অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এ. আৰ. ৰহমান

আল্লাহ ৰাখা ৰহমান (Allah Rakha Rahman)ৰ জন্মতে নাম আছিল এ. এছ. দিলীপ কুমাৰ৷ তেওঁ চমুকৈ ARR(এআৰআৰ) হিচাপেও পৰিচিত৷ আল্লাহ ৰাখা ৰহমান এজন ভাৰতীয় সংগীত সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, গায়ক, গীতিকাৰ, সংগীতজ্ঞ, বহুকেইটা বাদ্যৰ বাদ্যযন্ত্ৰী, আৰু লোকহিতৈষী৷ তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত৷…

হালনাগাদ: ৬ মে’ ২০২৬ ৬৬০ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আল্লাহ ৰাখা ৰহমান (Allah Rakha Rahman)ৰ জন্মতে নাম আছিল এ. এছ. দিলীপ কুমাৰ৷ তেওঁ চমুকৈ ARR(এআৰআৰ) হিচাপেও পৰিচিত৷ আল্লাহ ৰাখা ৰহমান এজন ভাৰতীয় সংগীত সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, গায়ক, গীতিকাৰ, সংগীতজ্ঞ, বহুকেইটা বাদ্যৰ বাদ্যযন্ত্ৰী, আৰু লোকহিতৈষী৷ ১তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত৷ তেওঁ প্ৰধানকৈ তামিল আৰু হিন্দী ছবিৰ লগত ঘনিষ্ঠ যদিও সময়ে-সময়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিতো কাম কৰে। তেখেতে এতিয়ালৈকে ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দুটা একাডেমী বঁটা, দুটা গ্ৰেমী বঁটা, এটা বাফটা বঁটা, এটা গোল্ডেন গ্ল'ব বঁটা, ছটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, পোন্ধৰটা ফিল্মফেয়াৰ বঁটা আৰু আঠাইশটা ফিল্মফেয়াৰ বঁটা-দক্ষিণ লাভ কৰিছে।২ ২০১০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰে।৩

ঘৰুৱা ষ্টুডিঅ' পঞ্চথান ৰেকৰ্ড ইনৰ সৈতে ৰহমানৰ চলচ্চিত্ৰীয় সাংগীতিক কেৰিয়াৰ আৰম্ভ হয়৷ তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৯০ চনৰ তামিল ছবি ৰোজা।৪ ইয়াৰ পিছত তেওঁ মণি ৰত্নমৰ বম্বে, কাধলান, থিৰুদা থিৰুদা, এছ শংকৰৰ প্ৰথম ছবি জেণ্টলমেনকে ধৰি তামিল ভাষাৰ ছবিৰ বাবে সংগীত সৃষ্টি কৰে। ৰহমানৰ প্ৰথমখন হলিউডৰ ছবি আছিল কমেডী কাপলছ ৰিট্ৰিট (২০০৯)ৰ৷ ছবিখনে শ্ৰেষ্ঠ সংগীত বিএমআই বঁটা লাভ কৰে। স্লামডগ মিলিয়নেয়াৰ (২০০৮)ৰ বাবে তেওঁ ৰচনা কৰা সংগীতে ৮১ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ মৌলিক সংগীত আৰু শ্ৰেষ্ঠ মৌলিক গীত (জয় হোৰ বাবে) লাভ কৰে। ২০১০ চনৰ গ্ৰেমী বঁটাত তেওঁক শ্ৰেষ্ঠ সংকলন আৰু ভিজুৱেল মিডিয়াৰ বাবে বঁটা দিয়া হয়। তেওঁক "ইছাই পুয়াল" (সংগীতৰ ধুমুহা) আৰু "মাদ্ৰাজৰ মোজাৰ্ট" বুলি জনা যায়।৫

ৰহমান এজন লোকহিতৈষী৷ তেওঁ কেইবাটাও কৰ্ম আৰু দাতব্য সংস্থাৰ বাবে দান কৰিছে আৰু ধন সংগ্ৰহ কৰিছে। ২০০৬ চনত বিশ্ব সংগীতৰ প্ৰতি আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে তেওঁক সন্মান জনায়। ২০০৮ চনত তেওঁ মাদ্ৰাজৰ ৰটাৰী ক্লাবৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে।৬ ২০০৯ চনত তেওঁক বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ টাইম তালিকাত অন্তৰ্ভুক্ত কৰা হয়।৭ ২০১৩ চনত তেওঁ দক্ষিণ ভাৰতীয় ছবিত ৭.১ চাৰাউণ্ড শব্দ প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰে।৮ ২০১৪ চনত বাৰ্কলি কলেজ অৱ মিউজিকৰ পৰা তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাও সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।৯২০১৭ চনত তেওঁ লে মাস্ক ছবিখনৰ পৰিচালক আৰু লেখক হিচাপে আত্মপ্ৰকাশ কৰে।১০

প্ৰাৰম্ভিক জীৱন

আল্লাহ ৰাখা ৰহমানে১১ ১৯৬৭ চনৰ ৬ জানুৱাৰীত তামিলনাডুৰ মাদ্ৰাজত দিলীপ কুমাৰ ৰাজাগোপাল নামেৰে জন্মগ্ৰহণ কৰিছিল।১২ তেওঁৰ পিতৃ আছিল মুদলিয়াৰ১৩১৪ পৰিয়ালৰ আৰ কে শ্বেখৰ৷ তেওঁ তামিল আৰু মালয়ালম ছবিৰ চলচ্চিত্ৰ সংগীতকাৰ, সুৰকাৰ আৰু পৰিচালক আছিল। ৰহমানে চাৰি বছৰ বয়সৰ পৰাই পিয়ানো শিকিবলৈ আৰম্ভ কৰে।১২ ষ্টুডিঅ’ত তেওঁ দেউতাকক সহায় কৰিছিল আৰু কিবৰ্ড বজাইছিল।

ৰহমানৰ ন বছৰ বয়সত পিতৃৰ মৃত্যু হয়৷ ইয়াৰ পিছত পিতৃৰ সংগীতৰ সঁজুলি ভাড়াত দি তেওঁলোকৰ পৰিয়ালটোৱে উপাৰ্জনৰ পথ মোকলাইছিল।১৫ মাতৃ কৰিমা (জন্ম কস্তুৰী)ই ৰহমানক প্ৰতিপালন কৰিছিল৷১৬ পদ্মসেশাদ্ৰী বাল ভৱনত অধ্যয়নৰত ৰহমানে পৰিয়াল পোহপাল দিবলৈ কাম কৰিবলগীয়া হৈছিল, যাৰ ফলত তেওঁ নিয়মিতভাৱে ক্লাছ ক্ষতি কৰিছিল আৰু পৰীক্ষাতো অনুত্তীৰ্ণ হৈছিল। ২০১২ চনত প্ৰদান কৰা এক সাক্ষাৎকাৰত ৰহমানে কয় যে তেওঁৰ মাকক মাতি নি কোডাম্বকমৰ ৰাজপথত ভিক্ষা খুজিবলৈ কোৱা হৈছিল আৰু ৰহমানক স্কুললৈ পঠিয়াবলৈ মানা কৰা হৈছিল।১৭১৮

ৰহমানে এমচিএন নামৰ আন এখন বিদ্যালয়ত এবছৰ পঢ়িছিল১৯ ৷ পিছলৈ তেওঁ মাদ্ৰাজ খ্ৰীষ্টান কলেজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে, য'ত তেওঁ সংগীতৰ বাবে নামভৰ্তি কৰে আৰু হাইস্কুলৰ সহপাঠীসকলৰ সৈতে এটা বেণ্ড গঠন কৰে।২০২১ কিন্তু মাকৰ সৈতে এই বিষয়ে আলোচনা কৰি তেওঁ স্কুল এৰি পূৰ্ণকালীন সংগীতজ্ঞ হিচাপে কেৰিয়াৰ গঢ়িবলৈ মনস্থ কৰে।২২২৩ ৰহমান ৰুটছৰ দৰে বেণ্ডৰ কিবৰ্ডবাদক আৰু এৰেঞ্জাৰ আছিল (শৈশৱৰ বন্ধু আৰু পাৰ্কাচনিষ্ট শিৱমণি, জন এণ্টনি, সুৰেশ পিটাৰ্ছ, জোজো আৰু ৰাজাৰ সৈতে)২৪ আৰু চেন্নাইভিত্তিক ৰক গ্ৰুপ নেমেছিছ এভিনিউ প্ৰতিষ্ঠা কৰিছিল।২৫ তেওঁ কিবৰ্ড, পিয়ানো, চিন্থেচাইজাৰ, হাৰমনিয়াম আৰু গীটাৰ বজাবলৈ শিকিছিল৷ চিন্থেচাইজাৰৰ প্ৰতি তেওঁ বিশেষভাৱে আগ্ৰহী আছিল কাৰণ ই আছিল "সংগীত আৰু প্ৰযুক্তিৰ আদৰ্শ সংমিশ্ৰণ"।২৬

ৰহমানে মাষ্টাৰ ধনৰাজৰ অধীনত প্ৰাৰম্ভিক সংগীত প্ৰশিক্ষণ আৰম্ভ কৰে৷২৭২৮ ১১ বছৰ বয়সত তেওঁ মালয়ালম সুৰকাৰ (আৰু তেওঁৰ পিতৃৰ ঘনিষ্ঠ বন্ধু) এম.কে. অৰ্জুনানৰ লগত কাম কৰে৷ অতি সোনকালেই তেওঁ আন সুৰকাৰসকলৰ সৈতেও সংযুক্ত হয়৷২৯ যেনে- এম এছ বিশ্বনাথন, বিজয়া ভাস্কৰ, ইল্লায়াৰাজা, ৰমেশ নাইডু, বিজয় আনন্দ, হামছালেখা আৰু ৰাজ–কোটি২৯ কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত ৰহমানে বহু সংগীত পৰিচালকক কিবৰ্ড আৰু চিন্থেচাইজাৰ বজোৱাত সহায় কৰিছিল। ২উল্লেখযোগ্য ৰচনাৰ ভিতৰত অন্যতম হৈছে ১৯৮৯ চনত মুক্তি পোৱা এখন মালয়ালম ছবি ৰামজী ৰাও স্পীকিং য'ত ৰহমান আৰু শিৱমণীয়ে সংগীত পৰিচালক এছ বালকৃষ্ণনৰ বাবে "কালিকালম" নামৰ গীত এটা সংৰচনা কৰিছিল।১৬

ইছলাম ধৰ্ম গ্ৰহণ

মাদ্ৰাজত অধ্যয়ন কৰি থকা অৱস্থাত ৰহমানে বিদ্যালয়খনৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ ডিপ্লমা লাভ কৰে।৩০ ১৯৮৪ চনত তেওঁৰ সৰু ভনীয়েক গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ সময়তে ৰহমানক কাদিৰী তাৰিকাৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। তেওঁৰ মাতৃ আছিল এগৰাকী হিন্দু অনুশীলনকাৰী।৩১৩২৩৩২৩ বছৰ বয়সত তেওঁ ১৯৮৯ চনত পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ইছলাম ধৰ্ম গ্ৰহণ কৰে৷ নামকৰণৰ পাছত তেওঁ আল্লাহ ৰাখা ৰহমান (এ. আৰ. ৰহমান) হৈ পৰে।১৬৩৪৩৫

ব্যক্তিগত জীৱন

২০১০ চনত "এন্থিৰান"ৰ সংগীত মুক্তিৰ সময়ত পত্নী সাইৰা বানুৰ স'তে এ. আৰ. ৰহমান
২০১০ চনত "এন্থিৰান"ৰ সংগীত মুক্তিৰ সময়ত পত্নী সাইৰা বানুৰ স'তে এ. আৰ. ৰহমানছবি: Bollywood Hungama · CC BY 3.0

এ. আৰ. ৰহমান সাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু বৰ্তমান তেওঁলোক তিনি সন্তানৰ পিতৃ-মাতৃ। সন্তানতিনিটা হ’ল ক্ৰমে খাতিজা, ৰহীমা আৰু আমিন। সম্পৰ্কত অ. আৰ. ৰহমান সংগীত পৰিচালক জি. ভি. প্ৰকাশ কুমাৰৰ খুৰাক হয়। ২০২৪ চনৰ ১৯ নৱেম্বৰত এ. আৰ. ৰহমান আৰু সাইৰা বানুৱে ত্ৰিশ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পেলাই বিবাহ-বিচ্ছেদ ঘোষণা কৰে৩৬</ref>৩৭

তথ্যসূত্ৰ

  1. ↑ A. R. Rahmam Biography. arrahman.com
  2. ↑ (11 December 2018). Interview: AR Rahman reveals composing secrets. Deccan Herald
  3. ↑ AR Rahman Feels 'Happy and Honoured' with Padma Bhushan Win. Daily News and Analysis
  4. ↑ Ramanujam, Srinivasa; Menon, Vishal. (14 August 2017). Revisiting 'Roja', 25 years later. The Hindu
  5. ↑ Corliss, Richard. (25 April 2004). The Mozart of Madras. Time
  6. ↑ (4 June 2008). A R Rahman Honored. IndiaGlitz
  7. ↑ (30 April 2009). The 2009 Time 100 – A.R. Rahman. Time
  8. ↑ (27 June 2012). Rahman's AM Studio introduces 7.1 technology to Kollywood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ (26 May 2009). Rahman to be conferred honorary doctorate by AMU. The Hindu
  10. ↑ Duttagupta, Ishani. (14 May 2017). How virtual reality pushed AR Rahman towards 'multi-sensory' filmmaking. The Economic Times
  11. ↑ Kabir, Nasreen Munni. (16 January 2015). Why I converted: The transformation of Dilip Kumar into AR Rahman. Scroll.in
  12. ↑ A.R. Rahman · Biography, Scores, Awards, & Facts. Encyclopedia Britannica
  13. ↑ AR Rahman turns 47. photogallery.indiatimes.com
  14. ↑ Kabir, Nasreen Munni. (16 January 2015). Why I converted: The transformation of Dilip Kumar into AR Rahman. Scroll.in
  15. ↑ Rahman's childhood. hindilyrics.net
  16. ↑ (30 September 2002). A R Rahman: In tune with life. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  17. ↑ (26 May 2021). மாணவிகளுக்கு பாலியல் தொல்லை: சர்சைக்குள்ளான தனியார் பள்ளி ஏ.ஆர்.ரஹ்மானை அவமதித்ததா?. Indian Express Tamil
  18. ↑ ச,வி.ஶ்ரீனிவாசுலு, அழகுசுப்பையா. (27 May 2021). மாணவர் இறப்பு முதல் பாலியல் புகார் வரை - பத்ம சேஷாத்திரி பள்ளி மீதான தொடர் சர்ச்சைகள்!. vikatan.com/
  19. ↑ Krishna Trilok. (2018). Notes of a Dream: The Authorized Biography of A.R. Rahman. Penguin Random House India Private Limited. পৃ. 67–68. ISBN 978-93-5305-196-9
  20. ↑ Kamini Mathai. (2009). A.R. Rahman: The Musical Storm. Penguin Books India. পৃ. 39. ISBN 978-0-670-08371-8
  21. ↑ (7 October 2010). Star-studded 175th b'day for MCC school. The Times of India
  22. ↑ Krishna Trilok. (2018). Notes of a Dream: The Authorized Biography of A.R. Rahman. Penguin Random House India Private Limited. পৃ. 67. ISBN 978-93-5305-196-9
  23. ↑ (7 October 2010). Star-studded 175th b'day for MCC school. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  24. ↑ Biography. hummaa.com
  25. ↑ Ganti, T. (2004). Bollywood: A Guidebook to Popular Hindi Cinema. Psychology Press. পৃ. 112. ISBN 0-415-28854-1
  26. ↑ The Secret behind the Allure of A. R. Rahman. Khabar
  27. ↑ Training under dhanraj master. IndiaGlitz.com
  28. ↑ Indian under spotlight. indiansinparis.com
  29. ↑ (23 February 2009). Film fraternity hails Rahman, Pookutty for win. The Indian Express
  30. ↑ Wax, Emily. (9 February 2009). 'Slumdog' Composer's Crescendo of a Career. The Washington Post
  31. ↑ How AS Dileep Kumar converted to Islam to become AR Rahman. Dawn
  32. ↑ The Complete Biography of A.R.Rahman – The A.R.Rahman Page. gopalhome.tripod.com
  33. ↑ AR Rahman turns 47. The Times of India Music
  34. ↑ Kabir, Nasreen Munni. (2011). A.R. Rahman: The Spirit of Music. Om Books International. ISBN 9789380070148
  35. ↑ (16 September 2015). Time for A.R. Rahman's 'ghar wapsi', says VHP. The Hindu
  36. ↑ Desk, HT Entertainment. (19 November 2024). AR Rahman, wife Saira Banu announce separation after 29 years of marriage. Hindustan Times
  37. ↑ The Hindu Bureau. (November 20, 2024 11:24 am IST). AR Rahman and Saira Banu divorce: Children Khatija, Raheema, and Ameen react. THE HINDU. The Hindu

সম্পৰ্কিত শ্ৰেণী

সংগীত পৰিচালকভাৰতীয় কণ্ঠশিল্পীশ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীএকাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ. আৰ. ৰহমান” প্ৰবন্ধৰ সংশোধন ৬০৪৮৪৪ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।