অনিল বৰুৱা (Anil Baruah; ২৬ ডিচেম্বৰ, ১৯৩৯ - ২৮ নৱেম্বৰ, ২০২৩) অসমৰ এগৰাকী সাংবাদিক আছিল। ১৯৩৯ চনৰ ২৬ ডিচেম্বৰত দেৰগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই দৈনিক অসম কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৬৬ চনত সম্পাদক হিচাপে কাকতখনৰ কাৰ্যভাৰ গ্ৰহণ কৰি ২০০১ চনত অৱসৰ গ্ৰহণ কৰে।১ ইয়াৰ উপৰি তেওঁ বিভিন্ন সংবাদ পত্ৰ আদিত নিয়মীয়াকৈ লেখা-মেলা কৰিছিল। অসম আন্দোলনৰ ফলস্বৰূপে ১৯৮৫ চনত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ বিৰোধিতা কৰা লোকসকলৰ ভিতৰত তেওঁ অন্যতম আছিল। ২০২২ চনত তেওঁ অসম চৰকাৰৰ গণৰাজ্য দিৱসৰ সাংবাদিকতা বঁটা লাভ কৰিছিল। ২০২৩ চনৰ ২৮ নৱেম্বৰত বাৰ্ধক্যজনিত কাৰণত গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে।২
তথ্যসূত্ৰ
- ↑ (২৮ নৱেম্বৰ ২০২৩). বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ পৰলোকপ্ৰাপ্তি. নিয়মীয়া বাৰ্তা
- ↑ (29 November 2023). Guwahati: Former Dainik Asam Editor Anil Baruah passes away. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিল বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৯৭৫৬৯ (১৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।