সিংহল (සිංහල) [উচ্চৰণ: সিংহলো] বা "সিংহলী ভাষা" শ্ৰীলংকাৰ মূল ভাষা। শ্ৰীলঙ্কাৰ প্ৰায় ২ মিলিয়ন মানুহে সিংহল ভাষাত কথা কয়।১ এই ভাষাটো সিংহল লিপিৰে লিখা হয়। খ্ৰীষ্টপূৰ্ৱ ৩য় শতিকাত সিংহল ভাষাত লিখা শিলালিপি পোৱা হৈছে। ১০ম শতিকাৰ পৰা আৰম্ভ কৰি ভাষাটোত সমৃদ্ধ বৌদ্ধ সাহিত্য ৰচিত হৈছে। ১৯৫৬ চনত শ্ৰীলঙ্কাত সিংহল ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছিল। তেতিয়া তাৰ তামিল ভাষা সংখ্যালঘু জনগোষ্ঠীয়ে আক্ৰমণাত্মক গণবিক্ষোভ চলাইছিল। তাৰ ফলশ্ৰুতিতে ১৯৫৮ চনত শ্ৰীলঙ্কাত সিংহল ভাষাৰ লগতে তামিল ভাষাকো বিশেষ চৰকাৰী মৰ্য্যাদা দিয়া হয়।
ব্যুৎপত্তি
সিংহল (Siṅhala) হৈছে এটা সংস্কৃত শব্দ; ইয়াৰ সমকক্ষ মধ্য ভাৰতীয় আৰ্য (এলু/Eḷu) শব্দটো হৈছে Sīhala। এই নামটো 'সিংহ' বুজোৱা সংস্কৃত শব্দ ৰ পৰা নিষ্পন্ন হৈছে।২ এই নামটোৰ অৰ্থ কেতিয়াবা 'সিংহৰ বাসস্থান' বুলিও ব্যাখ্যা কৰা হয় আৰু ইয়াৰ অন্তৰালত দ্বীপটোত পূৰ্বতে প্ৰচুৰ পৰিমাণে থকা সিংহৰ অৱস্থিতিক কাৰক হিচাপে গণ্য কৰা হয়।৩
লিপি
সিংহল লিপি (Siṁhala Akṣara Mālāwa), হৈছে এটা লিখন প্ৰণালী যাক শ্ৰীলংকা আৰু অন্যান্য ঠাইত বসবাস কৰা সিংহল লোকসকল আৰু বেছিভাগ শ্ৰীলংকাৰ মানুহৰ দ্বাৰা সিংহল ভাষাৰ লগতে ধৰ্মীয় কৃত্যৰ ভাষা পালি ভাষা আৰু সংস্কৃত ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়।৪ ব্ৰাহ্মী লিপিসমূহৰ অন্যতম সিংহল অক্ষৰ মালাভা, প্ৰাচীন ভাৰতৰ ব্ৰাহ্মী (দ্বাৰ্থতা দূৰীকৰণ পৃষ্ঠা) লিপিৰ পৰা উদ্ভৱ হৈছে। ই গ্ৰন্থ লিপিৰ পৰা নিষ্কাষিত হোৱা বুলি ধাৰণা কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ Census of Population and Housing 2001. Statistics.gov.lk
- ↑ Caldwell, Robert. (1875). A comparative grammar of the Dravidian or South-Indian Family of Languages. Trübner & Co. পৃ. 86
- ↑ (1836). The Asiatic Journal and Monthly Register for British and Foreign India, China, and Australia. Parbury, Allen, and Company. পৃ. 30
- ↑ Daniels 1996, পৃ. 408
- ↑ Masica, Colin P. (1993). The Indo-Aryan Languages. পৃ. 143
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিংহল ভাষা” প্ৰবন্ধৰ সংশোধন ৬১৪৩৩০ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।