বৈজায়ান্ত্ "জয়" পাণ্ডা (Baijayant "Jay" Panda) এজন ভাৰতীয় ৰাজনীতিক। বৰ্তমান ভাৰতৰ নিম্ন সদন লোকসভাৰ সদস্য। তেওঁ বিজু জনতা দলৰ সদস্য ৰূপে কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈছে। তেওঁ ২০০০ৰ পৰা ২০০৯ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল।
প্ৰাৰম্ভিক জীৱন
১৯৬৪ চনৰ ১২ জানুৱাৰীৰ দিনা কটকত জয় পাণ্ডাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বংশীধৰ পাণ্ডা আৰু মাতৃ ইলা পাণ্ডা। তেওঁ মিচিগান টেকনোল'জিকেল বিশ্ববিদ্যালয়ত (Michigan Technological University) অধ্যয়ন কৰিছিল। অভিযান্ত্ৰিক আৰু মেনেজমেণ্টৰ জ্ঞানেৰে পুষ্ট পাণ্ডাই ৰাজনীতিত পদাৰ্পন কৰাৰ আগতে কৰ্প'ৰেট খণ্ডত কাম কৰিছিল। তেওঁ বিজু জনতা দল গঠনকৰোঁতা বিজু পাটনায়কক আৰু পিছলৈ নবীন পাটনায়কক সহযোগিতা আগবঢ়াইছিল।১
পাণ্ডাই ১৯৯৪ চনত জাগী মঙ্গত পাণ্ডাক বিয়া কৰায়।২ তেওঁৰ পত্নী জাগী মঙ্গত পাণ্ডা এগৰাকী উদ্যোগপতি আৰু বৰ্তমান অৰটেল কমুনিকেচন লিমিটেডৰ পৰিচালন সঞ্চালক।৩৪
তথ্যসূত্ৰ
- ↑ www.jaypanda.in/?page_id=228{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ 164.100.47.5/newmembers/Website/Main.aspx
- ↑ investing.businessweek.com/research/stocks/priva
- ↑ Jay & Jagi Panda. Atelier
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় পাণ্ডা” প্ৰবন্ধৰ সংশোধন ৩৮০৯৭৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।