অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শুভেন্দু অধিকাৰী

শুভেন্দু অধিকাৰী (জন্ম:- ১৫ ডিচেম্বৰ ১৯৭০) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০২৬ চনৰ ৯ মে’ৰ পৰা পশ্চিম বংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। অধিকাৰী ২০২১ চনৰ মে' মাহৰপৰা পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী দলৰ নেতা আৰু পশ্চিম বংগ শাখাৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শুভেন্দু অধিকাৰী (জন্ম:- ১৫ ডিচেম্বৰ ১৯৭০) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০২৬ চনৰ ৯ মে’ৰ পৰা পশ্চিম বংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। অধিকাৰী ২০২১ চনৰ মে' মাহৰপৰা পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী দলৰ নেতা আৰু পশ্চিম বংগ শাখাৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অধিকাৰীয়ে ২০১৬ চনৰপৰা ২০২০ চনলৈ পশ্চিম বংগ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰ্যালয়ত কৰ্মৰত হৈছিল। ২০১৬ আৰু ২০২১ চনত নন্দিগ্ৰামৰপৰা বিধানসভাৰ সদস্য (এম এল এ) হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ২০০৫ চনত তেওঁ দক্ষিণ কণ্টাইৰ বাবে আৰু ২০০৯ আৰু ২০১৪ চনত তামলুকৰপৰা লোকসভাৰ সংসদ সদস্য নিৰ্বাচিত হয়।।১

অধিকাৰী ২০১৬ চনৰপৰা ২০২০ চনলৈ পৰিবহণ মন্ত্ৰী, ২০১৮ চনৰপৰা ২০২০ চনলৈ জলসিঞ্চন আৰু জলসম্পদ মন্ত্ৰী হিচাপে পশ্চিম বংগ চৰকাৰত কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰপৰা ২০১৬ চনলৈ তামলুকৰপৰা লোকসভাৰ সদস্য আৰু ২০২০ চনৰপৰা ২০২১ চনলৈ ভাৰতীয় মৰাপাট নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অধিকাৰী ১৯৯৮ চনৰপৰা ২০২০ চনলৈ তৃণমূল কংগ্ৰেছ আৰু ১৯৯৫ চনৰপৰা ১৯৯৮ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মনমোহন সিং চৰকাৰৰ সাংসদ সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী শিশিৰ অধিকাৰীৰ পুত্ৰ।২৩৪৫৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭০ চনৰ ১৫ ডিচেম্বৰত পশ্চিমবংগৰ পূৰ্ব মেদিনীপুৰ জিলাৰ কাৰ্কুলীত শিশিৰ অধিকাৰী আৰু গায়ত্ৰী অধিকাৰীৰ ঘৰত বঙালী ৰহী ব্ৰাহ্মণ৭ পৰিয়ালত অধিকাৰীৰ জন্ম হয়। শিশিৰ অধিকাৰী এজন ৰাজনীতিবিদ, আৰু দ্বিতীয় মনমোহন সিং মন্ত্ৰালয়ৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী৷ তেওঁ ২০১৯ চনত কান্থী সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।৮৯ শুভেন্দু অধিকাৰী অবিবাহিত।১০

শুভেন্দুৰ অন্যতম ভাতৃ সৌমেণ্ডু কান্থী পৌৰ নিগমৰ অধ্যক্ষ আছিল, যি এতিয়া ১৮ নং লোকসভাত কান্তী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।৯ ২০১৯ চনত তামলুক সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা দিব্যেন্দু অধিকাৰীও তেওঁৰ ভাতৃ।

অধিকাৰীয়ে ২০১১ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১১

তথ্যসূত্ৰ

  1. ↑ (17 June 2021). Mamata banerjee challenges Suvendu Adhikari. Hindustan Times
  2. ↑ Bhattacharya, Ravik. (23 September 2012). Had no work, say former TMC ministers in UPA govt. Hindustan Times
  3. ↑ Suvendu Adhikari -Profile
  4. ↑ Election Commission of India. results.eci.gov.in
  5. ↑ Nandigram Election Result 2021 LIVE: Nandigram MLA Election Result & Vote Share - Oneindia. OneIndia
  6. ↑ Nandigram Assembly Election Results 2021 LIVE - Nandigram Vidhan Sabha Election Results. Times Now
  7. ↑ At Nandigram, Site of Historic Land Movement, a Battle to See Who the 'Real' Brahmin Is. The Wire
  8. ↑ Adhikari, Shri Suvendu. Lok Sabha
  9. ↑ Bhattacharya, Kajari. (31 March 2018). Nandigram: Trinamool's stronghold, one family's stranglehold. Asianet Newsable
  10. ↑ (16 December 2020). ভাইৰা বিয়ে কৰলেও অকৃতদাৰ তিনি, জানুন কেমন শুভেন্দূৰ সংসাৰ. Aaj Tak বাংলা
  11. ↑ Suvendu Adhikar's Affidavit 2026. ভাৰতৰ নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় ৰাজনীতিবিদপশ্চিমবংগ তৃণমূল কংগ্ৰেছৰ ৰাজনীতিবিদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভেন্দু অধিকাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৭৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।