অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিথুন চক্ৰৱৰ্তী

মিথুন চক্ৰৱৰ্তী (Mithun Chakraborty; জন্ম গৌৰাংগ চক্ৰৱৰ্তী; ১৬ জুন ১৯৫০) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ যিয়ে প্ৰধানকৈ হিন্দী আৰু বাংলা ভাষাৰ ছবিত অভিনয় কৰিছে। তেওঁ ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য ৷ চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ অভিনেতাৰ তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৭১৫ শব্দ · ৪ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

মিথুন চক্ৰৱৰ্তী (Mithun Chakraborty; জন্ম গৌৰাংগ চক্ৰৱৰ্তী; ১৬ জুন ১৯৫০) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ যিয়ে প্ৰধানকৈ হিন্দী আৰু বাংলা ভাষাৰ ছবিত অভিনয় কৰিছে। তেওঁ ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য ৷ ১ ২ চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ অভিনেতাৰ তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁক ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৩ ৪ একে বছৰৰে ছেপ্তেম্বৰ মাহত চৰকাৰে ২০২২ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰে।

চক্ৰৱৰ্তীয়ে কলাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ মৃগয়াৰ (১৯৭৬) জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে, যাৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ৫ ১৯৮২ চনত ভাৰত আৰু ছোভিয়েট ইউনিয়নত বক্স অফিচত বৃহৎ সফলতা অৰ্জন কৰা ডিস্কো ডান্সাৰ ছবিখনৰ জৰিয়তে চক্ৰৱৰ্তীয়ে ৰাতিটোৰ ভিতৰতে চেনচেচনত পৰিণত হয় ৷ ৬ ডিস্কো ডান্সাৰৰ উপৰিও তেওঁ মুখ্য আৰু চৰিত্ৰাভিনেতা হিচাপে বহু সফল আৰু স্মৰণীয় ছবিত অভিনয় কৰিছে। ৭ ৮ ৯ ১০

১৯৯১ চনত তেওঁ কাল্ট ক্লাছিক অগ্নিপথত কৃষ্ণন আয়াৰ এম এৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ তাহাদেৰ কথা (১৯৯২) আৰু স্বামী বিবেকানন্দ (১৯৯৮) ছবিত অভিনয় কৰি আৰু দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ৫ চক্ৰৱৰ্তীয়ে বাংলা, হিন্দী, ওড়িয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়া, আৰু পাঞ্জাবী ১১ ছবিকে ধৰি ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। ১৯৮৯ চনত মুখ্য অভিনেতা হিচাপে ১৯খন ছবি মুক্তিৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডছত অভিলেখ গঢ়িছে আৰু ২০২২ চনৰ জুলাই মাহলৈকে বলীউডত এই অভিলেখ এতিয়াও ভংগ হোৱা নাই ১২

চক্ৰৱৰ্তী আতিথ্য আৰু শিক্ষা খণ্ডৰ সৈতে জড়িত মনাৰ্ক গ্ৰুপৰ স্বত্বাধিকাৰী। ১৩ ১৪ ইয়াৰ উপৰিও তেওঁ আৰম্ভ কৰিছে প্ৰডাকচন হাউছ পাপাৰাট্জি প্ৰডাকচন। ১৫ ১৯৯২ চনত তেওঁ দিলীপ কুমাৰ আৰু সুনীল দত্তৰ সৈতে মিলি অভাৱগ্ৰস্থ অভিনয়শিল্পীসকলক সহায় কৰিবলৈ চিনে এণ্ড টিভি আৰ্টিষ্ট এছ'চিয়েচন (CINTAA) নামৰ এটা ট্ৰাষ্ট গঠন কৰে। ১৬ তেওঁ ১৭ চলচ্চিত্ৰ কৰ্মীসকলৰ কল্যাণ আৰু তেওঁলোকৰ দাবী আৰু সমস্যা সমাধানৰ হকে কাম কৰা ‘ফিল্ম ষ্টুডিঅ’ চেটিং এণ্ড এলাইড মজদুৰ ইউনিয়ন’ৰ অধ্যক্ষও আছিল। ১৮ ১৯ ২০ ২১ চক্ৰৱৰ্তীয়ে গ্ৰেণ্ড মাষ্টাৰৰ ৰূপত দায়িত্ব পালন কৰা টেলিভিছন শ্ব' ডান্স ইণ্ডিয়া ডান্স ইতিমধ্যে লিমকা বুক অৱ ৰেকৰ্ডছ আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে ৷ ২২ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰণৱ মুখাৰ্জী আৰু মমতা বেনাৰ্জীৰ মাজত মধ্যস্থতাকাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল; ২০১২ চনৰ ভাৰতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনত মুখাৰ্জীয়ে বেনাৰ্জীৰ দল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সমৰ্থন লাভ কৰিছিল। ২৩ ২০২১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ ৭ মাৰ্চত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷

চক্ৰৱৰ্তী অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰ

  • মৃগয়া ( ১৯৭৬) - গড়
  • দো অনজানে ( ১৯৭৬) - ছেমি হিট
  • সুৰক্ষা ( ১৯৭৯ ) - চুপাৰ হিট
  • তৰানা ( ১৯৭৯) - চুপাৰ হিট
  • হম পাঞ্চ ( ১৯৮০) - হিট
  • উনেছ বিজ ( ১৯৮০ ) - হিট
  • ৱৰদাত ( ১৯৮১) - হিট
  • ডিস্কো ডান্সাৰ ( ১৯৮২) - অল টাইম ব্লকবাষ্টাৰ
  • আমনে ছামনে ( ১৯৮২) - চুপাৰ হিট
  • আই ওৱাণ্ট জাষ্টিচ ( ১৯৮৩)- ছুপাৰ হিট
  • ৱাণ্টেড ( ১৯৮৪) - চুপাৰ হিট
  • বক্সাৰ ( ১৯৮৪) - হিট
  • ঘৰ এক মন্দিৰ ( ১৯৮৪) - চুপাৰ হিট
  • জাগ উঠা ইনছান ( ১৯৮৪) - হিট
  • জাগীৰ ( ১৯৮৪) - ব্লকবাষ্টাৰ
  • কছম পেইদা কৰনে ৱালে কি (১৯৮৪) - ছুপাৰ হিট
  • প্যাৰ ঝুকতা নাহি ( ১৯৮৫) - ব্লকবাষ্টাৰ
  • গুলামী ( ১৯৮৫) - ছুপাৰ হিট
  • প্যাৰী বেহনা ( ১৯৮৫) - ছুপাৰ হিট
  • আন্ধী তুফান ( ১৯৮৫)- ছুপাৰ হিট
  • মুদ্দত ( ১৯৮৬) - ছুপাৰ হিট
  • জাল ( ১৯৮৬) - চুপাৰ হিট
  • স্বৰ্গ সে সুন্দৰ ( ১৯৮৬) - চুপাৰ হিট
  • মাই বলৱান ( ১৯৮৬) - চুপাৰ হিট
  • ডান্স ডান্স ( ১৯৮৭) - ব্লকবাষ্টাৰ
  • ৱতন কে ৰখৱালে ( ১৯৮৭) - ব্লকবাষ্টাৰ
  • ৱাক্ত কি আৱাজ ( ১৯৮৮) - ব্লকবাষ্টাৰ
  • জীতে হ্যায় শ্বান সে ( ১৯৮৮)- ছুপাৰ হিট
  • গংগা যমুনা সৰস্বতী ( ১৯৮৮) - ফ্লপ
  • চৰণো কি সৌগন্ধ ( ১৯৮৮) - হিট
  • প্যাৰ কা মন্দিৰ ( ১৯৮৮) - চুপাৰ হিট
  • ইলাকা ( ১৯৮৯) - হিট
  • মুজৰিম ( ১৯৮৯) - ছুপাৰ হিট
  • ডাটা ( ১৯৮৯) - ব্লকবাষ্টাৰ
  • প্ৰেম প্ৰতিজ্ঞা ( ১৯৮৯ ) - ছুপাৰ হিট
  • গুৰু ( ১৯৮৯) - হিট
  • বিছ চাল বাদ ( ১৯৮৯) - অৰ্ধ হিট
  • লড়াই ( ১৯৮৯) - ছুপাৰ হিট
  • প্যাৰ কে নাম কুৰবান ( ১৯৯০) - হিট
  • দুছমন ( ১৯৯০) - ছুপাৰ হিট
  • হমছে না তকৰানা ( ১৯৯০ ) - চুপাৰ হিট
  • ত্ৰিনেত্ৰ ( ১৯৯১) - চুপাৰ হিট
  • প্যাৰ কা দেৱতা ( ১৯৯১) - হিট
  • ঘৰ জামাই ( ১৯৯২) - গড়
  • দালাল ( ১৯৯৩) - ব্লকবাষ্টাৰ
  • ফুল ঔৰ অংগাৰ ( ১৯৯৩ ) - চুপাৰ হিট
  • আদমী ( ১৯৯৩ ) - ছুপাৰ হিট
  • চিতা ( ১৯৯৪) - চুপাৰ হিট
  • জল্লাদ ( ১৯৯৫ ) - চুপাৰ হিট
  • ৰাৱন ৰাজ ( ১৯৯৫ ) - ছুপাৰ হিট
  • শপথ ( ১৯৯৭) - অৰ্ধ হিট
  • লোহা ( ১৯৯৭) - গড়
  • গুণ্ডা ( ১৯৯৮) - গড়
  • চান্দাল ( ১৯৯৮) - হিট
  • শ্বেৰা ( ১৯৯৯) - ফ্লপ
  • দো নম্বৰী ( ১৯৯৯) - ফ্লপ
  • চুলতান ( 2000) - ফ্লপ .

তথ্যসূত্ৰ

  1. ↑ (8 February 2014). Actor Mithun Chakraborty elected in Rajya Sabha elections. The Financial Express
  2. ↑ (26 December 2016). Mithun Chakraborty resigns from Rajya Sabha citing health reasons. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ (25 January 2024). Padma Awardees List 2024. Padma Awards
  4. ↑ (26 January 2024). Unsung among Padma awardees from Bengal. Hindustan Times
  5. ↑ Mithunda, Disco Dancer, is 67 Today. ndtv
  6. ↑ On a disco high!. Pune Mirror
  7. ↑ Hindi films: As action movies flop in a row, Bollywood tries its luck with romantic flicks
  8. ↑ Adarsh, Taran. (12 January 2007). Guru. IndiaFM
  9. ↑ (13 September 2021). Vivek Agnihotri to complete trilogy, announces The Delhi Files. Cinema Express
  10. ↑ Mithun Chakraborty: The Other Side of the Disco Dancer
  11. ↑ Maujaan Dubai Diyaan
  12. ↑ Record for maximum film released in one year
  13. ↑ (19 September 2006). Times of India article
  14. ↑ (12 September 2011). International pre-school inaugurated
  15. ↑ Enemmy Preview. indiaglitz.com
  16. ↑ (3 April 2013). Shrivallabh Vyas: Paralysed and penurious. The Times of India
  17. ↑ (30 December 2014). Why did Mithun Chakraborty resign as chairman of workers' union a year ago. mid-day
  18. ↑ (13 July 2011). Kin of dead film worker get 12 lakh from firm
  19. ↑ (28 January 2012). Mithun's Concern For Cine Workers. boxofficeindia.co.in
  20. ↑ (27 January 2012). Mithun Chakraborty Eyes Concern For Cine Workers. boxofficeindia.co.in
  21. ↑ (27 January 2012). Mithun Chakraborty Eyes Concern For Cine Workers. Yahoo!
  22. ↑ (9 March 2012). Dance India Dance sets Guinness World Record. Hindustan Times
  23. ↑ (15 June 2016). Mithun Chakraborty: What makes him so special. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

দাদাচাহেব ফাল্কে বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীবঙালী ব্যক্তিপশ্চিমবঙ্গৰ ব্যক্তিহিন্দী চলচ্চিত্ৰৰ অভিনেতাবঙালী চলচ্চিত্ৰৰ অভিনেতাৰাজ্যসভাৰ সাংসদৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিথুন চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৬৪০১৫৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।