অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ওলন্দাজ ভাষা

ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা।

হালনাগাদ: ১৬ নৱেম্বৰ ২০২৩ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা। ওলন্দাজ ভাষা নেডাৰলেণ্ডচৰ একমাত্ৰ চৰকাৰী ভাষা১ হোৱাৰ লগতে বেলজিয়াম, ছুৰিনাম, আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত অধিকাৰীক স্থিতি লাভ কৰিছে।২ ইংৰাজী ভাষা আৰু জাৰ্মান ভাষাৰ পাছতে ওলন্দাজ ভাষা বহুলভাৱে প্ৰচলিত তৃতীয় জাৰ্মানীয় মূলৰ ভাষা। ইংৰাজী ভাষাত ইয়াক ডাটচ্‌ (Dutch) নামেৰে আৰু ওলন্দাজ ভাষাত ইয়াক নেডাৰ্লাণ্ট্‌চ্‌ (Nederlands) নামেৰে জনা যায়।

প্ৰচলন

নেডাৰলেণ্ডচৰ মূল ভূখণ্ডৰ বাহিৰে ওলন্দাজ ভাষাৰ প্ৰচলন বেলজিয়ামৰ উত্তৰাঞ্চলত আছে। বেলজিয়ামত প্ৰচলিত ওলন্দাজ ভাষাৰ এই উপভাষাটো ফ্লেমিচ্‌ নামেৰে জনা যায়। বৃহত্তৰ নেডাৰলেণ্ডচ সাম্ৰাজ্যৰ অন্তৰ্গত আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত ওলন্দাজ ভাষাৰ প্ৰচলন আছে। দক্ষিণ আমেৰিকাৰ দেশ ছুৰিনামতো এই ভাষাৰ বহুল প্ৰচাৰ আছে। নগণ্য পৰিমাণৰ ওলন্দাজ ভাষিক সংখ্যালঘু ফ্ৰান্স,৩ জাৰ্মানী আৰু ইণ্ডোনেছিয়াত বাস কৰে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু অষ্ট্ৰেলিয়াত প্ৰায় ৫০ লাখ ওলন্দাজ ভাষী প্ৰবাসীয়ে বাস কৰে। দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ প্ৰায় ১.৬ কোটি লোকৰ মাতৃভাষা আফ্ৰিকান্স ভাষা ওলন্দাজ ভাষাৰ পৰা বিকশিত এক কন্যা ভাষা। এই দুই ভাষাৰ ভাষিকসকলে ইজনে সিজনৰ কথা বুজিব পাৰে।

লিপি

ওলন্দাজ ভাষা ৰোমান লিপিত লিখা হয়। ইংৰাজী আৰু জাৰ্মান ভাষাৰ সৈতে ইয়াৰ যথেষ্ট সাদৃশ্য আছে। ভাষাটোৰ শব্দকোষৰ প্ৰায় ২০% জাৰ্মানীয় মূলৰ৪ আৰু প্ৰায় ৬.৮% ফৰাচী মূলৰ।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Welke erkende talen heeft Nederland?. Rijksoverheid
  2. ↑ European Commission. (2006). Special Eurobarometer 243: Europeans and their Languages (Survey). Europa "1% of the EU population claims to speak Dutch well enough in order to have a conversation." (page 153)
  3. ↑ Willemyns, Roland. (2002). Journal of multilingual and multicultural development. Multilingual Matters. পৃ. 4. ISBN 1853596272
  4. ↑ (2009). Loanwords in the World's Languages: A Comparative Handbook. Walter de Gruyter. পৃ. 349

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওলন্দাজ ভাষা” প্ৰবন্ধৰ সংশোধন ৩৯১৯৩৬ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।