ইণ্টাৰনেট
২৯ প্ৰবন্ধ
-
ইউটিউব
ইউটিউব হৈছে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত তিনিজন ভূতপূৰ্ব পে'-পাল (PayPal) কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা চলচ্চিত্ৰ বা ভিডিঅ' বিতৰণ (video-sharing) কৰিব পৰা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ'সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে।
-
ফেইচবুক
ফেইচবুক (Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড, ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউণ্ট খুলি ল'ব লাগে।
-
গুগল
গুগল ইন্কৰ্পোৰেটেড (Google Incorporated) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত অৱস্থিত।
-
ইণ্টাৰনেট
ইণ্টাৰনেট বা অন্তৰ্জাল হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা। ই নেটৱৰ্ক আৰু ডিভাইচসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট প্ৰ'ট'কল ছুইট (TCP/IP) ব্যৱহাৰ কৰে।
-
ৱিকিপিডিয়া
ৱিকিপিডিয়া (Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়া প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে।
-
ৱেবছাইট
ৱেবছাইট (website) যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয়।
-
ইমেইল
ইমেইল বা ই-মেইল বা ইলেক্ট্ৰনিক মেইল (প্ৰায় ১৯৯৩ চনৰ পৰা) ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ কৰি বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণৰ এক পদ্ধতি। কুৰি শতিকাৰ শেষৰ ফালে ইয়াক মেইল (সেয়েহে ই-+ মেইল)ৰ ডিজিটেল সংস্কৰণ বা সমকক্ষ হিচাপে কল্পনা কৰা হৈছিল।
-
ৱৰ্ল্ড ৱাইড ৱেব
ৱৰ্ল্ড ৱাইড ৱেব (World Wide Web) বা ডব্লিউ ডব্লিউ ডব্লিউ (WWW) বা ডব্লিউ থ্ৰী (W3) বা সাধাৰণভাৱে দ্য ৱেব (the Web) হ’ল ইণ্টাৰনেটত উপলব্ধ পৰস্পৰৰ লগত হাইপাৰটেক্সটেৰে (hypertext) সংযুক্ত তথ্যৰে গঠিত এটা তথ্য প্ৰযুক্তিগত প্ৰণালী বা তন্ত্ৰ (System)।
-
ব্লগ
ব্লগ ("ৱেবলগ" ৰ এটা ট্ৰাংকেচন) হৈছে বিচ্ছিন্ন, প্ৰায়ে অনানুষ্ঠানিক ডায়েৰী-শৈলীৰ লিখনী প্ৰৱেশৰ দ্বাৰা গঠিত এটা তথ্যমূলক ৱেবছাইট যাক পোষ্ট বুলিও কোৱা হয়। পোষ্টসমূহ সাধাৰণতে ওলোটা কালক্ৰমিক ক্ৰমত প্ৰদৰ্শিত হয় যাতে শেহতীয়া পোষ্টটো প্ৰথমে দেখা যায়, ৱেব পৃষ্ঠাৰ ওপৰত।
-
গুগল প্লে’
গুগলপ্লে’ নতুবা গুগল প্লে’ ষ্ট’ৰ (Google Play or Google Play Store) (পূৰ্বতে এণ্ড্ৰইড মাৰ্কেট বুলিও জনাজাত) হৈছে গুগলৰ দ্বাৰা পৰিচালিত আৰু বিকশিত এক ডিজিটেল বিতৰণ সেৱা। ই এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম আৰু ইয়াৰ ডেৰাইভেটীভসমূহত চলি থকা প্ৰমাণিত ডিভাইচসমূহৰ বাবে অফিচিয়েল এপ ষ্ট’ৰ হিচাপে কাম কৰে।
-
ৱেব ব্ৰাউজাৰ
ৱেব ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।
-
গুগল মেপ
গুগল মেপ (Google Maps) হৈছে গুগলৰ দ্বাৰা বিকশিত এক ৱেব মেপিং সেৱা। ই উপগ্ৰহৰ ছবি, এয়াৰিয়েল ফ'টোগ্ৰাফী, ষ্ট্ৰীট মেপ, ৰাজপথৰ ৩৬০° ইণ্টাৰেক্টিভ পেনোৰামিক দৃশ্য (ষ্ট্ৰীট ভিউ), বাস্তৱ সময়ৰ ট্ৰেফিক পৰিস্থিতি, আৰু পথ পৰিবহণৰ বাবে পথ পৰিকল্পনা প্ৰদান কৰে।
-
ব্লগাৰ (সেৱা)
ব্লগাৰ (Blogger; পূৰ্বৰ নাম: ব্লগস্পট; Blogspot) হৈছে ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা এখন আমেৰিকান অনলাইন সামগ্ৰী পৰিচালনা চিষ্টেম যিয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলক সময় ষ্টাম্পযুক্ত প্ৰৱেশৰ সৈতে ব্লগ লিখিবলৈ সক্ষম কৰে। পাইৰা লেবছে ইয়াক বিকশিত কৰিছিল, আৰু ২০০৩ চনত গুগলে ইয়াক অধিগ্ৰহণ কৰে।
-
অমনিগ্ল'ত
অমনিগ্ল'ত হৈছে এখন অনলাইন বিশ্বকোষ, য'ত বিভিন্ন ভাষা আৰু লিখন পদ্ধতি সামৰি লোৱা হৈছে। অমনিগ্ল'ত শব্দটো লেটিন উপসৰ্গ অমনি (সমস্ত) আৰু গ্ৰীক শব্দ গ্ল'ত (জিভা) যোগ হৈ উৎপত্তি হৈছে।
-
ইম'জি
ইম'জি (Emoji) হৈছে ইলেক্ট্ৰনিক মেছেজ আৰু ৱেবপেজত ব্যৱহৃত একপ্ৰকাৰৰ ভাবপ্ৰকাশক চিহ্ন। ইম'জিবোৰ হৈছে একো একোটা চিত্ৰ যিবোৰ মূলতঃ ভাব প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা হয়। ইম'জি বিভিন্ন প্ৰকাৰৰ, যেনে ― মুখভঙ্গি, দৈনন্দিন বস্তু, স্থান, বতৰ আৰু জীৱ-জন্তু।
-
গুগল নিউজ
গুগল নিউজ হৈছে গুগলে বিকশিত কৰা এটা বাতৰি সংগ্ৰহকাৰী সেৱা। ইয়াত হাজাৰ হাজাৰ প্ৰকাশক আৰু আলোচনীৰ পৰা আয়োজিত প্ৰবন্ধৰ লিংকৰ এক অবিৰত প্ৰবাহ উপস্থাপন কৰা হৈছে। গুগল নিউজ এণ্ড্ৰইড, আইঅ'এছ, আৰু ৱেবত এপ হিচাপে উপলব্ধ।
-
গুগল পে
গুগল পে (পূৰ্বতে এণ্ড্ৰইড পে) হৈছে মোবাইল পে'মেণ্ট সেৱা। গুগলে নিৰ্মাণ কৰা এই সেৱাৰ জৰিয়তে যোগযোগবিহীনভাৱে টকা-পইছা লেনদেনৰ সুবিধা কৰিব পৰা যায়। ব্যৱহাৰকাৰীসকলে এণ্ড্ৰয়েড ফোন, টেবলেট বা ঘড়ী জৰিয়তে ধন পৰিশোধ কৰিব পাৰে।
-
ৱেব চাৰ্ভাৰ
ৱেব-চাৰ্ভাৰ -এ ইণ্টাৰনেটত তথ্য উপলব্ধ কৰে, এইচ টি এম এল আৰু আনুষংগিক প্ৰট'কলৰ জৰিয়তে। ই মেচিন বা প্ৰগ্ৰেম যিকোনো এটায়েই হ’ব পাৰে। ৱেবচাৰ্ভাৰ যদিও মূলত অকল ৱেবচাইট হ'ষ্ট কৰিবলৈহে ব্যৱহাৰ কৰা হয় তথপিও ইয়াক আন কিছুমান কামত যেনে তথ্য ভাণ্ডাৰ নাইবা এণ্টাৰপ্ৰাইজ এপ্লিকেচন (enterprise applications)…
-
গুগল আৰু ৱিকিপিডিয়াৰ মাজত সম্পৰ্ক
গুগল আৰু ৱিকিপিডিয়াৰ মাজৰ সম্পৰ্কটো ৱিকিপিডিয়াৰ ইতিহাসৰ আৰম্ভণিতে সহযোগমূলক আছিল, যেতিয়া গুগলে ব্যাপকভাৱে বিস্তৃত, সম্পাদনাযোগ্য নহোৱা আৰু বিজ্ঞাপনভিত্তিক ৱিকিপিডিয়া ক্লোনসমূহৰ পেইজৰেংক হ্ৰাস কৰাত সহায় কৰিছিল।
-
জনপ্ৰতিনিধি
জনপ্ৰতিনিধি হৈছে অনলাইন সামাজিক নেটৱৰ্কিং সেৱা আৰু বাৰ্তা প'ৰ্টেল, যিয়ে ভোটাৰসকল আৰু তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধিসকল, যেনে MP, MLA আৰু কাউন্সিলৰসকলৰ ওচৰত এক সেঁতুৰ ভূমিকা পালন কৰে। এই নামটো ভাৰতীয় উপমহাদেশত লোকসকলৰ নিৰ্বাচিত প্ৰতিনিধিক বুজাবলৈ বহুল ব্যৱহৃত শব্দ “জনপ্ৰতিনিধি”ৰপৰা আহিছে।
-
নেট নিৰপেক্ষতা
নেট নিৰপেক্ষতা হৈছে এক নীতি যাৰ জ্বৰিয়তে ইণ্টাৰনেট যোগান ধৰোতা আৰু চৰকাৰ দুয়োৱে বৈষম্যবিহীন ভাৱে ইণ্টাৰনেটত উপলব্ধ যিকোনো তথ্য ব্যৱহাৰৰ বাবে আগবঢ়ায়।
-
মেঘ পৰিকলন
মেঘ পৰিকলন (Cloud computing) হৈছে এক সংগণনা (computing) সেৱাসমূহৰ বিতৰণ পদ্ধতি, যি চাৰ্ভাৰ (server), সংৰক্ষণ (storage), ডাটাবেছ (database), নেটৱৰ্কিং (networking), চফ্টৱেৰ (software), বিশ্লেষণ (analytics) আৰু বুদ্ধিমত্তা (intelligence) ইত্যাদি ইণ্টাৰনেটৰ জৰিয়তে সম্ভৱ হয়।
-
শ্বেয়াৰচাট
শ্বেয়াৰচাট হৈছে ভাৰতীয় ছ'চিয়েল নেটৱৰ্কিং সেৱা প্লেটফৰ্ম, ই বাংগালুৰু ভিত্তিক মহল্লা টেকৰ মালিকানাধীন। এয়া অংকুশ সচদেৱ, ভানু প্ৰতাপ সিং আৰু ফৰিদ আহছানে প্ৰতিষ্ঠা কৰিছিল আৰু ২০১৫ চনৰ ৮ জানুৱাৰীত সংগঠিত হৈছিল। শ্বেয়াৰচাট এপটোৰ ১৫টা ভাৰতীয় ভাষাত ৩৫ কোটিতকৈ অধিক মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী আছে।
-
উপ-ডমেইন
ডমেইন নেম চিষ্টেম (Domain Name System চমুকৈ DNS) অনুক্ৰমত, এটা উপ-ডমেইন (Subdomain) হৈছে এটা ডমেইন যি আন এটা (মুখ্য) ডমেইনৰ এটা অংশ। উদাহৰণ স্বৰূপে, যদি এটা অনলাইন দোকানে তেওঁলোকৰ ৱেবছাইটৰ অংশ হিচাপে example.com ৰ পৰা ডমেইন লয় তেন্তে তেওঁলোকে উপ-ডমেইন ব্যৱহাৰ কৰিব shop.example.com।
-
ছক পাপেট একাউণ্ট
ছক পাপেট (sock puppet) হৈছে প্ৰতাৰণামূলক উদ্দেশ্যত ব্যৱহাৰ কৰা এটা ভুৱা অনলাইন পৰিচয়। এই শব্দটোৱে প্ৰথমে মোজা পৰিহিত হাতৰ পুতলাক বুজাইছিল। ছক পাপেটে কোনো ব্যক্তি বা সংস্থাক প্ৰশংসা, ৰক্ষা বা সমৰ্থন কৰিবলৈ, জনমতৰ নেলু টিপি ধৰিবলৈ বা ব্লক একাউণ্টৰ নিষেধাজ্ঞাক আওকান কৰিবলৈ সৃষ্টি কৰা অনলাইন পৰিচয়ক…
-
ফাইল ট্ৰান্সফাৰ প্ৰট'কল
ফাইল ট্ৰান্সফাৰ প্ৰট'কল (FTP) হৈছে এটা মানক যোগাযোগ প্ৰট'কল, যাৰ সহায়ত কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে ছাৰ্ভাৰৰপৰা ক্লায়েণ্টলৈ কম্পিউটাৰ ফাইল স্থানান্তৰ কৰা হয়। FTP এটা ক্লায়েণ্ট-ছাৰ্ভাৰ মডেল স্থাপত্যৰ ওপৰত নিৰ্মিত, য’ত ক্লায়েণ্ট আৰু ছাৰ্ভাৰৰ মাজত পৃথক নিয়ন্ত্ৰণ আৰু ডাটা সংযোগ ব্যৱহাৰ কৰা হয়।
-
ফায়াৰফক্স
ম'জিলা ফায়াৰফক্স বা সৰলভাৱে ফায়াৰফক্স, এটা বিনামূলীয়া আৰু মুক্ত-উৎস ৱেব ব্ৰাউজাৰ যি Mozilla Foundation আৰু ইয়াৰ সহযোগী, Mozilla Corporationদ্বাৰা বিকশিত কৰা হৈছে। ই ৱেব পৃষ্ঠাসমূহ প্ৰদৰ্শন কৰিবলে গেকো ৰেণ্ডাৰ ইঞ্জিন ব্যৱহাৰ কৰে, যি বৰ্তমান আৰু প্ৰত্যাশিত ৱেব প্ৰামাণিকসমূহ প্ৰণয়ন কৰে।
-
ফোনপে
ফোনপে হৈছে ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ডিজিটেল পেমেণ্ট আৰু বিত্তীয় সেৱা কোম্পানী ৷ ডিচেম্বৰ মাহত সমীৰ নিগম, আৰু বুৰ্জিন ইঞ্জিনিয়াৰে প্ৰতিষ্ঠা কৰিছিল। পেমেণ্টছ ইন্টাৰফেচৰ ওপৰত ভিত্তি কৰি ফোনপে এপটো ২০১৬ চনৰ আগষ্ট মাহত লাইভ PhonePe এপটো ১১টা ভাৰতীয় ভাষাত উপলব্ধ।
-
বেবীচক্ৰ
বেবীচক্ৰ হৈছে অভিভাৱকসকলৰ বাবে এক অনলাইন কমিউনিটি প্লেটফৰ্ম, যাৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ২০২২ চনৰ আগষ্ট মাহত হাৰ্ভাৰ্ড বাণিজ্য বিদ্যালয়ৰ অধ্যাপক শিখৰ ঘোষে বেবীচক্ৰক লৈ এটা কেচ ষ্টাডি কৰিছিল।