অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

স্বাহিলী ভাষা

স্বাহিলী'(স্থানীয় নাম: কিছৱাহিলি) ভাষা মূলতঃ স্বাহিলী জনসাধাৰণে কোৱা বাণ্টু ভাষা; যি প্ৰধানকৈ তাঞ্জানিয়া, কেনিয়া আৰু মোজাম্বিকত পোৱা যায়। স্থানীয় আৰু দ্বিতীয় ভাষা ভাষী উভয়কে ধৰি স্বাহিলী ভাষীৰ সংখ্যাৰ অনুমান বহু পৰিমাণে ভিন্ন।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

'স্বাহিলী'(স্থানীয় নাম: কিছৱাহিলি) ভাষা মূলতঃ স্বাহিলী জনসাধাৰণে কোৱা বাণ্টু ভাষা; যি প্ৰধানকৈ টাঞ্জানিয়া, কেনিয়া আৰু মোজাম্বিকত পোৱা যায়।১ স্থানীয় আৰু দ্বিতীয় ভাষা ভাষী উভয়কে ধৰি স্বাহিলী ভাষীৰ সংখ্যাৰ অনুমান বহু পৰিমাণে ভিন্ন। সাধাৰণতে ৬ কোটিৰ পৰা ১৫ কোটিলৈকে; ইয়াৰ অধিকাংশ স্থানীয়ভাষীয়ে তাঞ্জানিয়াত বাস কৰে।

স্বাহিলী ভাষাত অন্যান্য ভাষাৰ পৰা যথেষ্ট সংখ্যক ঋণ শব্দ আছে। মূলতঃ আৰবী; লগতে পৰ্তুগীজ, ইংৰাজী আৰু জাৰ্মান ভাষাৰ পৰাও শব্দৰ আমদানি হৈছে। স্বাহিলী শব্দভাণ্ডাৰৰ প্ৰায় ৪০% আৰবী ঋণ শব্দৰে গঠিত।২

স্বাহিলী কবি

  • দাদা মাছিটি (প্ৰায় ১৮১০–১৫ জুলাই ১৯১৯), কেনিয়াৰ কবি।
  • ছাবান বিন ৰবাৰ্ট (১৯০৯–১৯৬২), তাঞ্জানিয়াৰ কবি, লেখক আৰু ৰচনাকাৰ।
  • ইউফ্ৰেজ কেজিলাহাবি (১৯৪৪–২০২০), তাঞ্জানিয়াৰ ঔপন্যাসিক, কবি, আৰু পণ্ডিত।
  • মাথিয়াছ ই ম্নিয়াম্পালা (১৯১৭–১৯৬৯), তাঞ্জানিয়াৰ লেখক, উকীল আৰু কবি।
  • টুমি মোকানে (জন্ম ১৯৮১), দক্ষিণ আফ্ৰিকাৰ ৰেপাৰ আৰু কবি।
  • ফাধী মটাংগা (জন্ম ১৯৮১), তাঞ্জানিয়াৰ সৃষ্টিশীল লেখক, ফটোগ্ৰাফাৰ, গ্ৰাফিক ডিজাইনাৰ।
  • ক্ৰিষ্টোফাৰ মৱাছিংগা (জন্ম ১৯৬৫), তাঞ্জানিয়াৰ লেখক আৰু কবি।
  • আব্দিলাতিফ আব্দাল্লা (জন্ম ১৯৪৬), কেনিয়াৰ কবি আৰু ৰাজনৈতিক কৰ্মী।
  • মোৱানা কুপোনা (মৃত্যু: প্ৰায় ১৮৬৫), কেনিয়াৰ কবি।
  • ইব্ৰাহিম হুছেইন (জন্ম ১৯৪৩), তাঞ্জানিয়াৰ নাট্যকাৰ আৰু কবি।
  • হাজী গোৰা হাজী (১৯৩৩–২০২১), তাঞ্জানিয়াৰ কবি।
  • আলামিন মাজৰুই (জন্ম ১৯৪৮), কেনিয়াৰ কবি।৩
  • কিঠাকা ৱা ম্বেৰিয়া (জন্ম ১৯৫৫), কবি।৪
  • আহমেদ শ্বেখ নাভানী (১৯২৭–২০১৭), কেনিয়াৰ কবি।

নমুনা পাঠ

+স্বাহিলী৫অসমীয়া৫
কিফুংগু চা ২৬ ১) কিলা মতু আন হাকি যা কুয়েলিমিশ্বা। এলিমু য়াপাছা ইতোলেৱে বুৰে হাছা ইলে ইয়া মাদাৰছা য়া চিনি। এলিমু য়া মাদাৰছা য়া চিনি ইহুধুৰিৱে কোৱা লাজিমা। এলিমু য়া উফুণ্ডি না উস্তাদি ইৱে ৱাজি কোৱা ৱোতে। না এলিমু য়া জু ইৱে ৱাজি কোৱা ৱোতে কোৱা কুটেগেমেয়া ছিফা য়া মটু। ২) এলিমু ইটোলেৱে কোৱা মধুমুনি ইয়া কুয়েণ্ডেলেজা বাৰাবাৰা হালি য়া বিনাদামু, না কোৱা শ্বাবাহা ইয়া কুকুজা হাকি জা বিনাদামু না উহুৰু ৱাকে ৱা আচিলি। এলিমু নি ৱাজিবু ইকুজে হালি য়া কুয়েলেনা, কুভুমিলিয়ানা না য়া উৰাফিকি কাটি যা মতাইফা না কাতি যা ৱাতু ৱা ৰং না দিনী ম্বলি-ম্বালী। কাধলিকা নি ৱাজিবু ইয়েণ্ডেলেজে শ্বুঘুলি জা উমোজা ৱা মাটাইফা জা কুডুমিছা আমনি। ৩) নি হাকি ইয়া ৱাজাজী কুচাগুয়া আইনা ইয়া এলিমু য়া কুফুনজৱা ৱাটোটো ৱাও।অনুচ্ছেদ ২৬ ১/ শিক্ষাৰ অধিকাৰ প্ৰত্যেকৰে আছে। প্ৰাথমিক আৰু মৌলিক পৰ্যায়ত হ’লেও শিক্ষা বিনামূলীয়া হ’ব। প্ৰাথমিক শিক্ষা বাধ্যতামূলক হ’ব। কাৰিকৰী আৰু পেছাদাৰী শিক্ষা সাধাৰণভাৱে উপলব্ধ কৰা হ’ব আৰু উচ্চ শিক্ষা সকলোৰে বাবে যোগ্যতাৰ ভিত্তিত সমানে সুলভ হ’ব লাগিব। ২) শিক্ষা মানৱ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি সন্মান শক্তিশালী কৰাৰ দিশত নিৰ্দেশিত হ’ব। ই সকলো জাতি, বৰ্ণ বা ধৰ্মীয় গোটৰ মাজত বুজাবুজি, সহনশীলতা আৰু বন্ধুত্বক প্ৰসাৰিত কৰিব আৰু শান্তি বজাই ৰখাৰ বাবে ৰাষ্ট্ৰসংঘৰ কাৰ্যকলাপক আগুৱাই নিব। ৩) সন্তানক কি ধৰণৰ শিক্ষা দিয়া হব সেইটো বাছি লোৱাৰ পূৰ্ব অধিকাৰ আছে অভিভাৱকৰ।

তথ্যসূত্ৰ

  1. ↑ Mugane, John. (21 June 2022). The Story of Swahili. Center for International Studies, Ohio University
  2. ↑ Mugane, John. (21 June 2022). The Story of Swahili. Center for International Studies, Ohio University
  3. ↑ Alamin Mazrui. Poetry Translation Centre
  4. ↑ Kithaka wa Mberia. Poetry Translation Centre
  5. ↑ Swahili Reading. mylanguages.org

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাহিলী ভাষা” প্ৰবন্ধৰ সংশোধন ৬২৫৭৪৬ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।