অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী
২৯ প্ৰবন্ধ
-
জুবিন গাৰ্গ
জুবিন গাৰ্গ (১৯৭২–২০২৫) আধুনিক অসমীয়া সংগীতৰ অন্যতম প্ৰভাৱশালী কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। বহুভাষিক কণ্ঠদান, বহুবাদ্যযন্ত্ৰৰ দখল আৰু চলচ্চিত্ৰ-সংগীতত সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁ অসম তথা উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক পৰিসৰত বিশেষ স্থান লাভ কৰে।
-
চনু নিগম
চনু নিগম (জন্ম ৩০ জুলাই ১৯৭৩) এজন ভাৰতীয় কণ্ঠশিল্পী, যিয়ে বিশেষকৈ হিন্দী আৰু কন্নড় ভাষাৰ বোলছবিৰ গীতৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছে। বহু ভাষাত গীত গোৱাৰ সামৰ্থ্য, টেলিভিজনৰ আঁতধৰোঁতা হিচাপে উপস্থিতি, আৰু ইণ্ডিপপ এলবামৰ সফলতাই তেওঁক আধুনিক ভাৰতীয় গায়কীৰ এটা উল্লেখযোগ্য নাম কৰি তুলিছে।
-
ৰমেন বৰুৱা
ৰমেন বৰুৱা অসমৰ চলচ্চিত্ৰ-সংগীত ক্ষেত্ৰৰ অন্যতম প্ৰভাৱশালী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ষষ্ঠ দশকৰ শেষৰ পৰা তেওঁ অসমীয়া ছবিৰ গীত-সুৰক জনপ্ৰিয়তাৰ শীৰ্ষলৈ তুলি ধৰা বহু কামৰ সৈতে জড়িত।
-
কবিতা কৃষ্ণমূৰ্তি
সাৰদা (Kavita Krishnamurthy; জন্ম ২৫ জানুৱাৰী ১৯৫৮) এগৰাকী ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী। তেওঁক কবিতা কৃষ্ণমূৰ্তি বা কবিতা সুব্ৰমনিয়াম নামেৰে জনা যায়।
-
শান
শান বা শান্তনু মুখাৰ্জী (Shantanu Mukherjee) এজন প্ৰখ্যাত ভাৰতীয় গায়ক আৰু অভিনেতা। ১৯৭২ চনৰ ৩০ ছেপ্টেম্বৰত ভাৰতৰ খান্দ্বা, মধ্য প্ৰদেশৰ তেওঁৰ জন্ম হৈছিল। তেওঁ মুখ্যতঃ হিন্দী গীতত কণ্ঠদান কৰে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ নিজৰ ভগ্নী সাগৰিকা মুখাৰ্জীৰ সৈতে লগ লাগি কিছুমান জনপ্ৰিয় গীত পৰিৱেশন কৰিছিল।
-
পুলক বেনাৰ্জী
পুলক বেনাৰ্জী (Pulak Banerjee) অসমৰ এগৰাকী কণ্ঠশিল্পী। শ্ৰব্য কেছেট 'সোঁৱৰণি'ৰ জৰিড়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰাপিছত আৰু তেখেতে পিছলৈ উভতি চোৱা নাই। যোৱা পাঁচোটা দশকজুৰি তেখেতে অংসখ্য গীতত কণ্ঠদান কৰিছে। কেইবাখনো চলচ্চিত্ৰত নেপথ্য গায়কৰূপে তেখেতে কণ্ঠদান কৰিছে।
-
সাগৰিকা মুখাৰ্জী
সাগৰিকা মুখাৰ্জী বা সাগৰিকা (Sagarika Mukherjee; জন্ম ৪ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ মুখ্যতঃ হিন্দী, অসমীয়া আৰু বাংলা ভাষাৰ গান গায় কিন্তু তামিল আৰু তেলেগু ভাষাতো গান গায়। তেওঁ গায়ক আৰু সুৰকাৰ মানস মুখাৰ্জী আৰু গীতিকাৰ জাহাৰ মুখাৰ্জীৰ নাতিনীৰ কন্যা।
-
সুমন কল্যাণপুৰ
সুমন কল্যাণপুৰ (Suman Kalyanpur, জন্মː ২৮ জানুৱাৰী ১৯৩৭) এগৰাকী প্ৰখ্যাত ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বহুতে বিশ্বাস কৰে যে প্ৰতিভা অনুযায়ী তেওঁ যি স্থানত উপনীত হব লাগিছিল, সেই স্থানত উপনীত হ’ব নোৱাৰিলে।
-
অনুৰাধা পৌডৱাল
অনুৰাধা পৌডৱাল (Anuradha Paudwal; জন্ম: ২৭ অক্টোবৰ ১৯৫৪)মূলতঃ হিন্দী চলচ্চিত্ৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। প্ৰচাৰ মাধ্যমত তেওঁক এগৰাকী শীৰ্ষস্থানীয় ভজন গায়িকা আৰু আৰু আশী আৰু নব্বৈৰ দশকৰ বলীউডৰ অন্যতম সফল নেপথ্য কণ্ঠশিল্পী হিচাপে অভিহিত কৰা হয়।
-
ঊষা মংগেশকাৰ
ঊষা মংগেশকাৰ (Usha Mangeshkar; ১৫ ডিচেম্বৰ, ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ হিন্দু, বঙালী, মাৰাঠী, কান্নড়, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাত বহুতো গীত বাণীৱদ্ধ কৰিছে।
-
নিৰ্মলা মিশ্ৰ
নিৰ্মলা মিশ্ৰ (নির্মলা মিশ্র; ২১ অক্টোবৰ ১৯৩৮-৩১ জুলাই ২০২২) এগৰাকী বিশিষ্ট বঙালী আধুনিক গীত আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তেওঁৰ অৱদানৰ তালিকাত অসংখ্য চিৰসেউজ গীত আছে।
-
জংকী বৰঠাকুৰ
জংকী বৰঠাকুৰ (১ অক্টোবৰ ১৯৭৫-১২ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী আছিল যিয়ে অসমীয়া আৰু হিন্দী ভাষাত গান গাইছিল। তেওঁ কপিল ঠাকুৰৰ জীয়ৰী আৰু পালমী বৰঠাকুৰৰ ভগ্নী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ এজন গায়ক আৰু অভিনেতা।
-
মনীষা হাজৰিকা
মনীষা হাজৰিকা (Manisha Hazarika) হৈছে অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ কলিকতাৰ এটি সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা মনীষা হাজৰিকাই একাধিক অসমীয়া কথাছবিৰ লগতে বহুকেইটা একক আৰু দ্বৈত গীতত কণ্ঠ নিগৰাইছে৷ হেমন্ত দত্তই পৰিচালনা কৰা অসমীয়া কথাছবি উপপথত তেখেতে সংগীত পৰিচালনা কৰি অসমৰ প্ৰথমগৰাকী মহিলা…
-
সন্ধ্যা মুখাৰ্জী
সন্ধ্যা মুখাৰ্জী অথবা সন্ধ্যা মুখোপাধ্যায়, (Sandhya Mukherjee; ৪ অক্টোবৰ ১৯৩১-১৫ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ১৯৩১ চনৰ ৪ অক্টোবৰত তেওঁ কলকাতাত জন্মগ্ৰহণ কৰে। ২০১১ চনত পশ্চিমবঙ্গৰ সৰ্বোচ্চ অসামৰিক সন্মান বঙ্গবিভূষণ লাভ কৰে।
-
ৰিদিপ দত্ত
ৰিদিপ দত্ত (Ridip Dutta) অসমৰ এগৰাকী কণ্ঠশিল্পী আছিল। ১৯৪৬ চনত তেওঁ জন্মগ্ৰহণ কৰে। ১৯৯৮ চনৰ ২৬ অক্টোবৰত দত্তৰ দেহাৱসান ঘটে।
-
সমৰ হাজৰিকা
সমৰ হাজৰিকা (Samar Hazarika) (born Samar Hazarika; 1947 – 13 January 2026)অসমৰ এজন আছিল কণ্ঠশিল্পী। প্ৰথিতযশা সংগীত শিল্পী ভূপেন হাজৰিকাৰ তেওঁ আছিল কনিষ্ঠ ভাতৃ।
-
অনিন্দিতা পাল
অনিন্দিতা পাল (ইংৰাজী: Anindita Paul) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ ক'ৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।
-
আৰতি মুখাৰ্জী
আৰতি মুখাৰ্জী ( Aarti Mukherjee; জন্ম: ১৯৪৩) এগৰাকী ভাৰতীয় বঙালী গায়িকা। তেওঁ বিভিন্ন ভাষাত গীত গাইছে। মূলতঃ তেওঁ বঙালী চলচ্চিত্ৰ আৰু আধুনিক গীত গোৱাৰ বাবে বিখ্যাত।
-
শ্যামল মিত্ৰ
শ্যামল মিত্ৰ (Shyamal Mitra, ১৪ জানুৱাৰী ১৯২৯-১৫ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় বহুমুখী প্ৰতিভাৰ নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক আছিল। বঙালী সঙ্গীত উদ্যোগৰ সোণালী সময়চোৱাৰ তেওঁ প্ৰসিদ্ধ ব্যক্তিত্ব আছিল। তেওঁৰ বেৰিটোন কণ্ঠত বহুমাত্ৰিক আবেগৰ প্ৰতিফলন ঘটিছিল।
-
কুল বৰুৱা
কুল বৰুৱা (Kula Barua) অসমৰ এজন গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। তেখেতে একাধিক অসমীয়া গান জয়ন্তীকা হাজাৰিকাৰ সৈতে গাইছিল আৰু গীটাৰ, মেণ্ডোলিন, আফ্ৰিকাৰ ড্ৰামৰ দৰে পশ্চিমীয়া সঁজুলি অন্তৰ্ভুক্ত থকা গানবোৰ গাই সেই সময়ত অসমীয়া সমাজত আধুনিক সংগীতৰ নতুন ঢৌৰ সৃষ্টি কৰিছিল।
-
ডলী ঘোষ
ডলী ঘোষ ( Doli Ghosh/ Dolly Ghosh) এগৰাকী অসমীয়া আধুনিক আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তাৰোপৰি তেওঁ বঙালী চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকতো কণ্ঠদান কৰিছে।
-
নমিতা ভট্টাচাৰ্য
নমিতা ভট্টাচাৰ্য (Namita Bhattacharya) হৈছে অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীৰ ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ তৰামাইত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত গীত পৰিৱেশন…
-
কে. এচ. চিত্ৰা
কৃষ্ণন নায়াৰ শান্তাকুমাৰী চিত্ৰা (Krishnan Nair Shantakumari Chithra; জন্ম: ২৭ জুলাই ১৯৬৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু কৰ্ণাটকী সংগীতজ্ঞ। তেওঁ চমুকৈ কে.এচ. চিত্ৰা বা চিত্ৰা বুলি জনা যায়।
-
মালবিকা বৰা
মালবিকা বৰা (Malabika Bora) অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ ৫০ বছৰতকৈও অধিক কাল অসমীয়া সংগীত জগতৰ লগত জড়িত হৈ আছে৷ ১৯৭৩ চনত অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰা মালবিকা বৰাই পৰৱৰ্তী সময়ছোৱাত ২৮খন অসমীয়া কথাছবিত নেপথ্য কণ্ঠশিল্পীৰ ভূমিকা পালন কৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত টেবুল টেনিছ খেল আৰু…
-
ইলা বসু
ইলা বসু (Ila Basu; ১০ আগষ্ট ১৯৩৬ – ২১ ছেপ্তেম্বৰ, ১৯৯১) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আছিল। তেওঁ মূলতঃ আধুনিক বঙালী গীত আৰু নজৰুল গীতত বিশেষ অৱদান আগবঢ়াইছে। তাৰোপৰি তেওঁ বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।
-
দশৰথ দাস
দশৰথ দাস (Dasarath Das; ১৯ নবেম্বৰ ১৯৪২-২১ অক্টোবৰ ২০২৩ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল। তেওঁ দুখন অসমীয়া চলচ্চিত্ৰ সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰী বনৰো সংগীত পৰিচালনা কৰিছে।
-
হেমেন হাজৰিকা
হোমেন হাজৰিকা (humen হাজৰিকা) হৈছে এগৰাকী অসমীয়া গায়ক,সুৰকাৰ আৰু গীতিকাৰ |
-
নাহিদ আফ্ৰিন
নাহিদ আফ্ৰিন এগৰাকী ভাৰতীয় নেপথ্য সংগীত শিল্পী। তেওঁ ২০১৬ চনত বলীউড ছবি 'আকিৰা'ত প্ৰথমটো নেপথ্য সংগীতত কণ্ঠদান কৰে। তেওঁ প্ৰথমে ২০১৫ চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰ সংস্কৰণত অংশগ্ৰহণৰে গায়িকা হিচাপে স্বীকৃতি লাভ কৰে।
-
বনশ্ৰী সেনগুপ্ত
বনশ্ৰী সেনগুপ্ত (Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।