প্ৰফুল্ল গোবিন্দ বৰুৱা (২৬ জুলাই ১৯৩২ – ১৪ ডিচেম্বৰ ২০২৫) ভাৰতৰ এজন সাংবাদিক তথা দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল। সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে। অসমত শিক্ষা, সাহিত্য আৰু সাংবাদিকতাৰ বিকাশৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়।১ তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্ঠাপক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন উৎসৱত প্ৰফুল্ল গোবিন্দ বৰুৱাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।২
কৰ্মজীৱন
১৯৬৬ চনত তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ সম্পাদক পদত অধিষ্ঠিত হয়। বৰ্তমান তেওঁ আছাম ট্ৰিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালক। দ্য আছাম ট্ৰিবিউন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত এখন দৈনিক ইংৰাজী ভাষা বাতৰি কাকত। ভাৰতৰ উত্তৰ-পূব ভাৰতত দ্য আছাম ট্ৰিবিউনয়েই হৈছে সৰ্বাধিক প্ৰচলিত দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে ৰাধাগোবিন্দ বৰুৱাই বাতৰি কাকতখনৰ জন্ম দিয়ে। কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।৩
প্ৰথম অৱস্থাত কেৱল গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য আছাম ট্ৰিবিউন বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড়, এই দুই ঠাইৰ পৰা একেসময়তে প্ৰকাশিত হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই কাকতখনকেই শ্ৰেষ্ঠতম বুলি বিবেচনা কৰা হয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলত এই কাকতখনৰ বৃহৎসংখ্যক পঢ়ুৱৈ আছে।৪৫ তেওঁ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ লগত জড়িত হৈ আছে।৬
বঁটা আৰু সন্মান
অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰ খনৰ পিতামহ হিচাপে খ্যাত প্ৰফুল্ল গোবিন্দ বৰুৱা বহুতো বঁটা লাভ কৰিছে। তাৰে ভিতৰত কমলা শইকীয়া ট্ৰাষ্ট, অসম সাহিত্য সভা আদিৰ বঁটা অন্যতম। তেওঁ কৰ্কট ৰোগৰ সজাগতা সৃষ্টিৰ বাবে ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানে সন্মানিত কৰিছিল।৭
- সাংবাদিকতাৰ শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা, ১৯৯৯
- ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা, ২০১৮৬
তথ্যসূত্ৰ
- ↑ Padma Shri honour for nine achievers from northeast - Times of India. The Times of India
- ↑ Doctorate Degrees conferred to PG Baruah and Rima Das. G Plus
- ↑ A glorious journey. The Assam Tribune
- ↑ (April 12, 2013). Presence of media in Assam:. Mediaware Infotech Pvt. Ltd
- ↑ Sumantha Rathore, afaqs!, New Delhi,. (March 21, 2011). IRS 2010 Q4: Dailies lose readers in Assam. afaqs.com
- ↑ (2018-01-26). Padma awards: Assam’s winners include veteran journalist and India’s ‘Enid Blyton’. https://www.hindustantimes.com/
- ↑ Assam Tribune Editor honoured with Padma Shri Award - TNT-The NorthEast Today. TNT-The NorthEast Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল গোবিন্দ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৬৯৭২০ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।