পদ্মিনী কোলহাপুৰী (Padmini Kolhapure; ১ নবেম্বৰ ১৯৬৫) মূলতঃ হিন্দী ভাষা চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ ১৯৭২ চনত সাত বছৰ বয়সত শিশুশিল্পী ৰূপে জিদ্দী (১৯৭৬) আৰু ড্ৰীমগাৰ্ল্ (১৯৭৭) ছবিৰে অভিনয় জগতত প্ৰবেশ কৰে। ইয়াৰ পিছত সত্যম শিৱম সুন্দৰমত (১৯৭৮) তেওঁ মূল নাৰী চৰিত্ৰ ৰূপাৰ কিশোৰী কালৰ চৰিত্ৰত অভিনয় কৰে। পোন্ধৰ বছৰ বয়সত কোলহাপুৰীয়ে প্ৰতিশোধমূলক কাহিনীৰ ছবি ইনচাফ কা তৰাজুৰ (১৯৮০) বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ আৰু পোন্ধৰ বছৰ বয়সত ট্ৰেজিক ৰোমাঞ্চ প্ৰেম ৰোগৰ (১৯৮২) বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা পায়। তেওঁ আছিল এই দুটা শিতানত বঁটা পোৱা দ্বিতীয় কম বয়সীয়া অভিনেত্ৰী। তেওঁ সৌতন (১৯৮৩) ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ আৰু প্যায় ঝুকতা নেহীৰ (১৯৮৫) বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ মনোনয়নো লাভ কৰিছিল।১২
ব্যক্তিগত জীৱন
পেচাদাৰী সঙ্গীতজ্ঞ পান্ধাৰীনাথ কোলহাপুৰী আৰু নিৰুপমা কোলহাপুৰীৰ তিনিজনী কন্যা সন্তান আছিল। তাৰ দ্বিতীয়জনী পদ্মিনী কোলহাপুৰী। তেওঁৰ বায়েক শিৱাংগী কাপুৰ অভিনেত্ৰী শক্তি কাপুৰৰ পত্নী আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ মাক। তেওঁৰ সৰুজনী ভনীয়েক তেজস্বিনী কোলহাপুৰীও এগৰাকী অভিনেত্ৰী।৩
তেওঁলোকৰ পৰিয়ালটোৱে কোলহাপুৰী উপাধি গ্ৰহণ কৰিছিল, কিয়নো তেওঁলোক মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ মূল নিবাসী আছিল।২ তেওঁৰ মাক কৰ্ণাটক মাঙ্গালোৰৰ কোংকণী ভাষাভাষী এটা ব্ৰাহ্মণ পৰিয়ালৰ সন্তান আৰু পণ্ডিত দীননাথ মংগেশকাৰৰ অৰ্ধ-ভগ্নী। দেউতাক পান্ধাৰীনাথ এজন প্ৰতিভাশালী বীণাবাদক আছিল। সংগীত নাটকৰ পান্ধাৰীনাথৰ দেউতাক পণ্ডিত কৃষ্ণৰাও কোহলাপুৰীয়ে বৰোদা দৰবাৰৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।৪ য়েইছা প্যাৰ কহাৰ কাম কৰি থকা অৱস্থাত তেওঁ প্ৰদীপ শৰ্মাক লগ পায়, যি ছবিখনৰ প্ৰযোজক আছিল। ১৯৮৬ চনত দুয়োৰো বিয়া হয়। ৫ ফেব্ৰুৱাৰী ১৯৯০ত তেওঁলোকৰ পুত্ৰ প্ৰিয়াংক কে. শৰ্মাৰ জন্ম হয়।২
কৰ্ম জীৱন
শৈশৱতে ভনীয়েক শিৱাংগীৰ সৈতে তেওঁ য়াদো কী বৰাত, কিতাব আৰু দুস্মন দোস্ত ছবিৰ কোৰাচ গাইছিল। পিছলৈ পদ্মিনীয়ে বিধাতা, দানপানী, প্ৰফেচৰ কী পৰোচন, হম ইন্তেজাৰ কৰেংগে আৰু চড়ক-ছাপ ছবিৰ বাবে গীত গায়। বাপ্পী লাহিড়ীৰ সৈতে তেওঁৰ মিউজিক লাভাৰছ্ নামৰ সংগীত এলবাম এখনো মুক্তি পাইছিল। ১৯৮৬ চনত তেওঁ বাপ্পী লাহিড়ীৰ সৈতে লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত অনুষ্ঠান পৰিবেশন কৰিছিল। আশা ভোছলেৰ পৰামৰ্শত দেৱ আনন্দে তেওঁৰ ছবি ইছক্ ইছক্ ইছকৰ (১৯৭৫) বাবে পদ্মিনীক কাষ্টিং কৰিছিল। ইয়াৰ পিছত তেওঁ অভিনয় কৰা অন্য কিছু ছবি- ড্ৰীমগাৰ্ল (১৯৭৭),জিন্দেগী (১৯৭৬) আৰু সাজন বিনা সুহাগন (১৯৭৮)।গেহৰায়েত (১৯৮০) ক’লা যাদুৰ দ্বাৰা সন্মোহিত এজনী স্কুলীয়া ছোৱালীৰ ভূমিকাত তেওঁ প্ৰশংসনীয় অভিনয় কৰিছিল।৫১
পদ্মিনীয়ে ছবিত কাম কৰাৰ সুবিধাৰ বাবে মাকে তেওঁ এয়াৰ লাইনছৰ চাকৰি এৰি দিয়ে। শিশুশিল্পী হিচাপে তেওঁৰ আটাইতকৈ বিখ্যাত অভিনয় ৰাজ কাপুৰৰ সত্যম শিৱম সুন্দৰমত (১৯৭৭) কৰা অভিনয়। আমেৰিকান ছবি লিপষ্টিকৰ ৰিকেম ইনচাফ কা তৰাজুত ধৰ্ষণৰ বলি হোৱা এজনী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰি ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়। ১৫ বছব বয়সত তেওঁ ঋষি কাপুৰৰ বিপৰীতে প্ৰথম নায়িকাৰ ভূমিকাত অভিনয় কৰে নাচিৰ হুছেইনৰ জামানে কো দিখানা হ্যায় ছবিত। ছবিখন ফ্লপ হয় যদিও এই যুটিটোৱে একেলগে কাম কৰা ৰাজ কাপুৰৰ প্ৰেম ৰোগত (১৯৮২) পদ্মিনীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।৫১
তেওঁৰ বিধাতা (১৯৮২),সৌতন (১৯৮৩) আদি ছবিয়ে বক্স অফিচত সফলতা পায়। মিথুন চক্ৰৱৰ্তীৰ সৈতে কৰা তেওঁৰ প্যাৰ ঝুকতা নেহীয়ে (১৯৮৫) প্ৰভূত ব্যৱয়াসিক সফলতা লাভ কৰে। এই যুটিটোৱে আৰু বহু কেইখন ছবিত কাম কৰিছিল। ৱো সাত দিন ছবিত তেওঁ নবাগত অনিল কাপুৰৰ সৈতে অভিনয় কৰিবলৈ মান্তি হৈছিল। ছবিখন সফল হৈছিল আৰু ই বলীউডত প্ৰতিষ্ঠিত হোৱাত অনিল কাপুৰক সহায় কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ (15 September 2012). Aasman Se Gire, Khajoor Pe Atke Sep 14 2012 001
- ↑ If I had my way, I would have worked with Raj Kapoor all my life: Padmini Kolhapure Times of India 13 September 2013
- ↑ Ashok Kumar (Expressindia.com). (13 August 2008). Working for TV serial was frustrating: Tejaswini. Express India
- ↑ I feel bad about it: Pt. Pandharinath DNA 16 June 2009
- ↑ SPICY REALITIES OF PADMINI KOLHAPURE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মিনী কোলহাপুৰী” প্ৰবন্ধৰ সংশোধন ৫৮২১৫৫ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।