নিৰোদ চৌধুৰী (Nirod Choudhury) অসমৰ এগৰাকী প্ৰয়াত সাহিত্যিক আৰু সাংবাদিক। ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত চামেলি মেমচা'ব নামৰ অসমীয়া চলচ্চিত্ৰৰ কাহিনীকাৰ হিচাপে চৌধুৰী বিশেষভাৱে পৰিচিত।১ তেওঁ প্ৰায় দুবছৰ কাল ধৰি অসম বাণী কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।২৩ অসম বাণী কাকতত তেখেতে ধাৰাবাহিকভাৱে ন্যায়াধীশ উপেন ৰাজখোৱাৰ দ্বাৰা ১৯৭০ চনত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ বিষয়ে ধাৰাবাহিকভাৱে লিখা বিচাৰক ৰাজখোৱাৰ ফাঁচী সংবাদটোৱে ৰাজ্যজুৰি বিশেষ গুৰুত্ব লাভ কৰিছিল।
জন্ম আৰু শিক্ষাজীৱন
১৯৩৬ চনৰ ২৪ এপ্ৰিলৰ দিনা তিনিচুকীয়া জিলাৰ ডুমডুমাত নিৰোদ চৌধুৰীৰ জন্ম হয়। তেওঁৰ পিতৃ চানাৰাম চৌধুৰী আছিল ডাঙৰী অঞ্চলৰ এজন ব্যৱসায়ী। সৰু কালছোৱা ডুমডুমাতে পঢ়া-শুনা কৰি পিছলৈ তেওঁ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ডাঙৰীত তেওঁ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও সেয়া এৰি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। ৪
কৰ্মজীৱন
নিৰোদ চৌধুৰী একেধাৰে গল্পকাৰ, ঔপন্যাসিক, গীতিকাৰ আৰু সাংবাদিক হিচাপে পৰিচিত। কাঁচঘৰ, বনহংস, বনজুই, পানী, মন প্ৰজাপতি, নতুন আশা আদিৰ লগতে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ চামেলী মেমচা'ব তেওঁৰ দ্বাৰা ৰচিত কাহিনীৰে নিৰ্মাণ কৰা হৈছিল। অংগীকাৰ চলচ্চিত্ৰৰ বাবে ৰচনা কৰা কপালতে পিন্ধিলোঁ জিলমিল সোণ পৰুৱা, জীৱন নদীৰ দুয়োপাৰৰ আদি গীতসমূহত ভূপেন হাজৰিকাই কণ্ঠদান কৰিছিল।
সাংবাদিকতা
ছাত্ৰাৱস্থাতেই তেখেতে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ আহ্বানত দ্য আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ লাইব্ৰেৰীয়ান হিচাপে চাকৰি জীৱন আৰম্ভ কৰে৷ স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি থাকোতেই তেওঁ দ্য আছাম ট্ৰিবিউনৰ সম্পাদকীয় মেজত কাম কৰিছিল।৪ ১৯৯১ চনৰ ১৬ জুনত চৌধুৰীয়ে অসম বাণী কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৯৩ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি যায়।২ দৈনিক অসমৰ বিস্মৃত সুবাস শিতান আৰু অসম বাণীৰ তৃতীয় পৃষ্ঠাত তেওঁ পৃথিৱীৰ বিভিন্ন ঠাইৰ ঘটনা আৰু বিভিন্ন বিষয়ৰ ওপৰত নিয়মীয়াকৈ লিখিছিল।৪
সাহিত্যকৃতি
অসমৰ বিভিন্ন কাকত-আলোচনীত নিৰোদ চৌধুৰীয়ে নিয়মীয়াকৈ লেখা-মেলা কৰিছিল। সত্তৰ-আশীৰ দশকৰ আলোচনীৰ ভিতৰত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পোৱা বিন্দু নামৰ ক্ষুদ্ৰ আলোচনীতো তেওঁ লিখিছিল।৫ অসম বাণীত তেওঁ ধাৰাবাহিকভাৱে ন্যায়াধীশ উপেন ৰাজখোৱাৰ দ্বাৰা ১৯৭০ চনত ধুবুৰীত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ বিষয়ে ধাৰাবাহিকভাৱে বিচাৰক ৰাজখোৱাৰ ফাঁচী শীৰ্ষক লেখা লিখিছিল। পিছলৈ এয়া গ্ৰন্থ আকাৰে প্ৰকাশ পায়।
ৰচনাসমূহ
গল্প সংকলন
- অংগে অংগে শোভা
- হংস মিথুন
- নিশিগন্ধা
- বায়ু বহে পূৰবৈয়া
- প্ৰথম প্ৰহৰ
- হীৰা পান্না
- সোনপৰুৱা
উপন্যাস
- বুঢ়ী গঙ্গাত জুই
- গোপাল ৰেড্ডী যশোধৰা আৰু মই
- কস্তুৰী মৃগ
- নষ্টচন্দ্ৰ
ভিন্নধৰ্মী
- ডুমডুমা ডুমডুমাই
- অসমীয়া চলচ্চিত্ৰৰ ইতিহাস
- বিচাৰক ৰাজখোৱাৰ ফাঁচী
২০১০ চনৰ ছেপ্টেম্বৰ মাহত নন্দ তালুকদাৰ ফাউণ্ডেছন আৰু ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচে বিচাৰক ৰাজখোৱাৰ ফাঁচী আৰু ইত্যাদি নামেৰে নিৰোদ চৌধুৰীৰ এখন ৰচনা সংকলন প্ৰকাশ কৰি উলিয়ায়।
দেহাৱসান
২০০১ চনৰ ১০ ফেব্ৰুৱাৰীত সাহিত্যিক-সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।৪
তথ্যসূত্ৰ
- ↑ Bordoloi, Anupam. (08 August, 2000). SPOTLIGHTS DIM ON AUTHOR. The Telegraph
- ↑ Our Past Editors. অসম বাণী
- ↑ Assamese Weekly Newspapers. Onlinesivasagar.com
- ↑ ৰুণী ৱাহেব. (14 February, 2020). নিৰোদ মামাক মই যিদৰে জানিছিলোঁ. মনিকূট: অসমীয়া ই-আলোচনী
- ↑ Dutta, Reema. ড° ভূপেন হাজৰিকা দ্বাৰা সম্পাদিত প্ৰথম অসমীয়া আলোচনী “বিন্দু”. Rupaliparda.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰোদ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৩৮১৬৫ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।