কাঞ্চন চৌধুৰী ভট্টাচাৰ্য (Kanchan Chaudhary Bhattacharya, ১৯৪৭ - ২৬ আগষ্ট ২০১৯) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। তেওঁ কিৰণ বেদীৰ পিছতে ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া।১ ১৯৭৩ বৰ্ষৰ এগৰাকী আইপিএছ বিষয়া কাঞ্চন চৌধুৰী ভট্টাচাৰ্যয়ে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আৰক্ষী সঞ্চালকপ্ৰধান পদবী লাভ কৰা প্ৰথম মহিলা। তেওঁ সুদীৰ্ঘ ৩৩ বছৰৰ আৰক্ষী বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ পিছত ২০০৭ চনৰ ৩১ অক্টোবৰ তাৰিখে অৱসৰ গ্ৰহণ কৰে।২৩ অৱসৰ গ্ৰহণৰ পিছত তেওঁ ৰাজনীতিলৈ প্ৰৱেশ কৰে আৰু ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত উত্তৰাখণ্ডৰ হৰিদ্বাৰ লোকসভা সমষ্টিৰ পৰা আম আদমি পাৰ্টীৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৯ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁৰ মৃত্যু হয়।৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৭ চনত কাঞ্চন চৌধুৰীৰ হিমাচলৰ ছিমলাত জন্ম হৈছিল। তেওঁৰ পিতৃ মদন মোহন চৌধুৰী। তেওঁলোকৰ পৰিয়াল দিল্লী আৰু অমৃতচৰ চহৰত বসবাস কৰিছিল। কাঞ্চন চৌধুৰীয়ে অমৃতচৰ চৰকাৰী মহিলা মহাবিদ্যালয়ত শিক্ষা লাভ কৰিছিল।৫৬ তাৰ পিছত কাঞ্চনে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ (এমএ) সম্পূৰ্ণ কৰে। তাৰ পিছত ১৯৯৩ চনত তেওঁ অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ অলংগং বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য ব্যৱস্থাপনাৰ স্নাতকোত্তৰ (এমবিএ) ডিগ্ৰী লাভ কৰে।৭৮
২০১৪ চনত এক সাক্ষাৎকাৰত কাঞ্চনে ব্যাখ্যা কৰে যে তাইৰ দেউতাক সম্পত্তিৰ বিষয়ত সোমাই পৰা আৰু আক্ৰমণ কৰাৰ পিছত তেওঁ আৰক্ষী বিষয়া হ'বলৈ অনুপ্ৰাণিত হৈছিল; সেই সময়ত আৰক্ষী বিষয়াসকলে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাজু নাছিল। সেয়েহে যেতিয়া তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তেওঁ স্পষ্ট হৈছিল যে তেওঁ ন্যায় সেৱা কৰাৰ পথ হিচাপে ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিব।৯১০
কৰ্মজীৱন
ভাৰতীয় আৰক্ষী সেৱাত চৌধুৰীয়ে ৩৩ বছৰ সেৱা আগবঢ়াইছিল।১১ তেওঁ আইপিএছ বিষয়া হোৱা দ্বিতীয় মহিলা (কিৰণ বেদীৰ পিছত) আছিল।১২ তেওঁৰ প্ৰশিক্ষণ বৰ্ষত তেওঁ একমাত্ৰ মহিলা প্ৰশিক্ষাৰ্থী আছিল।৯ তেওঁ উত্তৰ প্ৰদেশ কেডাৰৰ প্ৰথম মহিলা আইপিএছ বিষয়া আছিল আৰু উত্তৰ প্ৰদেশৰ বেৰেলীত প্ৰথম মহিলা আৰক্ষী উপ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল। তাৰ পিছত তেওঁক উত্তৰ প্ৰদেশ আৰক্ষীৰ প্ৰথম মহিলা মহাপৰিদৰ্শক হিচাপে পদোন্নতি কৰা হৈছিল। তেওঁ উত্তৰাঞ্চলত অতিৰিক্ত আৰক্ষী সঞ্চালক হিচাপে কাম কৰা প্ৰথম মহিলা আছিল। উত্তৰাঞ্চল অঞ্চল উত্তৰাখণ্ড হিচাপে ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পিছত তেওঁ নৱগঠিত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক পদ লাভ কৰা প্ৰথম মহিলা আছিল।১৩
চৌধুৰীয়ে তেওঁৰ কেৰিয়াৰত চম্ভালি থকা গোচৰবোৰৰ ভিতৰত আছিল ১৯৮৭ চনত সাতবাৰৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়ন চৈয়দ মোদীৰ হত্যা আৰু ১৯৮৯ চনত ৰিলায়েন্স-বোম্বাই ডাইঙৰ গোচৰ। উত্তৰ প্ৰদেশৰ মালিহাবাদৰ সহকাৰী আৰক্ষী অধীক্ষক হিচাপে কাৰ্যভাৰ চম্ভালি থকা সময়ত তেওঁ এবছৰত ১৩জন ডকাইতক আটক কৰিছিল।১৪ তেওঁ বেংক আৰু ৰাজহুৱা খণ্ডত কেইবাটাও বগা কলাৰ অপৰাধৰ তদন্ত কৰিছিল।১৩
চৌধুৰীক ২০০৪ চনত মেক্সিকোৰ কেংকনত অনুষ্ঠিত ইণ্টাৰপলৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা হৈছিল।১৫ তেওঁ ২০০৫ চনৰ ২৭ জুলাই তাৰিখে মুচৌৰীত দ্বিতীয় মহিলা আৰক্ষী সন্মিলনৰ আয়োজন কৰিছিল। ইয়াত ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম মুখ্য অতিথি আছিল।১৬১৭ চৌধুৰীয়ে ডিজিপিৰ বাৰ্ষিক সন্মিলনত আৰক্ষীত মহিলাৰ নিয়োগ আৰু প্ৰশিক্ষণ অব্যাহত ৰখা আৰু আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোৰ হৈ সমগ্ৰ দেশৰ প্ৰশিক্ষণ মুৰব্বীসকলৰ আগত উপস্থাপন কৰে।১৮
চৌধুৰীৰ অন্যান্য আগ্ৰহৰ ভিতৰত আছিল কবিতা লিখা আৰু নাটকত অংশগ্ৰহণ কৰা। তেওঁ দূৰদৰ্শনৰ জনপ্ৰিয় টেলিভিছন শৃংখলা 'উৰাণ'ত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। তেওঁৰ জীৱন কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত এই শৃংখলাটো তেওঁৰ ভগ্নী কবিতা চৌধুৰীয়ে লিখিছিল আৰু পৰিচালনা কৰিছিল।১১২১৯
মৃত্যু
২০০৯ চনৰ ২৬ আগষ্ট তাৰিখে কাঞ্চন চৌধুৰী ভট্টাচাৰ্যৰ মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। তেওঁ পাঁচৰ পৰা ছয় মাহ ধৰি চিকিৎসাধীন আছিল। তেওঁৰ নশ্বৰ দেহ মুম্বাইৰ ৱাৰলী শ্মশানত দাহ কৰা হৈছিল।২০
বঁটা আৰু সন্মান
- ১৯৮৯ চনত দীৰ্ঘ আৰু মেধাৱী সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক১৮
- ১৯৯৭ চনত বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক২১
- ২০০৪ চনত সকলো ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শনৰ বাবে ৰাজীৱ গান্ধী বঁটা আৰু এজন অসামান্য মহিলা প্ৰাপ্তকাৰী১১
তথ্যসূত্ৰ
- ↑ Santhosh, K. (26 July 2012). Officer who changed the face of the police. The Hindu
- ↑ Kazmi, S M A. (31 October 2007). Chaudhary, first woman DGP, retires. Indian Express Archive. Indian Express
- ↑ Singh, Gajinder. (17 June 2006). Smart salute to lady top cop. Telegraph India
- ↑ Singh, Kautilya. (12 March 2014). India's first woman DGP wants AAP ticket from Haridwar. The Times of India
- ↑ (2013-12-23). First Woman Director General of Police (DGP) of India. WomenPlanet.in
- ↑ (12 October 2007). A trip down memory lane. The Tribune (Chandigarh)
- ↑ (3 June 2009). DU has a lot on its ladies special platter. India Today
- ↑ About Kanchan Chaudhary Bhattacharya. streeshakti.com
- ↑ Wangchuk, Rinchen Norbu. (27 August 2019). Tribute: Kanchan Chaudhary, the Trailblazing IPS Officer Who was India's 1st Woman DGP. The Better India
- ↑ Laungani, Jahnavi K. (12 September 2014). Kanchan Chaudhary: Life Sets No Limits, Only You Do!. Life Beyond Numbers
- ↑ (2019-08-27). India's first woman DGP Kanchan Chaudhary Bhattacharya dies at 72. Hindustan Times
- ↑ Jha, Fiza. (1 September 2019). Udaan — DD series on life of DGP Kanchan Chaudhary inspired an entire generation of women. The Print
- ↑ (26 June 2004). Let me fly, don't root me. The Tribune - Magazine section - Saturday Extra
- ↑ (4 April 2005). From corporate warriors to politicians, 30 Indian women who are front-liners of our times. India Today
- ↑ (2019-08-27). First lady DGP no more. Deccan Herald
- ↑ Bhandare, Murlidhar C. (2010). Struggle for Gender Justice: Justice Sunanda Bhandare Memorial Lectures. Penguin Books India. পৃ. xii. ISBN 9780670084265
- ↑ Menon, Amarnath K. (17 October 2005). Women in police force finally make themselves heard, demand professional makeover. India Today
- ↑ (10 November 2018). Rise of Women in Policing. The Protector
- ↑ Inamdar, Nikhil. (2014-03-25). Meet first woman DGP turned AAP's Haridwar hopeful. Business Standard India
- ↑ (27 August 2019). India's first woman DGP Kanchan Chaudhary Bhattacharya dies. Times of India
- ↑ (2019-08-27). Who was Kanchan Chaudhary Bhattacharya? Fearless IPS officer who went on to become country's first woman DGP. The Financial Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঞ্চন চৌধুৰী ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫৯৩৬৫৯ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।