মিনীমাতা (Minimata; ১৯১৩-১৯৭২) আছিল সৎনামী সমাজৰ গুৰুমাতা।
জন্ম
সৎনামী সমাজৰ গুৰুমাতাৰ পদ অলংকৃত কৰা মিনীমাতাৰ জন্ম ১৩ মাৰ্চ ১৯১৩ চনত দৌল উৎসৱৰ দিনা অসম ৰাজ্যৰ নগাঁও১ জিলাৰ কলিয়াবৰ মহকুমা মহকুমাৰ অন্তৰ্গত দলগাঁও (বামুণভেটি) গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম বুধাৰীদাস আৰু মাতৃৰ নাম দেৱমতী বাই আছিল। মিনীমাতাৰ পূৰ্বপুৰুষ ছত্তীসগঢ় ৰাজ্যৰ বাসিন্দা আছিল। ১৮৫৩, ১৮৫৬, ১৮৬৬ আৰু ১৮৬৭ চনত ছত্তীসগঢ়ত অকাল-দুৰ্ভিক্ষই দেখা দিছিল। ফলস্বৰূপে মিনীমাতাৰ ককা আধাৰী সৎনামী আৰু আইতাক বুধিয়াৰীনে তিনিগৰাকী কন্যা সন্তান সহ বাগানৰ ঠিকাদাৰ এজনৰ তলত কৰ্মসূত্ৰে অসমলৈ আহে। কিছুদিন পাছত মিনীমাতাৰ মাতৃ দেৱমতী বাই বিবাহ পাশত আবদ্ধ হয় আৰু তিনিগৰাকী সন্তানৰ জন্ম দিয়ে। কিন্তু তিনিওগৰাকী সন্তান পাৰিবাৰিক কন্দলৰ বলি হৈ মৃত্যুক সাৱটিব লগা হোৱাত দেৱমতী বাই দুখত ভাগি পৰে। পুনৰ চতুৰ্থবাৰ গৰ্ভৱতী হোৱাত তেওঁ পাৰিবাৰিক অশান্তিৰ ফলত চিকনী বাগানৰ পৰা পোনে পোনে কলিয়াবৰ মহকুমাৰ মধ্যস্থল দলগাঁও (বামুণভেটি) গাঁৱলৈ আহি সম্বন্ধীয় মাহীয়েকৰ ঘৰত আশ্ৰয় লয় আৰু তাতেই মিনীমাতাৰ জন্ম হয়।২
বাল্যকাল আৰু শিক্ষা
মিনীমাতাৰ বাল্যকালৰ নাম মিনাক্ষী আছিল।৩ সকলোৱে তেওঁক মৰমত 'মিনী' বুলি মাতিছিল। ১৯২০ চনত যমুনামুখ প্ৰাইমেৰী স্কুলত মিনাক্ষীৰ নামভৰ্তি কৰা হয়। প্ৰাথমিক শিক্ষা শেষ কৰি নগাঁও বালিকা বিদ্যালয়ৰ পৰা নৱম শ্ৰেণীলৈকে তেওঁ শিক্ষা গ্ৰহণ কৰিলে। অসমীয়া, হিন্দী আৰু ছত্তীশগঢ়ী ভাষা তেওঁ সলসলীয়াকৈ ক'ব পাৰিছিল।
বিবাহ আৰু কৰ্মজীৱন
স্কুলত পঢ়ি থকা সময়ছোৱাতে মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন হৈছিল আৰু এই আন্দোলনে অসমতো তীব্ৰ ৰূপ ধাৰণ কৰিছিল। অসহযোগ আন্দোলনত মিনাক্ষীয়েও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু বিদেশী বস্তু বৰ্জন কৰিছিল। ১৯৩০ চনত সৎনাম ধৰ্ম ৰ জগত গুৰু অগৰমন দাস চাহাবে অসমৰ সৎনামী সকলৰ পৰিস্থিতিৰ বিষয়ে বুজ ল'বলৈ ছত্তীসগঢ় ৰ পৰা অসমলৈ আহিছিল।২ গুৰুৱে অসমত মিনীমাতা আৰু মাকৰ দুখ-দুৰ্গতিৰ বিষয়ে গম পাই তেওঁলোকক ছত্তীসগঢ়লৈ লৈ যায়। পিছত গুৰু অগমদাস চাহাবৰ লগত মিনাক্ষীৰ বিবাহ হয়৩ আৰু সেইদিনাৰ পৰাই গুৰুমাতাৰ পদত অধিষ্ঠিত হৈ মিনাক্ষী মিনীমাতা নামেৰে জনাজাত হয়। স্বামী অগমদাসৰ মৃত্যুৰ পাছত মিনীমাতা লোকসভাৰ সাংসদ নিৰ্বাচিত হয়। তেওঁ একেৰাহে ১৯৫২ চনৰ পৰা ১৯৭২ চনলৈকে লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। মিনীমাতা ছত্তীসগঢ়ৰ প্ৰথম মহিলা সাংসদ আছিল।১ তেওঁ দৰিদ্ৰ, অসহায় আৰু অনাথসকলৰ কাৰণে চিন্তা-চৰ্চা কৰিছিল। সত্য, অহিংসা, পৰোপকাৰ আৰু ৰাষ্ট্ৰীয় একতা তেওঁৰ জীৱনৰ মূল উদ্দেশ্য আছিল। ১৯৫৬ চনত তেওঁ সদনত মিনীমাতা অস্পৃশ্যতা নিবাৰণ আইন প্ৰণয়ন কৰালে।১ সমাজৰ হিতৰ কাৰণে অখিল ভাৰতীয় সৎনামী মহা সমিতি গঠণ কৰিলে। অনাথ শিশুসকলৰ ব্যৱস্থা, শিক্ষা, নাৰী শিক্ষা, বাল্য বিবাহ বন্ধ, যৌতুক প্ৰথা বন্ধ আদি ব্যৱস্থা কৰিলে।৩১ ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল'ৰাৰ বয়স ২১ বছৰত বিয়া কৰোৱাৰ ব্যৱস্থা কৰিলে, যিটো যৌতুক প্ৰথা অধিনিয়ম ১৯৬১ চনৰ প্ৰস্তাৱ ১৯৮৭ চনত গ্ৰহণ কৰা হয়। সৎনামী সমাজক শিক্ষিত কৰিবৰ কাৰণে ৰায়পুৰ আৰু বিলাসপুৰত সৎনামী আশ্ৰম স্থাপন, ছতীশগঢ় মজদুৰ সংঘ আদি স্থাপন কৰিলে। তেওঁ ভাৰতীয় ৰেলৱে বোৰ্ডৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল।
মৃত্যু
১৯৭২ চনৰ ১১ আগষ্ট তাৰিখে অৰ্দ্ধৰাত্ৰি নতুন দিল্লীৰ পালম বিমান বন্দৰৰ পৰা ৩ কিলোমিটাৰ নিলগত এক বিমান দুৰ্ঘটনাত মিনীমাতাৰ মৃত্যু হয়।১
তেখেতৰ জন্ম দিনটো সমগ্ৰ ভাৰতত থকা সৎনামী লোকসকলে মিনীমাতা জয়ন্তী হিচাপে পালন কৰে আৰু মৃত্যু দিনটোক মিনীমাতা স্মৃতি দিৱস হিচাপে পালন কৰে।
স্মৃতিচিহ্ন
- চৰকাৰী মিনীমাতা কন্যা মহাবিদ্যালয়, ক'ৰবা, ছত্তীশগঢ়
- মিনীমাতা বাংগো বান্ধ, (হসদেৱ নদীৰ ওপৰত) ছত্তীশগঢ়
- ছত্তীশগঢ় বিধানসভা ভৱনৰ নাম - মিনীমাতা
- মিনীমাতা সন্মান (মহিলা উত্থানৰ ক্ষেত্ৰত উৎকৃষ্ট যোগদানৰ কাৰণে ছত্তীশগঢ় চৰকাৰে ২০০১ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে)
- মিনীমাতা স্মৃতি বাতানুকুলিত ভৱন, নিউ ৰাজেন্দ্ৰ নগৰ, ছত্তীশগঢ়
- মিনীমাতা চৰকাৰী কন্যা পলিটেকনিক, ৰাজনন্দগাওঁ, ছত্তীশগঢ়
- মিনীমাতা বাছ ষ্টেণ্ড, ৰায়পুৰ, ছত্তীশগঢ়
- জয় সৎনাম পুথিভঁৰাল ও মিনীমাতা স্মৃতি ভৱন, দলগাওঁ (বামুণভেটি), কলিয়াবৰ, অসম
- মিনীমাতা স্মৃতি ভৱন, চিকনী, কলিয়াবৰ, অসম (নিৰ্মীয়মান)
সহায়ক গ্ৰন্থপুঞ্জী
- मिनीमाता की जीवन चरित और कीर्ति [লেখক:শ্ৰীদাদুৰাম সৎনামী]২০১৭
তথ্যসূত্ৰ
- ↑ (11 August 2019). Minimata first woman MP of Chhattisgarh. patrika news
- ↑ দাদুৰাম সৎনামী. (২০১৭). मिनीमाता की जीवन चरित और कीर्ति. লেখক. পৃ. ১-১৬
- ↑ (19 March 2019). 2019 Lok sabha Election. live hindustan news
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনীমাতা” প্ৰবন্ধৰ সংশোধন ৪২৮৫৩৯ (১১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।