ষাপ্ৰদানৰ বাবে প্ৰতিষ্ঠা কৰা এটা অলাভজনক শিক্ষা সংস্থা। সংস্থাটোৱে সংক্ষিপ্ত ভিডিঅ'ৰ ৰূপত বিভিন্ন বিষয়ৰ শিক্ষাদান কৰে। খান একাডেমীৰ ৱেবছাইটটোত অনুশীলনীৰ বাবে প্ৰশ্ন আৰু পঠনসামগ্ৰীও উপলব্ধ আছে।
-
মাইক্ৰছফ্ট বিং
মাইক্ৰছফ্ট বিং (Microsoft Bing; পূৰ্বতে বিং বুলি জনা যায়) হৈছে মাইক্ৰছফ্টৰ মালিকানাধীন আৰু পৰিচালিত এক ৱেব অনুসন্ধান ইঞ্জিন (ৱেব চাৰ্চ ইঞ্জিন)। মাইক্ৰছফ্ট বিংৰ উৎস হৈছে MSN সন্ধান, উইণ্ডোজ লাইভ সন্ধান আৰু পিছত লাইভ সন্ধান।