উমাশ্ৰী (Umashree; জন্ম: ১০ মে' ১৯৫৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। কোৱা হয় যে কানাড়া ভাষাত চাৰিশৰো অধিক চলচ্চিত্ৰত বিশেষকৈ কৌতুক চৰিত্ৰত অভিনয় কৰিছে। ২০০৮ চনত কানাড়া ছবি গুলাবী টকীজত গুলাবীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১
২০১৩ চনত উমাশ্ৰী কৰ্ণাটকৰ বিধানসভালৈ নিৰ্বাচিত হয়২ আৰু সিদ্ধাৰমাইয়া চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দায়িত্ব লয়।৩ তেওঁ বিশেষভাবে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ সবলীকৰণ, কানাড়া ভাষা আৰু সংস্কৃতি দপ্তৰৰো মন্ত্ৰী আছিল।৪
ব্যক্তিগত জীৱন
উমাশ্ৰীৰ জন্ম হৈছিল দেৱাংগ পৰিয়ালত।৫৬ তেওঁৰ দুটা সন্তান আছে, এগৰাকী কন্যা গায়ত্ৰী, যি এগৰাকী দন্ত চিকিৎসক আৰু এজন পুত্ৰ বিজয়কুমাৰ, যি এজন অধিবক্তা। এগৰাকী অকলশৰীয়া মাতৃ হিচাপে তেওঁ ল’ৰা-ছোৱালীহালক ডাঙৰ-দীঘল কৰিছিল।
ৰাজনৈতিক জীৱন
উমাশ্ৰীয়ে গ্ৰাম্য আৰু বঞ্চিত মহিলাসকলক সহায় কৰাৰ দৰে ইতিবাচক সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিছিল। গাঁৱবাসীৰ প্ৰযোজনীয়াত তুলি ধৰিবলৈ তেওঁ বিভিন্ন মঞ্চ অনুষ্ঠান পৰিৱেশন কৰিছিল। ২০১৩ চনত তেৰদাল বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত উমাশ্ৰীয়ে নিজৰ সামাজিক কৰ্ম অব্যাহত ৰাখিবলৈ সুবিধা লাভ কৰে। তেওঁ কৰ্ণাটক চৰকাৰৰ ‘ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়’ আৰু ‘বিশেষভাবে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ সবলীকৰণ, কানাড়া ভাষা আৰু সংস্কৃতি’ দপ্তৰৰ মন্ত্ৰিত্বৰ দায়িত্বত আছিল।
মঞ্চাভিনয়
তেওঁ গাঁৱলীয়া মঞ্চ, পৌৰাণিক নাট্যাভিনয় তথা পেছাদাৰী আৰু অপেছাদাৰী নাট্যাভিয়ৰ অভিজ্ঞতাৰে পুষ্ট আছিল। তেওঁ ফ্ৰিটজ বেনেৱিটজ, বি.ভি. কৰন্থ, গিৰীশ কৰ্ণাড, চি.জি. কৃষ্ণস্বামী, আৰ. নাগেশ টি.এছ. নাগভৰণ আদি প্ৰথিতযশা পৰিচালকৰ অধীনত অভিনয় কৰিছিল। তেওঁ বেংগালুৰুৰ ৰংগসম্পদা অপেছাদাৰী নাট্যগোষ্ঠীৰ সদস্য।
চলচ্চিত্ৰাভিনয়
১৯৮৪ চনত কাশীনাথৰ সৈতে অনুভৱ ছবিত সহযোগী চৰিত্ৰৰ অভিনয়েৰে তেওঁ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অৱশ্যে তাৰ আগত ১৯৮০ চনত টি এছ নাগভৰনৰ পৰিচালনাত নিৰ্মিত কানাড়া ছবি বাংগাৰদা জিংকেত দেখা গৈছিল।
তেওঁ অভিনয় কৰা কিছু ছবি হ’ল- অনুভৱ (১৯৮৪),অমূৰ্ত ঘালিগে (১৯৮৪),স্বাভিমান (১৯৮৫),বেটে (১৯৮৬),২৭ মেভিলি চাৰ্কল (১৯৮৬),জয়স্মিতা (১৯৮৭),সৌভাগ্য লক্ষ্মী (১৯৮৭),দিগ্বিজয় (১৯৮৭),ৰামান্না-সামান্না (১৯৮৮),কৃষ্ণ-ৰুক্মিণী (১৯৮৮),ডক্তৰ কৃষ্ণা (১৯৮৯),নিগুঢ় ৰহস্য (১৯৯০) আদি।
বঁটা আৰু স্বীকৃতি
২০০৪: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা (২০০৩ৰ কানাড়ী ছবি মণিৰ বাবে)।
২০০৮: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৫৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। (গুলাবী টকীজ ছবিৰ বাবে)।
২০২০-২১: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা দক্ষিণ (কানাড়া ভাষাৰ চলচ্চিত্ৰ ৰন্থন প্ৰপঞ্চৰ বাবে)।
তথ্যসূত্ৰ
- ↑ (8 September 2009). Jo misses National Award by a whisker!. Sify
- ↑ "Karnataka 2013." Myneta website, National Election Watch. Accessed 21 February 2014
- ↑ "Writer's remarks on Umashree draw flak." The Hindu Bangelore, 9 February 2014
- ↑ Nandakumar P. "Karnataka: Umashree lone woman minister." Deccan Chronicle 18 May 2013. Accessed 21 February 2014
- ↑ Siddharamaiah, increases Quota in Cabinet
- ↑ Terdal Election News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমাশ্ৰী” প্ৰবন্ধৰ সংশোধন ৪০৩৭৮৭ (২৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।