পদ্মজা নাইডু (Padmaja Naidu, ১৯০০ - ২ মে' ১৯৭৫) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ পশ্চিমবংগৰ পঞ্চম ৰাজ্যপাল আছিল। তেওঁ পশ্চিম বংগৰ প্ৰথম মহিলা ৰাজ্যপাল আৰু ভাৰতৰ ৰাজ্যসমূহৰ দ্বিতীয় গৰাকী মহিলা ৰাজ্যপাল। তেওঁৰ মাতৃ সৰোজিনী নাইডু উত্তৰ প্ৰদেশ তথা ভাৰতৰ ৰাজ্যসমূহৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিল। ১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।১
প্ৰাৰম্ভিক জীৱন
১৯০০ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত হাইদৰাবাদত পদ্মজা নাইডুৰ জন্ম হৈছিল। তেওঁৰ মাতৃ বিখ্যাত কবি আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামী সৰোজিনী নাইডু আৰু দেউতাক মুথয়ালা গোভিন্দ্ৰাজুলু এগৰাকী চিকিৎসক আছিল।২ বঙালী সম্প্ৰদায়ৰ সৰোজিনীৰ ১৫ বছৰ বয়সতে দক্ষিণ ভাৰতৰ ড॰ গোবিন্দৰাজুলু নাইডু নামৰ এজন তেলেগু চিকিৎসকৰ সৈতে প্ৰেম হয়। কিন্তু তেওঁ ব্ৰাহ্মণ নাছিল। সেই সময়ত জাতিভেদ প্ৰথা প্ৰবল আছিল যদিও পিতৃৰ পূৰ্ণ সমৰ্থনত এইগৰাকী অব্ৰাহ্মণ লোকৰ সৈতে ১৯ বছৰ বয়সত সৰোজনী নাইডুৰ বিয়া হয়। তেওঁলোকৰ হ’ল জয়সূৰ্য, পদ্মজা, ৰণধীৰ, নীলৱাৰ আৰু লীলামণি।৩
ৰাজনৈতিক জীৱন
২১ বছৰ বয়সত তেওঁ নিজাম শাসিত ৰাজকীয় ৰাজ্য হায়দৰাবাদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহ-প্ৰতিষ্ঠাপক আছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ভাৰতীয় সংসদলৈ নিৰ্বাচিত হয়। ১৯৫৬ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক পশ্চিমবংগৰ ৰাজ্যপাল নিযুক্ত কৰে।৪ তেওঁ ৰেড ক্ৰছৰ সৈতেও জড়িত আছিল আৰু ১৯৭১ চনৰ পৰা ১৯৭২ লৈ ভাৰতীয় ৰেড ক্ৰছৰ অধ্যক্ষ আছিল।৫
ব্যক্তিগত জীৱন
পদ্মজা ৰুটি পেটিটৰ ঘনিষ্ঠ বন্ধু আছিল যিয়ে পিছত পাকিস্তানৰ প্ৰতিষ্ঠাতা মহম্মদ আলী জিন্নাহক বিয়া কৰিছিল।৬ জৱাহৰলাল নেহৰু আৰু তেওঁৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতকে ধৰি নেহৰু পৰিয়ালৰ সৈতে পদ্মজা নাইডুৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।৭ পৰৱৰ্তী সময়ত বিজয়লক্ষ্মী পণ্ডিতে ইন্দিৰা গান্ধীৰ বন্ধু আৰু জীৱনীকাৰ পুপুল জয়কাৰক কৈছিল যে পদ্মজা নাইডু আৰু নেহৰু বহু বছৰ ধৰি একেলগে বাস কৰিছিল। নেহৰুৱে পদ্মজাক বিয়া কৰা নাছিল কাৰণ তেওঁ তেওঁৰ ছোৱালী ইন্দিৰাক আঘাত কৰিব নিবিচাৰিছিল।৮৯অৱশ্যে নেহৰুৱে এদিন তেওঁক প্ৰস্তাৱ আগবঢ়াব বুলি আশা কৰি পদ্মজাই কেতিয়াও বিয়া কৰা নাছিল।১০৬ অৱসৰ লোৱাৰ পিছত পদ্মজায়ে তিন মূৰ্তি ভৱনত যি এসময়ত প্ৰধানমন্ত্ৰী নেহৰুৰ চৰকাৰী বাসগৃহ আৰু পিছত তেওঁৰ স্মৃতিৰ বাবে উৎসৰ্গিত এখন সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা হৈছিল মৃত্যুলৈকে বাস কৰিছিল।৩
১৯৭৫ চনৰ ২ মে' তাৰিখে পদ্মজা নাইডুৰ মৃত্যু হয়।
বঁটা আৰু সন্মান
১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে। পশ্চিমবংগৰ দাৰ্জিলিং অৱস্থিত পদ্মজা নাইডু হিমালয়ান জু'লজিকেল পাৰ্ক তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ (2007-05-30). Padma Awards Directory (1954-2007). Ministry of Home Affairs
- ↑ Biography
- ↑ Makarand R. Paranjape. (3 September 2012). Making India: Colonialism, National Culture, and the Afterlife of Indian English Authority. Springer Science & Business Media. পৃ. 164–167. ISBN 978-94-007-4661-9
- ↑ (1975). Padmaja Naidu Dies at 75; ExWest Bengal Governor. New York Times
- ↑ Gandhi, Sonia. (2004). Two Alone, Two Together. পৃ. 18. ISBN 0-14-303245-3
- ↑ Nisid Hajari. (2015). Midnight's Furies: The Deadly Legacy of India's Partition. Houghton Mifflin Harcourt. পৃ. 32–34. ISBN 978-0-547-66921-2
- ↑ Chandralekha Mehta. (25 August 2008). Freedom's Child: Growing Up During Satyagraha. Penguin Books Limited. ISBN 978-81-8475-966-2
- ↑ Jayakar, Pupul. (1995). Indira Gandhi, a biography. Penguin. পৃ. 90–92. ISBN 978-0140114621
- ↑ Bose, Mihir. (2004). Raj, secrets, revolution: a life of Subhas Chandra Bose. Grice Chapman. পৃ. 137, 160. ISBN 9780954572648
- ↑ Alex Von Tunzelmann. (7 August 2007). Indian Summer: The Secret History of the End of an Empire. Henry Holt and Company. পৃ. 95, 109, 308. ISBN 978-0-8050-8073-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মজা নাইডু” প্ৰবন্ধৰ সংশোধন ৩৯১৯৮৫ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।