প্ৰদীপ বৰুৱা (Pradip Baruah) (৩ ছেপ্টেম্বৰ, ১৯৩৮—১৪ জানুৱাৰী, ২০২৬) অসম,ভাৰতৰ এগৰাকী লেখক, সাংবাদিক, পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক। চাৰি দশকৰো অধিক সময় তেওঁ অসমৰ ভাষা-সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। প্ৰদীপ বৰুৱা অসমৰ সিংহপুৰুষ আৰু দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্ঠাপক ৰাধাগোবিন্দ বৰুৱাৰ তৃতীয় আৰু কনিষ্ঠ পুত্ৰ। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই তেওঁ পিতৃয়ে প্ৰতিষ্ঠা কৰা ইংৰাজী কাকতখনত যোগদান কৰে। সংগীতৰ প্ৰতিও বিশেষ অনুৰাগ থকা বৰুৱাই ১৯৬৪ চনত কেইগৰাকীমান বন্ধু-সতীৰ্থৰ লগ লাগি 'মধুচয়নিকা' নামৰ সাংস্কৃতিক দল গঠন কৰিছিল।
১৯৮১ চনৰ ১ ডিচেম্বৰত পষেকীয়া আলোচনী প্ৰান্তিক ৰ জন্ম দিয়া বৰুৱাই ১৯৯৭ চনৰপৰা আমৃত্যু পৰ্যন্ত আলোচনীখনৰ সম্পাদক আৰু প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ সাদিন সাহিত্য-সাংবাদিকতা বঁটা১২, কমল কুমাৰী বঁটাকে ধৰি একাধিক উল্লেখযোগ্য সন্মান আৰু স্বীকৃতি তেওঁ লাভ কৰিছে। ‘স্বগতোক্তি’ হৈছে ২০১৮ চনত প্ৰকাশ পোৱা তেখেতৰ আত্মজীৱনী। ৩
জন্ম, শিক্ষা আৰু পৰিয়াল
১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত প্ৰদীপ বৰুৱাই জন্মলাভ কৰিছিল। প্ৰদীপ বৰুৱাৰ পিতৃ ৰাধাগোবিন্দ বৰুৱা আৰু মাতৃ লিলি বৰুৱা। ৰাধাগোবিন্দ বৰুৱা (১৯০০ – ১৯৭৭) এগৰাকী সুপৰিচিত অসমীয়া ব্যৱসায়ী, সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা আছিল। ৪তেওঁ 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা। ইয়াৰ লগতে তেওঁ 'দৈনিক অসম' (১৯৬৫) আৰু সাপ্তাহিক 'অসম বাণী' কাকতো প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম তেওঁৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। প্ৰদীপ বৰুৱাৰ জ্যেষ্ঠ ভ্ৰাতৃ হৈছে তুলসী গোবিন্দ বৰুৱা, প্ৰফুল্ল গোবিন্দ বৰুৱা। প্ৰফুল্ল গোবিন্দ বৰুৱা (১৯৩২ – ২০২৫) এজন সাংবাদিক আৰু দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল। একেদৰে বৰভ্ৰাতৃ তুলসী গোবিন্দ বৰুৱা (১৯২৫-২০১২)ও আছাম ট্ৰিবিউনৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল। আনহাতে প্ৰদীপ বৰুৱাৰ বাই-ভনী চাৰিগৰাকী। ৫
১৯৫৬ চনত গুৱাহাটীৰ ডনবস্ক' বিদ্যালয়ত প্ৰদীপ বৰুৱাই শিক্ষা জীৱন আৰম্ভ কৰে। সেইখন শিক্ষানুষ্ঠানৰপৰাই তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে। আইএছচিৰ প্ৰথম বাৰ্ষিকতে প্ৰদীপ বৰুৱাই ছাত্ৰ একতা সভাৰ নিৰ্বাচনত লঘু ক্ৰীড়া বিভাগৰ৩ সম্পাদক পদত নিৰ্বাচিত হয়। ১৯৫৮ চনত আইএছচিত উত্তীৰ্ণ হৈ তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু আন্দোলনকে ধৰি একাধিক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে তেওঁ অসমলৈ ঘূৰি আহে। তেওঁ আহি পুনৰ কটন কলেজত নামভৰ্তি কৰে আৰু ১৯৬০ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পিতৃয়ে আৰম্ভ কৰা সংবাদ গোষ্ঠী 'দ্য আছাম ট্ৰিবিউন'ত বৰুৱাই যোগদান কৰে। ৩
কৰ্ম জীৱন
আছাম ট্ৰিবিউনত
১৯৬০ চনত প্ৰদীপ বৰুৱাই পিতৃ ৰাধাগোবিন্দ বৰুৱাই আৰম্ভ কৰা সংবাদ প্ৰতিষ্ঠান 'দ্য আছাম ট্ৰিবিউন'ৰ কৰ্মদলত যোগদান কৰে। ১৯৬৭-৬৮ চনত উন্নত ছপা প্ৰযুক্তিৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁ মানচেষ্টাৰ আৰু ছ'ভিয়েট সংঘ ভ্ৰমণ কৰে। সেইবোৰ দেশত তেওঁ একাধিক সংবাদ প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। ১৯৮১ চনত বৰুৱাই ট্ৰিবিউনৰপৰা অব্যাহতি লয়। ৩
নিজাববীয়া ছপাশাল
মানচেষ্টাৰ, ছোভিয়েট ভ্ৰমণ কৰি আহি ১৯৭৭ চনত প্ৰদীপ বৰুৱাই ট্ৰিবিউনৰ ছপাশালৰ পুৰণি কিছুমান সামগ্ৰীৰ জৰিয়তে এটা ছপাশাল আৰম্ভ কৰিলে। এই ছপাশাল কাৰ্যক্ষম কৰি তেওঁ ভবেন্দ্ৰ নাথ শইকীয়াৰ 'গহ্বৰ' আৰু নিৰোদ চৌধুৰীৰ 'চাইকেডিলিক ঢেঁকীয়া' আৰু 'বীজাণু' পুথি ছপা কৰে। ৩
প্ৰান্তিক
১৯৮১ চনৰ ১ ডিচেম্বৰত প্ৰদীপ বৰুৱাই পষেকীয়া আলোচনী প্ৰান্তিক প্ৰতিষ্ঠা কৰে। প্ৰতিষ্থাপক সম্পাদক আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া। প্ৰান্তিকত বিভিন্ন বিষয়ৰ একাধিক নিয়মীয়া শিতান অথবা নিত্য-নতুন প্ৰবন্ধ সন্নিৱিষ্ট হয়। ৬৭অসমৰ সাহিত্যৰ কেইবাজনো প্ৰতিষ্ঠিত লেখক আৰু সাংবাদিক যেনে-ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰী, পৰাগ কুমাৰ দাস, হিৰণ্য কাশ্যপ, সৌৰভ শইকীয়া আদিসকলে প্ৰান্তিকৰ পৃষ্ঠাতে লেখক-জীৱন আৰম্ভ কৰিছিল। ১৯৯৭ চনত ড° ভবেন্দ্ৰ নাথ শইকীয়াই স্বাস্থ্যজনিত কাৰণত সম্পাদকৰ পদৰপৰা অব্যাহতি লোৱাৰ পাছত প্ৰদীপ বৰুৱা সেই স্থানত অধিষ্ঠিত হয় আৰু আমৃত্যু পৰ্যন্ত তেওঁ আলোচনীখনৰ সম্পাদক হৈ থাকে।
অন্যান্য
১৯৬৪ চনত প্ৰদীপ বৰুৱাই বলেন হাজৰিকা (ভূপেন হাজৰিকাৰ ভ্ৰাতৃ), অপূৰ্ব কুমাৰ দাস, কল্যাণ বৰা, খগেন্দ্ৰ নাথ দত্ত বৰুৱা, অনিল বৰুৱা,ৰত্ন ওজা, নিৰোদ চৌধুৰী, অখিল ডেকা আদি সতীৰ্থৰ লগ হৈ 'মধুচয়নিকা' নামৰ এটি সাংস্কৃতিক দল গঠন কৰিছিল।৩ বৰুৱা সংগীতৰ অনুৰাগী আছিল।
১৯৬৫ চনত প্ৰদীপ বৰুৱা নাৰেংগী লায়ন্স ক্লাৱৰ সদস্য হয়।৩
আত্মজীৱনী
প্ৰদীপ বৰুৱাৰ আত্মজীৱনী হৈছে 'স্বগতোক্তি'। গ্ৰন্থখন ২০১৮ চনত প্ৰকাশিত হয়।৮
ব্যক্তিগত জীৱন
১৯৬৪ চনত৩ যোৰহাটৰ মায়া বৰুৱাৰ সৈতে প্ৰদীপ বৰুৱাই বৈবাহিক জীৱন আৰম্ভ কৰে। তেওঁলোকৰ কন্যা ৰশ্মি বৰুৱা।
বঁটা-বাহন আৰু স্বীকৃতি
- জীৱন আলোচনীৰ 'বিশেষ ১০'ত প্ৰান্তিকক অন্তৰ্ভুক্ত আৰু চিলানৈত উৎসৱত প্ৰদীপ বৰুৱাক সন্মান, ২০১২ চনত
- সাদিন সাহিত্য-সাংবাদিকতা বঁটা, অসমীয়া প্ৰতিদিন গোষ্ঠীৰ তৰফৰপৰা (২০২১ চনত)
- কমল কুমাৰী বৰুৱা বঁটা
- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা৮
- আৰ এন বৰুৱা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা
- অসম জাতীয় বিদ্যালয় সন্মান, ২০২৪ চনত
- ৰাধিকামোহন ভাগৱতী সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা, সদৌ অসম সাংবাদিক সন্থাৰ তৰফৰ পৰা, ২০২৪ চনত।
- শ্ৰীধৰ বৰুৱা বঁটা, ২০২৫ চনত মাজুলীত অনুষ্ঠিত হোৱা চৰাইচোং উৎসৱত
- অসম জাতীয় বিদ্যালয় ন্যাসে প্ৰদীপ বৰুৱাৰ জীৱনভিত্তিক 'প্ৰান্তিক' শীৰ্ষক এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰে। ৩
মৃত্যু
বাৰ্দ্ধক্যজনিত ৰোগত ভুগি থকা প্ৰদীপ বৰুৱাক ২০২৫ চনৰ ২৯ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ ডাউন টাউন৯ হস্পিতালত ভৰ্তি কৰা হয়। ৩০ ডিচেম্বৰত তেওঁৰ ক্ষুদ্ৰান্ত্ৰত হোৱা হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। ক্ৰমাৎ তেওঁ আৰোগ্যৰ দিশে আগবাঢ়িছিল যদিও পৰৱৰ্তী পৰ্যায়ত সংক্ৰমণত আক্ৰান্ত হোৱাত তেওঁ শ্বাসক্ৰিয়া কষ্টদায়ক হৈ উঠে আৰু কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা কৰা হয়। ১৪ জানুৱাৰী, ২০২৬ তাৰিখে বুধবাৰৰ পুৱাৰেপৰা তেওঁৰ ৰক্তচাপ ক্ৰমে হ্ৰাস পায় আৰু সন্ধিয়া হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁ শেষ-নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময় আছিল সন্ধ্যা ৭ বাজি ২৭ মিনিট। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। ৩
১৫ জানুৱাৰী তাৰিখে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত প্ৰদীপ বৰুৱাৰ শেষকৃত্য সম্পন্ন হয়৷ ১০
গ্ৰন্থপঞ্জী
- Phukan, Mitra. (2004). R G Baruah: the architect of modern Assam. Sahitya prakash, Guwahati
তথ্যসূত্ৰ
- ↑ Achiever Awards 2021. Pratidin Media
- ↑ (14 Jan 2026 20:27 IST). বিশিষ্ট লেখক, সাংবাদিক প্ৰদীপ বৰুৱা আৰু নাই. অসমীয়া প্ৰতিদিন
- ↑ (১৬ জানুৱাৰী ২০২৬). চাৰি দশকৰো অধিক কাল সাহিত্যৰ সুৱাস বিলাই অজান দেশলৈ গুচি গ'ল 'প্ৰান্তিক'ৰ জন্মদাতা প্ৰদীপ বৰুৱা. দৈনিক অসম. পৃ. ১,২
- ↑ Phukan 2004
- ↑ বৰুৱা, প্ৰদীপ. স্বগতোক্তি. সঞ্জীৱন প্ৰকাশন
- ↑ (20 February 2010). Prantik: Leading Magazine of Assam. Assam Spider
- ↑ Popular Assamese magazines:Prantik. Onlinesivasagar
- ↑ প্ৰথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান
- ↑ (Jan 14, 2026, Updated Jan 14, 2026, 9:41 PM IST). Veteran journalist and ‘Prantik’ editor Pradip Baruah passes away at 88. indiatodayne. indiatoday
- ↑ nenow.in/north-east-news/assam/assam-prantik-edi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদীপ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬০০৬২৬ (১৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।