নেহৰু ষ্টেডিয়াম (Nehru Stadium) অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। ইয়াত মূলতঃ ফুটবল আৰু ক্ৰিকেট খেলা হয়। ষ্টেডিয়ামখন ১৯৬২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই নিৰ্মাণ কৰিছিল।১ মুঠ ২৫,০০০ দৰ্শকে ষ্টেডিয়ামখনত খেল উপভোগ কৰিব পাৰে।২ নেহৰু ষ্টেডিয়ামত ১৪ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছে। ইয়াৰোপৰি সন্মানীয় ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰফী আৰু দুলীপ ট্ৰফী নিয়মীয়াকৈ অনুষ্ঠিত হোৱাৰ উপৰিও দেওধৰ ট্ৰফী প্ৰতিযোগিতাও ইয়াত অনুষ্ঠিত হৈছে। আনহাতে ফুটবলৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ প্ৰতিযোগিতা বৰদলৈ ট্ৰফী আৰু জি এছ এ 'এ', 'বি' আৰু 'চি' ডিভিজন ফুটবল লীগ সমূহ বাৰ্ষিক ভাৱে অনুষ্ঠিত হোৱাৰ লগতে দেশৰ অন্যতম আগশাৰীৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফী আৰু ফেডাৰেচন কাপও এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে।
এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ সমূহ
নেহৰু ষ্টেডিয়ামৰ এক সুন্দৰ দৃশ্যছবি: Vikramjit Kakati · CC BY-SA 3.0
নেহৰু ষ্টেডিয়ামত মুঠ ১৪ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে। তলত এতিয়ালৈকে অনুষ্ঠিত এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ সমূহৰ এক তালিকা প্ৰস্তুত কৰা হৈছে। ৩