আলোকেশ লাহিড়ী (Alokesh Lahiri) (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২)১ এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। ২ তেওঁ বাপ্পী লাহিড়ী নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল। তেওঁ বাংলা ভাষাত অমৰসঙ্গী, আশা ও ভালোবাসা, আমাৰ তুমি, অমৰ প্ৰেম, মন্দিৰা, বদনাম, ৰক্তেলেখা, প্ৰিয়া আদিৰ দৰে বক্স অফিচত সফলতা পোৱা চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰিছিল। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ ৱাৰদাত, ডিস্কো ডান্সাৰ, নমক হালাল, শৰাবী, নয়া কদম, মাষ্টাৰজী, বেৱাফাই, মকছদ, ছুৰাগ, ইনচাফ ম্যে কৰুঙ্গা, ডান্স ডান্স, কমাণ্ডো, চাহেব, গেং লীডাৰ, ছাইলাবৰ দৰে চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় আছিল। লাহিড়ীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰে। তেওঁক ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ পৰাজিত হয়।৩ ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।৪
প্ৰাৰম্ভিক জীৱন
আলোকেশ অপৰেশ লাহিৰীৰ জন্ম হৈছিল কলিকতাৰ এটা বঙালী ব্ৰাহ্মণ পৰিয়ালত।৫৬তেওঁৰ পিতৃ-মাতৃ অপৰেশ লাহিৰী আৰু বনসুৰি লাহিৰী দুয়োজনেই আছিল বাংলা গায়ক আৰু ভাৰতীয় ধ্ৰুপদী সংগীত আৰু শ্যামা সংগীতৰ সংগীতজ্ঞ, যি পূব বংগ (বৰ্তমান বাংলাদেশ)ৰ চিৰাজগঞ্জৰ লাহিৰী মোহন পৰিয়ালৰ অন্তৰ্গত। তেওঁৰ পিতৃ-মাতৃ, দুয়োজনেই গায়ক আছিল যিয়ে আকাশবাণীৰ বাবে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত লগ পাইছিল।৭আলোকেশ আছিল তেওঁলোকৰ একমাত্ৰ সন্তান। তেওঁৰ আত্মীয়ৰ ভিতৰত আছে গায়ক কিশোৰ কুমাৰ, তেওঁৰ মোমায়েক।৮
বাপ্পীয়ে ৩ বছৰ বয়সতে তবলা বজাবলৈ আৰম্ভ কৰে।প্ৰথম অৱস্থাত তেওঁক পিতৃ-মাতৃয়ে প্ৰশিক্ষণ দিয়ে।৯ বাপ্পীয়ে শিশু অৱস্থাত তবলা বজাই প্ৰতিভা প্ৰদৰ্শন কৰিছিল আৰু লতা মংগেশকাৰৰ পৰামৰ্শ মতে সমতা প্ৰসাদৰ ওচৰত শিক্ষা লৈছিল।৭
শৈশৱৰ পৰাই তেওঁ আমেৰিকান সংগীতজ্ঞ এলভিছ প্ৰেছলীক মূৰ্তি হিচাপে গঢ়ি তুলিছিল আৰু তেওঁৰ পৰা একাধিক সোণৰ শিকলি আৰু সোণৰ গহনা পিন্ধিবলৈ অনুপ্ৰাণিত হৈছিল।১০ তেওঁ সফল হ'লে নিজৰ স্বাক্ষৰযুক্ত ৰূপ সৃষ্টি কৰাৰ কথা ভাবিছিল, আৰু পিছলৈ সফল হোৱাৰ লগে লগে তেওঁ প্ৰেছলীৰ ৰূপটোৰ পৰা অনুপ্ৰাণিত হৈ নিজৰ স্বাক্ষৰযুক্ত "সোণালী গহনা" সৃষ্টি কৰিছিল। তেওঁ সোণক তেওঁৰ বাবে "ভাগ্যৱান" বুলি গণ্য কৰে।
মৃত্যু
বাপ্পী লাহিড়ী অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াত আক্ৰান্ত হৈ ২০২২ চনৰ ১৫ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত মৃত্যুমুখত পৰে।১১ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,১২ কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়১৩ কে ধৰি ৰাজনীতিবিদসকলে লাহিড়ীৰ মৃত্যুত শোক প্ৰকাশ কৰে। অক্ষয় কুমাৰ, অজয় দেৱগন, চিৰঞ্জীৱী, কে.এছ.চিত্ৰা, শ্ৰেয়া ঘোষাল, বিশাল দাদলানী, হিমেশ ৰেশমীয়া আদিয়েও শোক প্ৰকাশ কৰে।১৪১৫
তথ্যসূত্ৰ
- ↑ (16 February 2022). Veteran singer-composer Bappi Lahiri dies in Mumbai at 69. Hindustan Times
- ↑ Bappi Lahiri, Composer-Singer, Dies In Mumbai Hospital At 69. NDTV.com
- ↑ (10 May 2010). Lok Sabha Results: Top 30 Losers. The Indian Express
- ↑ (2022-02-16). Bappi Lahiri passes away at 69 in Mumbai Hospital. BussinessToday.in
- ↑ I AM: Bappi Lahiri – Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Goldfinger. www.telegraphindia.com
- ↑ Traub, Alex. (2022-02-25). Bappi Lahiri, India’s ‘Disco King,’ Dies at 69. The New York Times
- ↑ Saxena, Manjari. (17 July 2014). Bappi Lahiri: the golden era of music has ended. Gulf News
- ↑ (16 February 2022). Bappi Lahiri aka Alokesh Lahiri began his musical career at 3: Story of the child prodigy. India Today
- ↑ Bappi Lahiri's UNPUBLISHED INTERVIEW. Times of India
- ↑ (2022-02-16). Bappi Lahiri passes away: Disco King of Bollywood dies at 69. The Indian Express
- ↑ (16 February 2022). PM Narendra Modi leads India in paying tribute to Bappi Lahiri
- ↑ In memoriam: PM Modi, Mamata, Smriti Irani mourn Bappi Lahiri's demise, Sachin-Bhajji remember playing his songs in Team India dressing room
- ↑ 'End of an era': B-town celebs mourn, Akshay Kumar says Bappi Lahiri made millions dance; Ajay Devgn remembers his 'endearing' persona
- ↑ (16 February 2022). RIP Bappi Lahiri, another legend gone: Akshay Kumar, Chiranjeevi (K.S.Chithra) and other celebs deeply saddened by Disco King's death. Zee News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাপ্পী লাহিড়ী” প্ৰবন্ধৰ সংশোধন ৩২০৬৮১ (১৩ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।