অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হিব্ৰু ভাষা

হিব্ৰু (হিব্ৰু বৰ্ণমালা: עִבְרִית, ʿĪvrīt) ভাষা হ'ল আফ্ৰিকান ভাষা পৰিয়ালৰ অন্তৰ্গত এটা উত্তৰ-পশ্চিম চেমিটিক ভাষা। আধুনিক হিব্ৰু ইজৰাইল ৰাষ্ট্ৰৰ প্ৰধান চৰকাৰী ভাষা। ২০১৩ চনলৈকে বিশ্বজুৰি প্ৰায় ৯০ লাখ হিব্ৰু ভাষী আছে। ইয়াৰে ৭০ লাখ লোকে ইয়াক সাৱলীলভাৱে কয়।

হালনাগাদ: ২৪ জুন ২০২৫ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

হিব্ৰু (হিব্ৰু বৰ্ণমালা: עִבְרִית, ʿĪvrīt) ভাষা হ'ল আফ্ৰিকান ভাষা পৰিয়ালৰ অন্তৰ্গত এটা উত্তৰ-পশ্চিম চেমিটিক ভাষা। আধুনিক হিব্ৰু ইজৰাইল ৰাষ্ট্ৰৰ প্ৰধান চৰকাৰী ভাষা। ২০১৩ চনলৈকে বিশ্বজুৰি প্ৰায় ৯০ লাখ হিব্ৰু ভাষী আছে। ইয়াৰে ৭০ লাখ লোকে ইয়াক সাৱলীলভাৱে কয়।১২

ইভ্ৰিট ("হিব্ৰু") শব্দটো আধুনিক হিব্ৰু ভাষাত (ওপৰত) আৰু পেলিঅ'-হিব্ৰু বৰ্ণমালাত (তলত) লিখা আছে।
ইভ্ৰিট ("হিব্ৰু") শব্দটো আধুনিক হিব্ৰু ভাষাত (ওপৰত) আৰু পেলিঅ'-হিব্ৰু বৰ্ণমালাত (তলত) লিখা আছে।ছবি: Eliran t · CC BY-SA 4.0

ইতিহাস

হিব্ৰু ভাষাৰ ইতিহাস বিভিন্ন ধৰণৰ। ২০০ খ্ৰীষ্টাব্দৰ আশে-পাশে ই মৌখিক ভাষা হিচাপে মৃত্যুমুখত পৰে। কিন্তু ই আৰু বহু শতিকালৈ লিখিত ভাষা হিচাপে জীয়াই থাকিল। ইয়াৰ সহায়ত ধৰ্ম, আইন, ব্যৱসায়, দৰ্শন আৰু চিকিৎসা বিজ্ঞানৰ বহুতো গ্ৰন্থ ৰচনা কৰা হৈছিল। ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিতে কথিত ভাষা হিচাপে ইয়াৰ পুনৰ জন্ম হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা (মূলতঃ ৰাছিয়াৰ পৰা) বৰ্তমানৰ ইজৰাইল (তেতিয়াৰ ব্ৰিটিছ পেলেষ্টাইন) লৈকে ইহুদীসকলে নিজৰ বিভিন্ন মাতৃভাষা যেনে আৰবী, য়িদ্দিছ, ৰাছিয়ান ইত্যাদিৰ পৰিৱৰ্তে আধুনিক হিব্ৰু ভাষা ক’বলৈ আৰম্ভ কৰিছিল। ১৯২২ চনত হিব্ৰু ভাষা ব্ৰিটিছ পেলেষ্টাইনৰ চৰকাৰী ভাষাত পৰিণত হয়।

ইজৰাইলত ৫ লাখতকৈ অধিক লোকে হিব্ৰু ভাষা কয়৷ ইয়াৰ উপৰিও বিশ্বৰ বিভিন্ন ইহুদী সম্প্ৰদায়ৰ কেইবা লাখ লোকে হিব্ৰু ভাষা কয়। বৰ্তমান আৰবীৰ লগতে ইজৰাইলৰ চৰকাৰী ভাষা হিব্ৰু ভাষা৷ আৰব খণ্ডৰ বাহিৰে ইজৰাইলৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত কামতে হিব্ৰু ভাষা ব্যৱহাৰ কৰা হয়। চৰকাৰী বিদ্যালয়ত হিব্ৰু বা আৰবী ভাষাত শিক্ষা দিয়া হয় যদিও আৰবী বিদ্যালয়ত দশম শ্ৰেণীলৈকে হিব্ৰু ভাষা বাধ্যতামূলক। বিশ্ববিদ্যালয় পৰ্যায়তো হিব্ৰু ভাষা শিক্ষাৰ মাধ্যম। ইজৰাইলৰ বাতৰি কাকত, কিতাপ, ৰেডিঅ’ আৰু টেলিভিছনৰ মূল ভাষা হিব্ৰু।

পুনৰ্জন্ম

হিব্ৰু ভাষাক আধুনিক কথিত ভাষা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাৰ আঁৰত ৰাছিয়াত জন্মগ্ৰহণ কৰা ইহুদী আছিল এলিয়েজাৰ বেন য়েহুদা। ১৮৮১ চনত তেওঁ হিব্ৰু ভাষা পুনৰ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাৰে অট্টোমান সাম্ৰাজ্যৰ অধীনত ব্ৰিটিছ পেলেষ্টাইনত উপস্থিত হয়। বেন য়েহুদাই বিচাৰিছিল যে পেলেষ্টাইনত বাস কৰা ইহুদীসকলে কেৱল হিব্ৰু ভাষা ক’ব। তেওঁ হিব্ৰু ভাষাক সমাজত দেশ-বিদেশৰ সকলো ধৰণৰ কামৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা ভাষা হিচাপে প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছিল। সেইবাবেই তেওঁ ইহুদী ল’ৰা-ছোৱালীক সৰুৰে পৰা হিব্ৰু ভাষা শিকোৱাৰ ব্যৱস্থা কৰিছিল। এইদৰে হিব্ৰু ভাষা ক্ৰমান্বয়ে পুনৰ জীৱন্ত ভাষাত পৰিণত হ’ল। আজি হিব্ৰু ইজৰাইলৰ চৰকাৰী ভাষা৷

তথ্যসূত্ৰ

  1. ↑ (2018-08-14). Arabic Downgraded in Israel. Language Magazine
  2. ↑ Holmes, Oliver; Balousha, Hazem. (2018-07-19). 'One more racist law': reactions as Israel axes Arabic as official language. The Guardian

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিব্ৰু ভাষা” প্ৰবন্ধৰ সংশোধন ৫২০৪১৩ (২৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।