অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দন কুমাৰ সৰকাৰ

চন্দন কুমাৰ সৰকাৰ সৰকাৰদেৱে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ, ২০০১ চনৰ পৰা ২০০৬ চনলৈ আৰু পুনৰ ২০১১ চনৰ পৰা ২০১৬ চনলৈ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য আছিল।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৫ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চন্দন কুমাৰ সৰকাৰ এজন ভাৰতীয় তথা অসম ৰাজ্যৰ ৰাজনৈতিক নেতা আছিল। তেওঁ ২০১৫ চনৰ পৰা ২০১৬ চনলৈ তৰুণ গগৈৰ তৃতীয়কালৰ মন্ত্ৰালয়ত জলসিঞ্চন আৰু মাটি সংৰক্ষণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২৩৪ সৰকাৰদেৱে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ, ২০০১ চনৰ পৰা ২০০৬ চনলৈ আৰু পুনৰ ২০১১ চনৰ পৰা ২০১৬ চনলৈ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য আছিল। পৰৱৰ্তী সময়ত ২০২১ চনত তেওঁৰ পুত্ৰ প্ৰদীপ সৰকাৰে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ পৰা প্ৰতদ্বন্দ্বিতা আগবঢ়াই আৰু বিধায়ক হিচাপে নিৰ্বাচিত হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা

সৰকাৰ আছিল প্ৰয়াত বিজয় চন্দ্ৰ সৰকাৰৰ পুত্ৰ। তেওঁ ১৯৭৪ চনত চকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে।

ৰাজনৈতিক কেৰিয়াৰ

তেওঁ ১৯৯১ চনৰ অসম বিধানসভা নিৰ্বাচন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল আৰু ২২৩১১টা ভোট(৩২.৫৮%) লাভ কৰিছিল।২১৯৯৬ চনৰ অসম বিধানসভা নিৰ্বাচনত সৰকাৰে মুঠ ভোটৰ ১৬৯৭৭(২২.২৪%)টা ভোট লাভ কৰি অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰবীন বানিক্যৰ হাতত ২৬৫৭২ ভোটত পৰাস্ত হয়।২২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত মুঠ ৪৫৩১৮(৫০.০২%)টা ভোট লাভ কৰি পুনৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰপৰা বিধায়ক হয়। তেওঁ ৰবীন বানিক্যক ৩৬৩৩টা ভোটত পৰাস্ত কৰে।২২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ২৬৬৩৮টা ভোট লাভ কৰি পুনৰ ৰবীন বানিক্যৰ হাতত ৪০৩৪টা ভোটত পৰাস্ত হয়।২২০১১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ পৰা পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিকটতম প্ৰতিদ্বন্দ্বীক ১৫৮৯৯টা ভোটত পৰাস্ত কৰে।২ ২৩ জানুৱাৰী, ২০১৫ চনত তৰুণ গগৈ মন্ত্ৰীসভাৰ তৃতীয় মন্ত্ৰালয়ৰ সালসলনিত সৰকাৰে জলসিঞ্চন আৰু মাটি সংৰক্ষণৰ বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অনন্ত কুমাৰ মালোৰ হাতত ১৯১টা ভোটত পৰাস্ত হয়। নিৰ্বাচনত পৰাস্ত হোৱা ১০জন কেবিনেট মন্ত্ৰীৰ ভিতৰত তেওঁ অন্যতম।৫

ব্যক্তিগত জীৱন আৰু মৃত্যু

তেওঁৰ ২জন পুত্ৰ আৰু ১ গৰাকী কন্যা সন্তান আছিল। ২০২১ চনত অসম বিধানসভা নিৰ্বাচনত অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ পৰা পুত্ৰ প্ৰদীপ সৰকাৰে বিধায়ক হিচাপে নিৰ্বাচিত হয়। ২০১৮ চনৰ ১৯ নৱেম্বৰত সৰকাৰৰ কাৰ্ডিয়াক এৰেষ্ট হোৱাত লগে লগে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত মৃত্যু হয়।৬ ১তেওঁৰ মৃত্যুত কেইবাজনো ৰাজনীতিবিদে শ্ৰদ্ধাঞ্জলি জনায় যেনে ৰিপুন বৰা, হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইত্যাদি। সোণোৱালদেৱে কয় যে “পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হিচাপে সৰকাৰে মূল্যৱান সেৱা আগবঢ়াইছিল, যিটো ৰাইজে সদায় মনত ৰাখিব আৰু তেওঁৰ মৃত্যু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি।”৬

তথ্যসূত্ৰ

  1. ↑ Pradip Sarkar(Indian National Congress(INC)):Constituency- ABHAYAPURI SOUTH (SC)(NORTH SALMARA) - Affidavit Information of Candidate:. myneta.info
  2. ↑ Abhayapuri South Assembly Constituency Election Result - Legislative Assembly Constituency. resultuniversity.com
  3. ↑ (2015-01-26). Gogoi allocates portfolios to new Assam ministers. Firstpost
  4. ↑ (2015-01-23). Tarun Gogoi reshuffles Assam ministry, 11 cabinet ministers join. Firstpost
  5. ↑ 10 Gogoi cabinet ministers bite the dust. www.telegraphindia.com
  6. ↑ Service, Tribune News. Former Assam minister Chandan Kumar Sarkar passes away. Tribuneindia News Service

সম্পৰ্কিত শ্ৰেণী

বঙাইগাঁও জিলাভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দন কুমাৰ সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৫৬২৪৫৯ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।