অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰদ্যুৎ বৰদলৈ

প্ৰদ্যুৎ বৰদলৈ (জন্ম ২৮ এপ্ৰিল ১৯৫৯) হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ যি পূৰ্বতে ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১৯ মাৰ্চ ২০২৬ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

প্ৰদ্যুৎ বৰদলৈ (জন্ম ২৮ এপ্ৰিল ১৯৫৯) হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ যি পূৰ্বতে ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ ইয়াৰ পূৰ্বে ১৯৯৮ চনৰ পৰা ২০১৬ চনলৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাক প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ চাৰিটা কাৰ্যকালৰ সদস্য, ২০০১ চনৰ পৰা ২০১৫ চনলৈকে অসম চৰকাৰৰ মন্ত্ৰী আছিল।৩৪২০২৬ চনৰ ১৮ মাৰ্চলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৰদলৈ সদস্য আছিল।

প্ৰাৰম্ভিক জীৱন

অসমৰ মাৰ্ঘেৰিটাত ১৯৫৮ চনৰ ২৮ মাৰ্চ তাৰিখে প্ৰদ্যুৎ বৰদলৈৰ জন্ম হৈছিল৫ কটন বিশ্ববিদ্যালয়,গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ কলা শাখাত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি পৰৱৰ্তী সময়ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা এমফিল ডিগ্ৰী লাভ কৰে৷৫ তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী সংগঠনৰ অসম শাখাৰ সভাপতি আছিল৷৬৭

ৰাজনৈতিক জীৱন

বৰদলৈয়ে ১৯৯৮ চনত উপ-নিৰ্বাচনত মাৰ্ঘেৰিটাৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়,৮ আৰু ২০০১, ২০০৬ আৰু ২০১১ত পুনৰ নিৰ্বাচিত হয়৷৯ ২০০১ চনৰ পৰা ২০০৬ চনলৈকে তৰুণ গগৈ নেতৃত্বাধীন প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰৰ তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।৩ ২০০৬ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ তৰুণ গগৈৰ নেতৃত্বত দ্বিতীয় আৰু তৃতীয় কংগ্ৰেছ মন্ত্ৰালয়ত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী হিচাপে উদ্যোগ, বাণিজ্য, শক্তি আৰু ৰাজহুৱা উদ্যোগৰ পদবী গ্ৰহণ কৰিছিল।৩২০১৫ চনৰ মন্ত্ৰীসভাৰ সালসলনিত তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে,৩ আৰু তাৰ পিছত চৰকাৰৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখ্যমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰে।৪ ২০১৯ চনত বৰদলৈ নগাঁৱৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।২ ২০২৪ চনত নগাঁৱৰ পৰা পুনৰ নিৰ্বাচিত হোৱা বৰদলৈয়ে ২০২৬ চনৰ ১৮ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰে।১০

তথ্যসূত্ৰ

  1. ↑ Assam assembly elections: MP Pradyut Bordoloi quits Congress after 30 years, gets offer from Himanta Biswa Sarma to join BJP. Times of India
  2. ↑ Pradyut Bordoloi- Wins in Nagaon
  3. ↑ Congress key posts for Pradyut, NE leaders
  4. ↑ Pradyut Bordoloi appointed govt spokesperson in Assam
  5. ↑ Pradyut Bordoloi
  6. ↑ Pradyut Bordoloi, old Cong hand from Tinsukia joins call for transparency in party chief polls
  7. ↑ Congress MP From Nagaon, Pradyut Bordoloi, Tests Positive For COVID-19
  8. ↑ Congress stuns BJD-BJP in Orissa
  9. ↑ Margherita Constituency - Population, Polling Percentage, Facilities, Parties Vote Share, Last Election Results
  10. ↑ Assam assembly elections: MP Pradyut Bordoloi quits Congress after 30 years, gets offer from Himanta Biswa Sarma to join BJP. Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদঅসমৰ ৰাজনীতিবিদঅসমৰ ৰাজনীতিকলোকসভাৰ সাংসদঅসম চৰকাৰৰ মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদ্যুৎ বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৫৯০৫২৬ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।