অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীকান্ত জিচকাৰ

শ্ৰীকান্ত জিচকাৰ (Shrikant Jichkar, श्रीकांत जिचकार; ১৪ চেপ্টেম্বৰ ১৯৫৪ – ২ জুন ২০০৪) ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁ ৪২খন বিশ্ববিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ২০টা ডিগ্ৰী অৰ্জন কৰিছিল।

হালনাগাদ: ২৪ জুলাই ২০২৬ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্ৰীকান্ত জিচকাৰ (Shrikant Jichkar, श्रीकांत जिचकार; ১৪ চেপ্টেম্বৰ ১৯৫৪ – ২ জুন ২০০৪) ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁ ৪২খন বিশ্ববিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ২০টা ডিগ্ৰী অৰ্জন কৰিছিল।১ তেওঁ এগৰাকী ৰাজনীতিবিদো আছিল, তেওঁ ২৬ বছৰ বয়সত দেশৰ আটাইতকৈ কমবয়সীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।২

জন্ম পৰিচয়

১৯৫৪ চনৰ ১৪ চেপ্টেম্বৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ কাতোলত তেওঁৰ জন্ম হয়। তেওঁৰ পত্নীৰ নাম আছিল ৰাজশ্ৰী জিচকাৰ। তেওঁ দুই সন্তানৰ গৰাকী।

শিক্ষা জীৱন

তেওঁৰ জীৱন আৰম্ভ হয় মেডিকেল ডাক্তৰৰ (MBBS আৰু MD নাগপুৰৰ পৰা) পৰা, তাৰ পিছত LLB কৰে লগতে আন্তঃৰ্জাতিক আইনতো স্নাতকোত্তৰ কৰে। বিজনেছ মেনেজমেণ্ট ডিপ্লোমা কৰাৰ লগতে তেওঁ MBA কৰে আৰু সাংবাদিকতা (B.Journ) কৰে। তেওঁ সংস্কৃতত ডি.লিট (Doctor of Literature) পাইছিল, ই বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী। তেওঁৰ প্ৰায়বোৰ ডিগ্ৰী ফাৰ্ষ্ট মেৰিটৰ সৈতে আছিল আৰু তেওঁ ডিগ্ৰীৰ সৈতে বহুকেইটা স্বৰ্ণপদকো লাভ কৰিছিল। ১৯৭৩ পৰা ১৯৯০ৰ ভিতৰত প্ৰতিটো শীত বা গ্ৰীষ্মত কালত তেওঁ ৪২খন বিশ্ববিদ্যালয়ত পৰীক্ষা দিছিল।৩

১৯৭৮ চনত তেওঁ ভাৰতীয় লোকসেৱা (Indian Civil Service) পৰীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু আইপিএছ (Indian Police Service চমুকৈ IPS) ত নিৰ্বাচিত হৈছিল যদিও তেওঁ পদত্যাগ কৰিছিল। পুনৰ তেওঁ ভাৰতীয় লোকসেৱা (Indian Civil Service চমুকৈ ICS) পৰীক্ষাত অংশ লয় আৰু সফলতাৰে আইএএছ (Indian Administrative Services) -ত যোগ দিয়ে, যদিও তেওঁ চাৰি মাহৰ পিছত বিধানসভাৰ প্ৰাৰ্থীত্ব কৰাৰ মানসেৰে পদত্যাগ কৰে।৪ ১৯৮০ চনত তেওঁ মহাৰাষ্ট্ৰ বিধানসভাত নিৰ্বাচিত হয়। বিধায়ক হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৬ বছৰ, যিয়ে সেইসময়ৰ দেশৰ আটাইতকৈ কমবয়সীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তীকালত তেওঁ একেসময়তে ১৪টা দপ্তৰৰ মন্ত্ৰী আছিল।৫

অন্যান্য কৰ্মৰাজি

তেওঁৰ ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত পুথিভঁৰালত ৫২ হাজাৰৰো অধিক গ্ৰন্থ সংৰক্ষণ কৰিছিল। ডা° জিচকাৰক লিমকা বুক অফ ৰেকৰ্ডছ্‌য়ে ভাৰতৰ সৰ্বাধিক শিক্ষিত ব্যক্তিৰ শিৰোনাম দিছে।

জিচকাৰ এগৰাকী একাধাৰে শিক্ষাবিদ, চিত্ৰশিল্পী, পেচাদাৰী ফটোগ্ৰাফাৰ আৰু মঞ্চ অভিনেতাও আছিল। তেওঁ মহাৰাষ্ট্ৰ বিধানসভা (১৯৮২-৮৫), মহাৰাষ্ট্ৰ বিধান পৰিষদ (১৯৮৬-৯২) ৰ সদস্য আছিল আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। তেওঁ ভাৰতৰ ৰাজ্যসভাৰ সদস্য আছিল (১৯৯২-৯৮)।৬ তেওঁ ১৯৯২ চনত নাগপুৰত সন্দিপনি বিদ্যালয় (Sàndipani school) প্ৰতিষ্ঠা কৰিছিল।

মৃত্যু

তেওঁৰ ২০০৪ চনৰ ২ জুন তাৰিখে এক পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ।৭

তথ্যসূত্ৰ

  1. ↑ With 20 degrees, Nagpur’s Dr Shrikant Jichkar was most qualified person in India. Nation Next
  2. ↑ 5 Facts You Should Know About Dr. Shrikant Jichkar, The Most Qualified Man In India. The Story Pedia
  3. ↑ This is the most educated person in India with 20 degrees: Listicles: Microfacts. indiatoday.intoday.in
  4. ↑ www.indiatimes.com/news/india/this-is-the-story-
  5. ↑ At a Glance: Late Dr Shrikant Jichkar, India's one of the most learned politicians
  6. ↑ 5 Facts You Should Know About Dr. Shrikant Jichkar, The Most Qualified Man In India. www.thestorypedia.com
  7. ↑ With 20 degrees, Nagpur’s Dr Shrikant Jichkar was most qualified person in India. Nation Next

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীকান্ত জিচকাৰ” প্ৰবন্ধৰ সংশোধন ৬১৯১০৪ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।