ভাৰতীয় ৰাজনীতিবিদ
২০১ প্ৰবন্ধ
-
গোবিন্দা
গোবিন্দ অৰুণ আহুজা (জন্ম ২১ ডিচেম্বৰ ১৯৬৩) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ, যিয়ে ১৬৫ টাতকৈও অধিক হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ আগশাৰীৰ অভিনেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল।
-
চন্দন কুমাৰ সৰকাৰ
চন্দন কুমাৰ সৰকাৰ সৰকাৰদেৱে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ, ২০০১ চনৰ পৰা ২০০৬ চনলৈ আৰু পুনৰ ২০১১ চনৰ পৰা ২০১৬ চনলৈ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য আছিল।
-
জয় পাণ্ডা
বৈজায়ান্ত্ "জয়" পাণ্ডা (Baijayant "Jay" Panda) এজন ভাৰতীয় ৰাজনীতিক। বৰ্তমান ভাৰতৰ নিম্ন সদন লোকসভাৰ সদস্য। তেওঁ বিজু জনতা দলৰ সদস্য ৰূপে কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈছে। তেওঁ ২০০০ৰ পৰা ২০০৯ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল।
-
তাৰা সিং
মাষ্টাৰ তাৰা সিং মালহোট্ৰা (২৪ জুন ১৮৮৫– ২২ নৱেম্বৰ ১৯৬৭) আছিল কুৰি শতিকাৰ প্ৰথমভাগৰ এগৰাকী ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা৷ তেখেতৰ পৃষ্ঠপোষকতাত শিৰোমণি গুৰুদ্বাৰা প্ৰভণ্ডক সমিতি গঠিত হৈছিল৷ ভাৰত-বিভাজনৰ সময়ত শিখসকলক পৰিচালিত কৰাতো তেখেতৰ ভূমিকা আছিল মন কৰিবলগীয়া৷ তেখেতে এই বিভাজনৰ বিৰোধ…
-
পদ্মজা নাইডু
পদ্মজা নাইডু (Padmaja Naidu, ১৯০০ - ২ মে' ১৯৭৫) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ পশ্চিম বংগৰ পঞ্চম ৰাজ্যপাল আছিল। তেওঁ পশ্চিম বংগৰ প্ৰথম মহিলা ৰাজ্যপাল আৰু ভাৰতৰ ৰাজ্যসমূহৰ দ্বিতীয় গৰাকী মহিলা ৰাজ্যপাল।
-
পুৰুষোত্তম দাস টেণ্ডন
পুৰুষোত্তম দাস টেণ্ডন (पुरुषोत्तम दास टंडन; Purushottam Das Tandon, জন্ম:১৮৮২- মৃত্যু:১৯৬২) এগৰাকী ভাৰতীয় স্বাধীনতা যুঁজাৰু আছিল। ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল।
-
প্ৰদ্যুৎ বৰদলৈ
প্ৰদ্যুৎ বৰদলৈ (জন্ম ২৮ এপ্ৰিল ১৯৫৯) হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ যি পূৰ্বতে ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বনি সেনগুপ্ত
বনি সেনগুপ্ত (Bonny Sengupta; জন্ম: ১০ আগষ্ট ১৯৯০; অনুপ্ৰিয় সেনগুপ্ত) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেতা আৰু ৰাজনীতিবিদ। তেওঁৰ প্ৰথম দুখন চলচ্চিত্ৰ, বৰবাদ আৰু পাৰব না আমি ছাড়তে তোকে, পৰিচালক ৰাজ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰিছিল।
-
বাবু হৰদাস
বাবু হৰদাস নামেৰে জনপ্ৰিয় হৰদাস লক্ষ্মণৰাও নাগ্ৰালে(৬ জানুৱাৰী ১৯০৪ – ১২ জানুৱাৰী ১৯৩৯) এজন ভাৰতীয় দলিত নেতা, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক আছিল। তেওঁ বি আৰ আম্বেদকাৰৰ তীব্ৰ অনুগামী আছিল আৰু দলিতসকলৰ মাজত জয় ভীমৰ শুভেচ্ছাবাণী আদান-প্ৰদান প্ৰথাৰ পথ-প্ৰদৰ্শক আছিল।
-
বিজয়াশান্তি
বিজয়াশান্তি ( Vijayashanti; জন্ম: ২৪ জুন ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ। চল্লিছ বছৰীয়া চলচ্চিত্ৰ জীৱনত হিন্দী, কানাড়া আৰু মালয়ালমৰ উপৰিও প্ৰধানকৈ তেলেগু, তামিল ভাষাৰ চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত ১৮৭খন ছবিত অভিনয় কৰিছে।
-
বেগম ঐজাজ ৰচুল
বেগম কোডছিয়া ঐজাজ ৰচুল (Begum Qudsia Aizaz Rasul, ৪ এপ্ৰিল ১৯০৮ – ১ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী আছিল। তেওঁ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা সংবিধান সভাৰ একমাত্ৰ মুছলিম মহিলা সদস্য আছিল। ২০০০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।
-
ভি. এছ. ৰমাদেৱী
ভি. এছ. ৰমাদেৱী (ইংৰাজী: V. S. Ramadevi; ১৫ জানুৱাৰী ১৯৩৪ - ১৭ এপ্ৰিল) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ১৯৯০ চনৰ ২৬ নৱেম্বৰৰ পৰা ১৯৯০ চনৰ ১১ ডিচেম্বৰলৈকে কৰ্ণাটক ৰাজ্যৰ ত্ৰয়োদশ ৰাজ্যপাল আৰু ভাৰতৰ নৱম মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল৷ তেওঁ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম…
-
মাণিক চৰকাৰ
মাণিক চৰকাৰ (Manik Sarkar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ১৯৯৮ৰ মাৰ্চৰ পৰা ২০১৮ৰ মাৰ্চলৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী আছিল। তেওঁ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ পলিটব্যুৰ' সদস্য।
-
মাৰ্গাৰেট আলভা
মাৰ্গাৰেট নাজাৰেথ আলভা (Margaret Nazareth Alva; জন্ম: ১৪ এপ্ৰিল ১৯৪২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। আলভাই গোৱাৰ সপ্তদশ ৰাজ্যপাল, গুজৰাটৰ ত্ৰয়োবিংশ ৰাজ্যপাল, ৰাজস্থানৰ বিংশ ৰাজ্যপাল আৰু উত্তৰাখণ্ডৰ চতুৰ্থ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনীমাতা
মিনীমাতা (Minimata; ১৯১৩-১৯৭২) আছিল সৎনামী সমাজৰ গুৰুমাতা।
-
শুভেন্দু অধিকাৰী
শুভেন্দু অধিকাৰী (জন্ম:- ১৫ ডিচেম্বৰ ১৯৭০) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০২৬ চনৰ ৯ মে’ৰ পৰা পশ্চিম বংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। অধিকাৰী ২০২১ চনৰ মে' মাহৰপৰা পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী দলৰ নেতা আৰু পশ্চিম বংগ শাখাৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
শ্ৰীকান্ত জিচকাৰ
শ্ৰীকান্ত জিচকাৰ (Shrikant Jichkar, श्रीकांत जिचकार; ১৪ চেপ্টেম্বৰ ১৯৫৪ – ২ জুন ২০০৪) ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁ ৪২খন বিশ্ববিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ২০টা ডিগ্ৰী অৰ্জন কৰিছিল।
-
শৰ্মিষ্ঠা মুখাৰ্জী
শৰ্মিষ্ঠা মুখাৰ্জী এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷
-
সায়ন্তিকা বন্দ্যোপাধ্যায়
সায়ন্তিকা বন্দ্যোপাধ্যায় (Sayantika Banerjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। অভিনয় আৰু নৃত্যৰ দক্ষতাৰ বাবে তেওঁ সমালোচকসকলৰ দ্বাৰা প্ৰশংসিত হৈছে। ২০১২ চনত তেওঁ বঙালী চলচ্চিত্ৰ আৱাৰাত অভিনয় কৰিছিল, যিখন ব্যৱসায়িকভাৱে সফল হৈছিল।
-
সৰলা দেৱী
সৰলা দেৱী (Sarala Devi, ১৯ আগষ্ট ১৯০৪ – ৪ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক। তেওঁ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰা প্ৰথম ওড়িয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ওড়িয়া মহিলা প্ৰতিনিধি আছিল।
-
অম্বিকা সোনী
অম্বিকা সোনী (জন্ম ১৩ নৱেম্বৰ ১৯৪২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। মনমোহন সিঙৰ কেবিনেটত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আৰু পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী আছিল। বৰ্তমান তেওঁ পঞ্জাব ৰাজ্যৰ পৰা ৰাজ্যসভালৈ সাংসদ।
-
আনিছ কিডৱাই
আনিছ কিডৱাই (Anis Kidwai; ১৯০৬-১৯৮২) উত্তৰ প্ৰদেশৰ এগৰাকী লেখক, সমাজ কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ ৰক্তক্ষয়ী বিভাজনৰ ভুক্তভোগীসকলৰ মাজত শান্তি স্থাপন আৰু পুনৰ্সংস্থাপনৰ বাবে কাম কৰিছিল আৰু স্বাধীনতাৰ পাছত জীৱনৰ বেছিভাগ সময় স্বাধীন ভাৰতৰ সেৱাত অতিবাহিত কৰিছিল।
-
আৰ্য ৰাজেন্দ্ৰন
আৰ্য ৰাজেন্দ্ৰন (Arya Rajendran, জন্ম: ১২ জানুৱাৰী ১৯৯৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান কেৰালাৰ ৰাজধানী তথা বৃহত্তম নগৰ থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ। তেওঁ ২০২০ চনৰ কেৰালাৰ স্থানীয় প্ৰশাসনিক নিৰ্বাচনত মুদাভানমুকাল ৱাৰ্ডৰ পৰা থিৰুৱন্তপুৰম পৌৰনিগমলৈ নিৰ্বাচিত হৈছিল।
-
উমাশ্ৰী
উমাশ্ৰী (Umashree; জন্ম: ১০ মে' ১৯৫৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। কোৱা হয় যে কানাড়া ভাষাত চাৰিশৰো অধিক চলচ্চিত্ৰত বিশেষকৈ কৌতুক চৰিত্ৰত অভিনয় কৰিছে। ২০০৮ চনত কানাড়া ছবি গুলাবী টকীজত গুলাবীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
কাঞ্চন চৌধুৰী ভট্টাচাৰ্য
কাঞ্চন চৌধুৰী ভট্টাচাৰ্য (Kanchan Chaudhary Bhattacharya, ১৯৪৭ - ২৬ আগষ্ট ২০১৯) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। তেওঁ কিৰণ বেদীৰ পিছতে ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া।
-
ডিম্পল যাদৱ
ডিম্পল যাদৱ (জন্ম ১৫ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২২ চনৰ ডিচেম্বৰৰ পৰা মৈনপুৰিৰ পৰা বৰ্তমান সংসদ সদস্য আৰু তাৰ আগতে কনৌজৰ পৰা দুই বাৰ লোকসভাৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ সমাজবাদী পাৰ্টিৰ সভাপতি আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী।
-
তনুশ্ৰী চক্ৰৱৰ্তী
তনুশ্ৰী চক্ৰৱৰ্তী (Tanusree Chakraborty; জন্ম: ৬ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ বঙালী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। চলচ্চিত্ৰৰ সমান্তৰালকৈ তেওঁ বিভিন্ন টেলিভিছন শ্ব’তো কাম কৰি আহিছে।
-
ত্ৰুপ্তি দেশাই
ত্ৰুপ্তি দেশাই Trupti Desai (জন্ম ১২ ডিচেম্বৰ ১৯৮৫) এজন ভাৰতীয় সমাজ কৰ্মী আৰু পুনে ভিত্তিক সংস্থা ভূ-মাতা ব্ৰিগেড আৰু ভু-মাতা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।
-
পুনম সিনহা
পুনম সিনহা (জন্ম: চন্দিৰামানী; ৩ নৱেম্বৰ ১৯৪৯; Poonam Sinha) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন অভিনেত্ৰী আৰু ফেশ্বন মডেল। তেওঁ কৰ্মজীৱনৰ প্ৰাৰম্ভিক কালছোৱাত কোমল পৰ্দাৰ নামেৰ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
প্ৰদীপ সৰকাৰ
প্ৰদীপ চৰকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী পূৰ্ণেন্দু বাণীক্যক পৰাস্ত কৰি অভয়াপুৰী (দক্ষিণ) বিধান সভা সমষ্টিৰপৰা অসম বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।