ভাৰতীয় ৰাজনীতিবিদ
২০১ প্ৰবন্ধ
-
চি শংকৰা নায়াৰ
ছাৰ চেট্টুৰ শংকৰা নায়াৰ চি আই ই (C. Sankaran Nair: ১১ জুলাই ১৮৫৭ – ২৪ এপ্ৰিল ১৯৩৪) এজন ভাৰতীয় অধিবক্তা আৰু ন্যায়াধীশ আছিল৷ তেওঁ ১৯০৬ চনৰ পৰা ১৯০৮ চনলৈকে মাদ্ৰাজৰ এডভোকেট জেনেৰেল হিচাপে, ১৯০৮ চনৰ পৰা ১৯১৫ চনলৈকে মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ত puisne ন্যায়াধীশ হিচাপে আৰু ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ…
-
ছন্নো দেৱী
ছন্নো দেৱী (জন্ম: ১ জুন ১৯০১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ পঞ্জাব ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য ছন্নো দেৱীয়ে পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যৰ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
-
ছুইটি সীমা হেমব্ৰাম
ছুইটি সীমা হেমব্ৰাম (ইংৰাজী: Sweety Sima Hembram) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰীয় জনতা দলক প্ৰতিনিধিত্ব কৰি বৰ্তমান বিহাৰৰ কট’ৰিয়া বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ছুবুৰ পাৰ্থসাৰথি
ছুবুৰ পাৰ্থসাৰথি (জন্ম ছুবুৰ মুগাসেথচ Subur Parthasarathy; ১৯১১ – ১০ অক্টোবৰ ১৯৬৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু আইন প্ৰণেতা আছিল। তেওঁ ইথিৰাজ কলেজ ফৰ ৱ’মেনৰ প্ৰথম অধ্যক্ষ আছিল আৰু ১৯৬০ চনৰ পৰা ১৯৬৬ চনলৈকে ৰাজ্যসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জয়ন্তী নটৰাজন
জয়ন্তী নটৰাজন (Jayanthi Natarajan; জন্ম: ৭ জুন ১৯৫৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ ৰাজ্যসভাত তামিলনাডু ৰাজ্যক প্ৰতিনিধিত্ব কৰি সংসদ সদস্য নিৰ্বাচিত হৈছে।
-
জামিয়াং চেৰিং নামগ্যাল
জামিয়াং চেৰিং নামগ্যাল ওৰফে জেটিএন এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভৌগোলিকভাৱে ভাৰতৰ সৰ্ববৃহৎ সংসদীয় আসন লাডাখ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লোকসভাত সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জে মাৰ্ছিকুট্টি আম্মা
জে. মাৰ্ছিকুট্টি আম্মা (জন্ম: ৩০ ছেপ্টেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১৬ চনৰপৰা ২০২১ চনলৈকে কেৰালা চৰকাৰৰ অধীনত মৎস্য, বন্দৰ অভিযান্ত্ৰিকী, কাজুবাদাম উদ্যোগ আৰু কেৰালা মৎস্য বিশ্ববিদ্যালয়ৰ মন্ত্ৰী আছিল।
-
জেমছ জয় মোহন নিকোল্ছ ৰায়
জেমছ জয় মোহন নিকোল্ছ ৰায় ( James Joy Mohan Nichols Roy; ১২ জুন ১৮৮৪ – ১ নৱেম্বৰ ১৯৫৯) অবিভক্ত অসমৰ (বৰ্তমানৰ মেঘালয়ৰ) এজন খ্ৰীষ্টান মন্ত্ৰী আৰু ৰাজনীতিক আছিল। স্বাধীনতাৰ পূৰ্বেই তেওঁ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসমূহৰ স্বায়ত্তশাসনৰ বাবে আন্দোলন কৰিছিল।
-
টেমজেন ইমনা এলং লংকুমেৰ
টেমজেন ইমনা এলং লংকুমেৰ (Temjen Imna Along Longkumer) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২০ চনৰ ১৫ জানুৱাৰীৰ পৰা নাগালেণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
থোতা সীতাৰাম লক্ষ্মী
থোতা সীতাৰাম লক্ষ্মী ( Thota Seetharama Lakshmi; জন্ম: ১২ ছেপ্তেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেলুগু দেশম পাৰ্টিৰ সদস্য। তেওঁ ৰাজ্যসভাৰ সাংসদ ৰূপে অন্ধ্ৰপ্ৰদেশৰ প্ৰতিনিধিত্ব কৰিছিল।
-
দিগ্বিজয় সিং
দিগ্বিজয় সিং ( ইংৰাজী : Digvijay Singh; জন্ম: ২৮ ফেব্ৰুৱাৰী ১৯৪৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০১৪ চনৰ পৰা ৰাজ্যসভাৰ সংসদৰ সদস্য। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে আৰু ১৯৯৮ চনৰ পৰা ২০০৩ চনলৈকে দুটা কাৰ্যকালত মধ্যপ্ৰদেশৰ ১৪ আৰু ১৫ নং মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ভূপাল লোকসভাৰ…
-
দেবলিনা হেমব্ৰাম
দেবলিনা হেমব্ৰাম (ইংৰাজী: Deblina Hembram) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। ২০০৬-১১ চনত বাওঁ মঞ্চ মন্ত্ৰালয়ত জনজাতি পৰিক্ৰমা মন্ত্ৰী আছিল।
-
ধীৰেশ্বৰ কলিতা
ধীৰেশ্বৰ কলিতা (Dhireswar Kalita; ২২ এপ্ৰিল ১৯২২ – ১৪ জানুৱাৰী ১৯৯৭) এজন ভাৰতীয় ৰাজনীতিক আছিল আৰু লোকসভাৰ সাংসদ আছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ এজন নেতা আছিল। ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈকে তেওঁ গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
পায়েল ঘোষ
পায়েল ঘোষ (জন্ম ১৯৮৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মুখ্যতঃ তেলেগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
পি এচ নটৰাজ পিল্লাই
পি এছ নটৰাজ পিল্লাই ( P. S. Nataraja Pillai; মাৰ্চ, ১৮৯১ – ১৯৬৬)
-
প্ৰভা ঠাকুৰ
প্ৰভা ঠাকুৰ (ইংৰাজী: Prabha Thakur; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কংগ্ৰেছী নেতা, হিন্দী কবি আৰু সমাজকৰ্মী। ২০০৪ চনৰপৰা ২০১৪ চনলৈকে ৰাজস্থানৰ পৰা একেৰাহে দুটা কাৰ্যকালৰ বাবে ৰাজ্যসভাৰ সাংসদ হোৱাৰ লগতে ১৯৯৮-৯৯ চনত আজমেৰৰপৰা নিৰ্বাচিত হৈ লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰিয়ংকা চতুৰ্বেদী
প্ৰিয়ংকা বিক্ৰম চতুৰ্বেদী (Priyanka Vickram Chaturvedi) (জন্ম ১৯ নৱেম্বৰ ১৯৭৯) মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য আৰু শিৱসেনাৰ (ইউ বি টি) উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু অন্যতম ৰাষ্ট্ৰীয় মুখপাত্ৰ আছিল।
-
প্ৰিয়া সৰোজ
প্ৰিয়া সৰোজ (Priya Saroj; জন্ম: ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ সমাজবাদী পাৰ্টিৰ এগৰাকী সদস্যা। ২০২৪ চনৰ লোকসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী কনিষ্ঠতম প্ৰাৰ্থী। তেওঁ তিনিবাৰৰ সাংসদ আৰু উত্তৰ প্ৰদেশৰ বৰ্তমানৰ বিধায়ক তুফানী সৰোজৰ কন্যা।
-
প্ৰেম সিং তামাং
প্ৰেম সিং তামাং (জন্ম ৫ ফেব্ৰুৱাৰী ১৯৬৮), পি.এছ.গোলে নামেৰে বেছি পৰিচিত। প্ৰেম সিং তামাং এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন শিক্ষক আৰু তেখেতে ২০১৯ চনৰ ২৭ মে’ৰপৰা চিকিমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰপৰা তেওঁ চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্থাপক আৰু নেতা হিচাপে আছিল।
-
বসন্তী হেমব্ৰাম
বসন্তী হেমব্ৰাম (ইংৰাজী: Basanti Hembram) বিজু জনতা দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনত তেওঁ ওড়িশাৰ কাৰাঞ্জিয়াৰ পৰা ৮৭৬৩ টা ভোটত জয়ী হৈ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।
-
বি এল সন্তোষ
বম্মাৰাবেট্টো লক্ষ্মীজনাৰ্দন সন্তোষ হৈছে কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৯ চনৰ ১৫ জুলাইৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ সাধাৰণ সম্পাদক(সংগঠন) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ ২০০৬–২০১৪ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্ণাটকৰ ৰাজ্যিক সাধাৰণ সম্পাদক(সংগঠন) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,।
-
বিজয়লক্ষ্মী সাধো
ড° বিজয়লক্ষ্মী সাধো ( Dr Vijaylaxmi Sadho; জন্ম: ১৩ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ৰাজনীতিবিদ আৰু মধ্যপ্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। মধ্যপ্ৰদেশ বিধান সভাত সাধোৱে মহেশ্বৰ বিধানসভাক প্ৰতিনিধিত্ব কৰে।
-
বিমলাক্কা
অৰুণোদয় বিমলা (Arunodaya Vimala; জন্ম: ১৯৬৪)-ৰ জনপ্ৰিয় নাম হৈছে 'বিমলাক্কা' (Vimalakka। তেখেত তেলুগু ভাষাৰ এগৰাকী বেলাদ গায়িকা আৰু সক্ৰিয় সমাজকৰ্মী। তেখেতৰ গোটটোক 'অৰুণদয়া সংস্কৃতিকা সমখ্যা' (ACF) বুলি কোৱা হয়। তেলঙ্গানা ৰাজ্য গঠন কৰাৰ সময়ত তেখেতে যুটীয়া কাৰ্যবাহী সমিতি এখনৰ নেতৃত্ব দিছিল।
-
বেগম আকবৰ জেহান আবদুল্লা
বেগম আকবৰ জেহান আব্দুল্লা (১৯১৬ – ১১ জুলাই ২০০০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ শ্বেখ আব্দুল্লাৰ পত্নী আছিল। আকবৰ জেহান আছিল মাইকেল হেনৰী নেডৌ ওৰফে হেৰীৰ ঘৰত জন্মগ্ৰহণ কৰা এজন ক্ৰ'ৱেচিয়ান কাশ্মীৰী; হেৰী শ্ৰীনগৰৰ নেডাউছ হোটেলকে ধৰি ভাৰতীয় হোটেল শৃংখলৰ ইউৰোপীয় মালিক আৰু তেওঁৰ কাশ্মীৰী পত্নী…
-
বেবী ৰাণী মৌৰ্য
বেবী ৰাণী মৌৰ্য (: Baby Rani Maurya; জন্ম: ১৫ আগষ্ট ১৯৫৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, বৰ্তমান ২০২২ চনৰ মাৰ্চ মাহৰপৰা উত্তৰ প্ৰদেশ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ভজন লাল শৰ্মা
ভজন লাল শৰ্মা (Bhajan Lal Sharma; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৭) হৈছে ৰাজস্থানৰ এগৰাকী ৰাজনীতিবিদ তথা ৰাজস্থানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ ৰাজস্থান বিধানসভাৰ সদস্য হিচাপে সাংগানেৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও চাৰিবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছে।
-
মধু কিন্নৰ
মধু বাই কিন্নৰ ভাৰতৰ ছত্তীশগড় ৰাজ্যৰ ৰায়গড় পৌৰ নিগমৰ মেয়ৰ। তেওঁ স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে ৰায়গড় পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৩৩,১৬৮টা ভোট লাভ কৰে আৰু শাসক দল বিজেপিৰ প্ৰাৰ্থী মহাবীৰ গুৰুজীক ৪,৫৩৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
-
মৈথিলী ঠাকুৰ
মৈথিলী ঠাকুৰ (Maithili Thakur; জন্ম:-২৫ জুলাই ২০০০) ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোকসংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত নেপথ্য কণ্ঠশিল্পী আৰু এগৰাকী ভাৰতীয় ৰাজনীতিক।তেওঁ হিন্দী, মৈথিলী, ভোজপুৰী, আৱাধি, মগাহী আৰু অন্যান্য ভাৰতীয় ভাষাৰ মৌলিক গীত, কাভাৰ আৰু পৰম্পৰাগত লোকসংগীত গায়।
-
মৌচম নূৰ
মৌচম বেনজিৰ নূৰ ( Mausam Noor ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে পশ্চিম বংগৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আৰু পশ্চিম বংগ মহিলা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে মালদা জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী আৰু মালদহ উত্তৰ লোকসভা সমষ্টিৰ সাংসদ আছিল।
-
যশৱন্ত সিং
যশৱন্ত সিং (; ৩ জানুৱাৰী ১৯৩৮ – ২৭ ছেপ্টেম্বৰ ২০২০) আছিল ভাৰতীয় সেনাৰ এজন বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়লৈকে কাৰ্যনিৰ্বাহ কৰা সাংসদসকলৰ ভিতৰত এজন আছিল।