অসমৰ সাংবাদিক
৩৬ প্ৰবন্ধ
-
হীৰেন গোহাঁই
হীৰেন গোহাঁই (জন্ম ১৯৩৯) অসমীয়া সাহিত্য-সমালোচনা আৰু বৌদ্ধিক চৰ্চাৰ এগৰাকী উল্লেখযোগ্য ব্যক্তিত্ব। শিক্ষকতা, সাংবাদিকতা আৰু সাহিত্যসৃষ্টি—এই কেইটামান ক্ষেত্ৰত একেলগে সক্ৰিয় হৈ তেওঁ অসমীয়া জাতীয়-সাংস্কৃতিক আলোচনালৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
-
শান্তনু কৌশিক বৰুৱা
শান্তনু কৌশিক বৰুৱা অসমৰ লেখক-সাংবাদিক, যাৰ মূল কৰ্মক্ষেত্ৰ সংবাদ সম্পাদনা আৰু তথ্যনির্ভৰ গ্ৰন্থ-প্ৰণয়ন। বিশ্বকোষ, অভিধান, বছৰ-পুথি আৰু কুইজধৰ্মী জ্ঞান-সাহিত্যৰ জৰিয়তে তেওঁ অসমীয়াত প্ৰামাণ্য তথ্য-সংগ্ৰহৰ ধাৰাটোক শক্তি দিছে।
-
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯২৪–১৯৯৭) অসমীয়া সাহিত্যৰ ৰামধেনু যুগৰ অন্যতম মুখ্য কথাসাহিত্যিক, যাৰ উপন্যাস আৰু গল্পত সমাজ-বাস্তৱতা, ৰাজনৈতিক চেতনা আৰু মানৱতাবোধ স্পষ্ট ৰূপে প্ৰকাশ পাইছে।
-
অনুৰাধা শৰ্মা পূজাৰী
অনুৰাধা শৰ্মা পূজাৰী (জন্ম ১৯৬৪) অসমীয়া সাহিত্য আৰু সংবাদজগতৰ এগৰাকী পৰিচিত নাম, যিয়ে উপন্যাস, গদ্য আৰু সম্পাদনাৰ জৰিয়তে সমকালীন সমাজ-অনুভৱৰ ৰূপায়ণ কৰিছে। তেখেতে সাংবাদিকতা-প্ৰশিক্ষণ, কলা-শিক্ষা আৰু সংবাদসম্পাদনাৰ অভিজ্ঞতা একেলগে ব্যৱহাৰ কৰি বহুমুখী সৃষ্টিশীলতা গঢ়ি তুলিছে।
-
বেণুধৰ শৰ্মা
বেণুধৰ শৰ্মা (Benudhar Sharma) অসমীয়া ভাষাৰ সাহিত্যিক, সাংবাদিক, গৱেষক আৰু বুৰঞ্জীবিদ আছিল। তেখেতে স্বাধীনতা আন্দোলনত অংশ লোৱাৰ উপৰিও অসমীয়া সাংবাদিকতা আৰু বুৰঞ্জীমূলক সাহিত্যত উল্লেখযোগ্য অৱদান ৰাখিছিল।
-
নিৰোদ চৌধুৰী
নিৰোদ চৌধুৰী (Nirod Choudhury) অসমৰ এগৰাকী প্ৰয়াত সাহিত্যিক আৰু সাংবাদিক। ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত চামেলি মেমচা'ব নামৰ অসমীয়া চলচ্চিত্ৰৰ কাহিনীকাৰ হিচাপে চৌধুৰী বিশেষভাৱে পৰিচিত। তেওঁ প্ৰায় দুবছৰ কাল ধৰি অসম বাণী কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
যোগেশ দাস
যোগেশ দাস (Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত। তেখেতে ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।
-
পৰাগ কুমাৰ দাস
পৰাগ কুমাৰ দাস (জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৬১ - মৃত্যু: ১৭ মে, ১৯৯৬,) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।
-
তিলক হাজৰিকা
তিলক হাজৰিকা অসমৰ এজন আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক। তেখেতে প্ৰায় ৬০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিল।
-
ৰাধিকামোহন ভাগৱতী
ৰাধিকামোহন ভাগৱতী (Radhika Mohan Bhagawati, ১৯৩৩-২০১৭) অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত তেখেতৰ জন্ম হয়। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত তেখেত ৰামধেনুৰ সম্পাদক নিযুক্ত হৈছিল।
-
ফণী তালুকদাৰ
ফণী তালুকদাৰ (Phani Talukdar) অসমৰ এগৰাকী বিষয়া, সংবাদসেৱী, প্ৰবন্ধকাৰ, সাহিত্যিক, নাট্যকাৰ, অনুবাদক আৰু চলচ্চিত্ৰ পৰিচালক আছিল।
-
শিৱ প্ৰসাদ বৰুৱা
শিৱ প্ৰসাদ বৰুৱা (Siva Prasad Barooah) (১৮৮০-১৯৩৮) অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ তথা সমাজসেৱক ৷ অসমৰ সাংবাদিকতাৰ জগতত তেওঁক অন্যতম বাটকটীয়া বুলি গণ্য কৰা হয়৷ তেওঁৰ উদ্যোগতে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত 'বাতৰি' প্ৰকাশিত হৈছিল৷ তেওঁৰ স্মৰণত ১৯৯৯ চনৰ পৰা কমল কুমাৰী ফাউণ্ডেশ্যনে…
-
যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
যতীন্দ্ৰ কুমাৰ বৰগোহাঞি (Jatindra Kumar Borgohain) অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল। ২০১৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
-
অৰূপ কুমাৰ দত্ত
অৰূপ কুমাৰ দত্ত এজন ভাৰতীয় লেখক তথা সাংবাদিক। তেওঁ প্ৰাপ্ত বয়স্ক সকলৰ বাবে ১৬খন গ্ৰন্থ আৰু কিশোৰ-কিশোৰী সকলৰ বাবে ১৭খন অভিযান উপন্যাস ৰচনা কৰিছে। ২০১৪ চনত এছচিয়েছন অফ ৰাইটাৰছ আৰু ইলাষ্ট্ৰেটৰছ ফৰ চিল্ডৰেনে তেওঁক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।তেওঁ আন্তৰ্জাতিক শিশু বৰ্ষৰ বাবে প্ৰদান কৰা ১৯৭৯ চনৰ…
-
নগেন বৰা
নগেন বৰা (Nagen Borah) অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক। তেওঁ তিনি সহস্ৰাধিক গীত ৰচনা কৰাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি গৈছে।
-
প্ৰফুল্ল গোবিন্দ বৰুৱা
প্ৰফুল্ল গোবিন্দ বৰুৱা (২৬ জুলাই ১৯৩২ – ১৪ ডিচেম্বৰ ২০২৫) ভাৰতৰ এজন সাংবাদিক তথা দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল। সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
-
মৃণাল তালুকদাৰ
মৃণাল তালুকদাৰ হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা।
-
লক্ষ্মীনাথ ফুকন
লক্ষ্মীনাথ ফুকন (১৮৯৭–১৯৭৫) এগৰাকী সাংবাদিক আৰু সাহিত্যিক। ১৯১৫ চনৰ পৰা ১৯৬৪ চনলৈ লক্ষ্মীনাথ ফুকন অসমৰ সংবাদ জগতৰ সৈতে জড়িত হৈ আছিল। সাহিত্যিক হিচাপেও লক্ষ্মীনাথ ফুকনৰ অৱদান উল্লেখনীয়। ১৯১৮ চনতে প্ৰকাশ পোৱা 'মালা' শীৰ্ষক ছটা গল্পৰ সংকলনেৰে সাহিত্য জগতত খোজ দিছিল।
-
সূৰ্যকান্ত হাজৰিকা
সূৰ্যকান্ত হাজৰিকা (জন্ম: ৩১ মে' ১৯৫৬) এগৰাকী ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০০৮ চনত সাহিত্য আৰু শিক্ষা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল। তেখেত বৰ্তমান সাহিত্য সভাৰ সভাপতি।
-
মনোজ কুমাৰ গোস্বামী
মনোজ কুমাৰ গোস্বামী ( Manoj Kumar Goswami) হৈছে অসমৰ এগৰাকী সাংবাদিক আৰু লেখক। ২০২০ চনৰ ১ জুন তাৰিখে তেওঁ আমাৰ অসম কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ‘সমীৰণ বৰুৱা আহি আছে’ গল্পৰ যোগেদি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা গোস্বামীয়ে আশীৰ দশকৰপৰা বৰ্তমানলৈ অসমীয়া গল্প জগতলৈ বিশেষ অৱদান আগবঢ়াইছে।
-
গৌৰীশংকৰ কলিতা
গৌৰীশংকৰ কলিতা অসমৰ এজন বিশিষ্ট সাংবাদিক আৰু কেইবাখনো বাতৰি কাকতৰ সম্পাদক আছিল৷ অসমীয়া আৰু ইংৰাজী উভয় সংবাদ-পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই ১৯৯০ চনতে ইংৰাজী ছেণ্টিনেল কাকতত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছত ক্ৰমে ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই…
-
ধীৰেন্দ্ৰ নাথ বেজবৰুৱা
ধীৰেন্দ্ৰ নাথ বেজবৰুৱা এগৰাকী ভাৰতীয় সাংবাদিক আৰু সাহিত্যিক। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত দ্যা ছেণ্টিনেলৰ প্ৰতিষ্ঠাপক সম্পাদক। ১৯৩৩ চনত অসমৰ যোৰহাট জিলাত তেওঁৰ জন্ম হৈছিল।
-
নিবাৰণ বৰা
নিবাৰণ বৰা (Nibaran Bora) অসমৰ এজন ৰাজনীতিবিদ, লেখক, সাংবাদিক, শিক্ষক, খেলুৱৈ, বক্তা, সমাজকৰ্মী শ্ৰমিক নেতা তথা কৃষক নেতা আছিল। তেওঁক কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী আগশাৰীৰ অসমপ্ৰেমী আৰু জনমুখী ৰাজনীতিবিদ বুলি গণ্য কৰা হয়। তেওঁ অসমত হোৱা ছবছৰীয়া গণ আন্দোলনৰো অন্যতম হোতা আছিল।
-
মধুৰাম বড়ো
মধুৰাম বড়ো অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ। তেওঁ ২০০২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ তাৰোপৰি তেওঁ ২০০২ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে৷ ২০১৪ চনৰ ২৪ মাৰ্চ তাৰিখে তেওঁৰ মৃত্যু হয়৷
-
মুনীন বায়ন
মুনীন বায়ন অসমৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, চিন্তাশীল লেখক, সাহিত্য সমালোচক তথা চলচ্চিত্ৰ সমালোচক। অসমৰ সমাজ-জীৱন, সাহিত্য, বিশ্ব ৰাজনীতি তথা সামাজিক দৰ্শনৰ ওপৰত কৰা মাৰ্গদৰ্শক আলোচনাৰ বাবে অসমীয়া বৌদ্ধিক মহলত তেওঁ বিশেষভাৱে পৰিচিত।
-
অনিল মজুমদাৰ
অনিল মজুমদাৰ (Anil Majumdar) অসমৰ এজন প্ৰখ্যাত সাংবাদিক আৰু অসমীয়া দৈনিক কাকত “আজি”ৰ কাৰ্যবাহী সম্পাদক তথা স্বত্বাধিকাৰী আছিল। ২০০৯ চনৰ ২৪ মাৰ্চত গুৱাহাটীৰ ৰাজগড়স্থিত নিজ বাসভৱনৰ সন্মুখত তেওঁক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে।
-
তুলতুল বৰুৱা
তুলতুল বৰুৱা (Tultul Baruah) অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সাহিত্যিক, সাংবাদিক আৰু নিবন্ধকাৰ। কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
-
অনিল বৰুৱা
অনিল বৰুৱা (Anil Baruah; ২৬ ডিচেম্বৰ, ১৯৩৯ - ২৮ নৱেম্বৰ, ২০২৩) অসমৰ এগৰাকী সাংবাদিক আছিল। ১৯৩৯ চনৰ ২৬ ডিচেম্বৰত দেৰগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই দৈনিক অসম কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৬৬ চনত সম্পাদক হিচাপে কাকতখনৰ কাৰ্যভাৰ গ্ৰহণ কৰি ২০০১ চনত অৱসৰ গ্ৰহণ কৰে।
-
অসমত হত্যাৰ বলি হোৱা সাংবাদিকৰ তালিকা
১৯৮৭ চনৰ পৰা বিশজনতকৈও অধিক সম্পাদক, সাংবাদিক বা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে।
-
প্ৰদীপ বৰুৱা
প্ৰদীপ বৰুৱা (Pradip Baruah) (৩ ছেপ্টেম্বৰ, ১৯৩৮—১৪ জানুৱাৰী, ২০২৬) অসম,ভাৰতৰ এগৰাকী লেখক, সাংবাদিক, পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক। চাৰি দশকৰো অধিক সময় তেওঁ অসমৰ ভাষা-সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল।