বেবীচক্ৰ হৈছে অভিভাৱকসকলৰ বাবে এক অনলাইন কমিউনিটি প্লেটফৰ্ম, যাৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত।১২ ২০২২ চনৰ আগষ্ট মাহত হাৰ্ভাৰ্ড বাণিজ্য বিদ্যালয়ৰ অধ্যাপক শিখৰ ঘোষে বেবীচক্ৰক লৈ এটা কেচ ষ্টাডি কৰিছিল।৩
ইতিহাস
বেবীচক্ৰ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত নৈয়া চাগী আৰু মিতেছ কাৰিয়াই আৰম্ভ কৰিছিল।৪৫ এই প্লেটফৰ্মটোৱে গৰ্ভধাৰণ, প্ৰসূতি, শিশুজীৱন আৰু প্ৰাৰম্ভিক শৈশৱ সম্পৰ্কীয় তথ্য প্ৰদান কৰে।
২০১৫ চনত বেবীচক্ৰই চীড ফাণ্ডিং লাভ কৰিছিল আৰু ২০১৬ চনত ৰাউণ্ডগ্লাছ পাৰ্টনাৰ্ছ, অৰ্থা ইণ্ডিয়া ভেঞ্চাৰ্ছ, মাইক্ৰ’চফ্ট এক্সেলাৰেটৰ বেংগালুৰু, ছিংগাপুৰ এঞ্জেল নেটৱৰ্ক আৰু মুম্বাই এঞ্জেলছৰপৰা চিৰিজ এ ফাণ্ডিং লাভ কৰে।৫
২০১৭ চনত ইয়াক গুগলৰ Launchpad Accelerator কাৰ্যক্ৰমৰ বাবে নিৰ্বাচন কৰা হৈছিল।২৬ ২০১৮ চনৰ ফেব্ৰুৱাৰীত বেবীচক্ৰই গুগল গ্লবেল Launchpad Acceleratorত ভাৰতৰ প্ৰতিনিধিত্ব কৰে আৰু নীতি আয়োগৰ মাতৃ–শিশু স্বাস্থ্য বিষয়ক কৰ্ম সমিতিত অংশ লয়।
২০১৮ চনত মাৰ্ক ম’বিয়াছ সমৰ্থিত Equanimity Ventures Fund আৰু ফেইচবুকৰ ডাইৰেক্টৰ আনন্দ চন্দ্ৰশেখৰণে নেতৃত্ব দিয়া বিনিয়োগকাৰীসকলৰপৰা কোম্পানীয়ে চিৰিজ বি বিনিয়োগ লাভ কৰে।৭৮
পাছৰ বছৰত ফ্ৰীচাৰ্জৰ পূৰ্বৰ ইঞ্জিনিয়াৰিং ডাইৰেক্টৰ ৰচিতা চৌধাৰী ইঞ্জিনিয়াৰিংৰ মুখ্য হিচাপে নিযুক্তি লাভ কৰে তথা জাবং আৰু হপস্কচৰ স্থাপনা সদস্য সমৰ্থ ছাহনীয়ে বৃদ্ধিৰ মুখ্য হিচাপে যোগদান কৰে।৯
২০২১ চনৰ ভিতৰতে বেবীচক্ৰৰ ২.৫ কোটিৰো অধিক মাতৃব্যৱহাৰকাৰী আৰু ১০,০০০ চিকিৎসক আছিল। ২০২১ চনৰ আগষ্ট মাহত বেবীচক্ৰক MyGlamm-এ অধিগ্ৰহণ কৰে।১০১১
বেবীচক্ৰে ২০২২ চনৰ মাৰ্চ মাহত TinyStep অধিগ্ৰহণ কৰে আৰু ২০২৩ চনৰ মে’ মাহত বেবীকেয়াৰ শাখালৈ সম্প্ৰসাৰণ কৰে।১২
২০২২ চনৰ আগষ্ট মাহত অধ্যাপক শিখৰ ঘোষে বেবীচক্ৰৰ ওপৰত কৰা কেচ ষ্টাডিটো প্ৰতিষ্ঠানটোৰ যাত্ৰা, Good Glamm Group–ৰ সৈতে সংযুক্ত হোৱাৰ সিদ্ধান্ত আৰু স্থাপকৰ অভিজ্ঞতা–শিক্ষা আদি বিষয় বিশ্লেষণ কৰে।৩১৩
বেবীচক্ৰই ভাৰতৰ মাতৃ–শিশু স্বাস্থ্য খণ্ডত ডিজিটেল বিকাশ আগবঢ়োৱাৰ লক্ষ্য লৈ বিভিন্ন সংস্থাৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলে। প্লেটফৰ্মটোৱে অঞ্চলভেদে মাতৃসুস্থতা, পুষ্টি, শিশু–চিকিৎসা, মানসিক স্বাস্থ্য আদি বিষয়ে তথ্যভঁৰাল সমৃদ্ধ কৰি অধিক ব্যক্তিগতভাৱে উপযোগী পৰামৰ্শ প্ৰদান কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে। লগতে, স্থানীয় ভাষাৰ সমল বৃদ্ধি, AI–চালিত সহায়ক সেৱা, কমিউনিটি বিশেষজ্ঞৰ পৰামৰ্শ, অনলাইন ইভেন্ট, স্বাস্থ্য–শিবিৰৰ তথ্য, আৰু চিকিৎসক–ব্যৱহাৰকাৰী সম্পৰ্ক মজবুত কৰাৰ দৰে পদক্ষেপৰে ভাৰতীয় অভিভাৱকৰ ডিজিটেল সহায় নেটৱৰ্ক শক্তিশালী কৰাৰ দিশোত অগ্ৰগতি সাধিছে।
তথ্য ফাদিল
বেবীচক্ৰৰ এটা চাৰ্ভাৰৰ ভুল কনফিগাৰেচনৰ বাবে ৫.৫ মিলিয়নৰো অধিক ব্যৱহাৰকাৰীৰ ফাইল সম্ভাৱ্য হেকিঙৰ বাবে উন্মুক্ত হৈ পৰে। এই ফাইলসমূহত ব্যৱহাৰকাৰীসকলৰ ফটো, ভিডিও, চিকিৎসা পৰীক্ষাৰ ফলাফল, প্ৰেসক্ৰিপশ্যন আদি সংবেদনশীল তথ্য অন্তৰ্ভুক্ত আছিল। এইসমূহৰ অনেকেই শিশুসহ পৰিয়ালসকলকো সম্পৰ্কিত বুলি জনোৱা হৈছে।১৪১৫
তথ্যসূত্ৰ
- ↑ How Naiyya Saggi Built BabyChakra Into A Mothers' Social Network. Forbes India
- ↑ Bhalla, Kritti. (2021-05-12). Parenting Platform BabyChakra Exposes 5.5 Mn Files Carrying Data Of Parents, Children. Inc42 Media
- ↑ (2022-08-29). BabyChakra is now the focus of a Harvard Business School case study. The Hindu Business Line
- ↑ (2016-02-08). Baby Chakra's Naiyya Saggi and her journey from Law School to entrepreneurship. Firstpost
- ↑ Singal, Aastha. (2018-09-14). BabyChakra Has a Plan for the Modern Indian Mothers to Manage Their Baby & Themselves Better. Entrepreneur
- ↑ (2017-12-01). Google to mentor 4 new Indian startups. Zee Business
- ↑ Agarwal, Meha. (2018-09-10). Senior Leads From Facebook, OYO & Others Come Together To Invest In BabyChakra. Inc42 Media
- ↑ Ganguly, Shreya. (2020-02-19). This Woman Entrepreneur Makes Parenting Easier. Entrepreneur
- ↑ (2017-09-21). BabyChakra to turn into marketplace for maternity and childcare products. The Hindu Business Line
- ↑ Majumdar, Romita. (2021-08-16). MyGlamm Adds Parenting Platform BabyChakra To Its Content To Commerce Portfolio. Inc42 Media
- ↑ India Internet – Age of the unicorns. HDFC Sec
- ↑ Parenting Platform BabyChakra Acquires Tinystep To Build Mother Baby Platform. BW Disrupt
- ↑ BabyChakra: At the Crossroads - Case - Faculty & Research - Harvard Business School. Harvard Business School
- ↑ भारतीय वेबसाइट BabyChakra के 55 लाख यूज़र्स का डेटा लीक. Gadgets360 Hindi
- ↑ (2021-05-11). Parenting Platform BabyChakra Exposed Data of Parents, Children. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেবীচক্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৯৭ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।