বিজয়াশান্তি ( Vijayashanti; জন্ম: ২৪ জুন ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ। চল্লিছ বছৰীয়া চলচ্চিত্ৰ জীৱনত হিন্দী ভাষা, কন্নড় ভাষা আৰু মালয়ালম ভাষাৰ উপৰিও প্ৰধানকৈ তেলুগু ভাষা, তামিল ভাষা ভাষাৰ চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত ১৮৭খন ছবিত অভিনয় কৰিছে। কৰ্তব্যম (১৯৯০) ছবিখনত এগৰাকী ‘চুপাৰ কপ’ৰ আক্ৰমণাত্মকতা আৰু নাৰীত্ব দুয়োটা ৰূপৰ ভাৰসাম্য বজাই ৰাখি কৰা সংযত অভিনয়ৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়।১ প্ৰতিঘটনা (১৯৮৫) ছবিৰ অভিনয়ৰ বাবে বিজয়াশান্তিয়ে প্ৰথম ৰাজ্যিক নন্দী বঁটা আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰে। অভিনয় জীৱনত তেওঁ অসংখ্য বঁটা-বাহন বুটলিছে, যাৰ ভিতৰত আছে, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে চাৰিটা অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক নন্দী বঁটা, সাতটা ফিল্মফেয়াৰ বঁটা দক্ষিণ এটা ফিল্মফেয়াৰ আজীৱন সন্মননা বঁটা (২০০৩) আৰু তামিলনাডু চৰকাৰে প্ৰদান কৰা কলাইমামনি বঁটা।
‘লেডী ছুপাৰষ্টাৰ’, ‘লেডী অমিতাভ’, ২ ৩ আৰু ‘দ্য একচন কুইন অৱ ইণ্ডিয়ান চিনেমা’ আদি অভিধাৰে খ্যাত বিজয়াশান্তিয়ে নেতি ভাৰতম (১৯৮৩),অগ্নি পৰ্বতম (১৯৮৪),চেলেঞ্জ (১৯৮৪),প্ৰতিঘটনা (১৯৮৫), ৰেপতি পৌৰুলু (১৯৮৬), পাচিৱাদী প্ৰণাম (১৯৮৭), মুবভা গোপালুডু (১৯৮৭), ইয়ামুদিকি মগুডু (১৯৮৮), আঠাকু যমুদু আম্মায়িকি মগুডু (১৯৮৯ ), জানকী ৰামুডু (১৯৮৮), মুদ্দুলা মাৱায়্যা (১৯৮৯), কোণ্ডবীতি ডংগা (১৯৯০), ইন্দ্ৰুদু চন্দ্ৰুডু (১৯৮৯), লৰী ড্ৰাইভাৰ (১৯৯০), শত্ৰুভু (১৯৯০), গেং লিডাৰ (১৯৯১), মান্নান (১৯৯২), ৰাউদী ইন্সপেক্টৰ (১৯৯২), মণ্ডি মোগুডু পেংকি পেলাম (১৯৯২), চিনাৰায়ুডু (১৯৯৩), পুলিচ লকআপ (১৯৯৩) আদি সফল ছবিত অভিনয় কৰি তেলেগু চিনেমাৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।১৯৮০ৰ দশকৰ শেষৰ ফালে আৰু ৯০ৰ দশকত সংবাদ মাধ্যমত তেওঁক দেশৰ অন্যতম জনপ্ৰিয় আৰু আকৰ্ষণীয় ব্যক্তিত্ব হিচাপে উল্লেখ কৰা হয়।৪৫ ১৯৮৭ চনত মস্কো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত স্বয়মক্ৰুছীত চিৰঞ্জীৱীৰ সৈতে আৰু লুইছভিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত পদমতী সন্ধ্যা ৰাগমত হলিউডৰ অভিনেতা থমাছ জেনৰ সৈতে অভিনয় কৰে।৬
১৯৯৮ চনত তেওঁ ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰে।৭ ৮ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ প্ৰাৰ্থিত্বত মেদক সমষ্টিৰ পৰা পঞ্চদশ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়। ২০২০ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।
প্ৰাৰম্ভিক জীৱন
১৯৬৬ চনৰ ২৪ জুনত তামিলনাডুৰ মাদ্ৰাছত সত্তী শ্ৰীনিবাস প্ৰসাদ আৰু ভাৰলক্ষ্মীৰ ঘৰত বিজয়াশান্তিৰ জন্ম হয়।৯ তেওঁ বিখ্যাত তেলুগু অভিনেত্ৰী আৰু প্ৰযোজক বিজয়াললিতাৰ ভতিজী।১০ বিজয়াশান্তিয়ে কয় যে তেওঁ নিজকে মাদ্ৰাছৰ পৰিৱৰ্তে তেলেংগানাৰ বুলি ভাবিবলৈ পছন্দ কৰে যদিও ২০০৪ চনলৈকে তেওঁ কেতিয়াও নিজৰ পূৰ্বপুৰুষৰ গাঁও ৰামান্নাগুডেমলৈ যোৱা নাছিল।১১ চেন্নাইৰ হলি এঞ্জেলছ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুলত দশম শ্ৰেণী সম্পূৰ্ণ কৰিছিল।১২
বঁটাবাহন
১৯৯০: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (কৰ্তব্যম)
১৯৮৫: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (তেলেগু ছবি প্ৰতিঘটনা)
১৯৮৭: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (তেলেগু ছবি স্বয়মক্ৰুছী)
১৯৮৯: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (তেলেগু ছবি ভাৰতনাৰী)
১৯৯০: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (তেলেগু ছবি কৰ্তব্যম)
১৯৯৩: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (তেলেগু ছবি পুলিচ লকআপ)
১৯৯৭: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (তেলেগু ছবি অ’ছে ৰামুলাম্মা)
২০০৩: আজীৱন সন্মননা ফিল্মফেয়াৰ বঁটা দক্ষিণ
তথ্যসূত্ৰ
- ↑ 38th National Film Festival - 1991. Directorate of Film Festivals. পৃ. 28
- ↑ Throwback pic: Teenage Mahesh Babu with Lady Superstar Vijayashanti in 1989 - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (21 October 2019). Beyond Bollywood: The biggest icons of the south film industry
- ↑ Metro Plus Visakhapatnam / Personality: Glam girl to Nayudamma. দ্য হিন্দু
- ↑ Hail rainmakers!. দ্য হিন্দু
- ↑ US edition: Inscrutable Americans - soon at a theatre near you. Rediff.com
- ↑ Andhra Pradesh: Post-NTR, host of film artistes join politics. India Today
- ↑ (13 January 2007). Vijayashanthi meets fluorosis victims. দ্য হিন্দু
- ↑ Rediff On The NeT: Telugu superstar Vijayashanti eyes politics. Rediff.com
- ↑ മധുവിന്റെ പ്രമുഖ നായികമാര്. Mathrubhumi
- ↑ Rao, Ch Sushil. (20 March 2004). I was not born in Telangana. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়াশান্তি” প্ৰবন্ধৰ সংশোধন ৬৪০০৭০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।