ভাৰতীয় ৰাজনীতিবিদ
২০১ প্ৰবন্ধ
-
শঙ্কৰ দয়াল শৰ্মা
শঙ্কৰ দয়াল শৰ্মা (Shankar Dayal Sharma;; ১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল।
-
সুষমা স্বৰাজ
সুষমা স্বৰাজ (১৪ ফেব্ৰুৱাৰী, ১৯৫২ – ৬ আগষ্ট, ২০১৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী স্বৰাজে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ২০১৮ চনৰ ২৬ মে'ৰ পৰা ২০১৯ চনৰ ৩০ মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দীনদয়াল উপাধ্যায়
পণ্ডিত দীনদয়াল উপাধ্যায় (২৫ চেপ্তেম্বৰ ১৯১৬- ১১ ফ্ৰেব্ৰুৱাৰী ১৯৬৮) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল।
-
বিধান চন্দ্ৰ ৰয়
বিধান চন্দ্ৰ ৰয় (Bidhan Chandra Roy; ১৮৮২ – ১৯৬২) পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। এই পদত তেখেত ১৯৪৮ চনৰ পৰা ১৯৬২ চনত মৃত্যু পৰ্যন্ত আছিল। এই সময়ছোৱাত নৱগঠিত পশ্চিমবংগ ৰাজ্যৰ প্ৰভুত উন্নতি হোৱা বাবে তেখেতক পশ্চিমবংগৰ ৰূপকাৰ বুলি অভিহিত কৰা হয়।
-
কুমাৰ স্বামী কামৰাজ নাদাৰ
কুমাৰা স্বামী কামৰাজ নাদাৰ (Kumara Swami Kamraj Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ বিশিষ্ট বৰঙণিৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল।
-
ভেংকাইয়া নাইডু
মুপ্পাভাৰাপু ভেংকাইয়া নাইডু (Muppavarapu Venkaiah Naidu; জন্ম: ১ জুলাই ১৯৪৯) ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি। তেওঁ মোদী কেবিনেটত আবাস আৰু চহৰীয়া দৰিদ্ৰতা উন্নয়ন মন্ত্ৰী, নগৰীয় উন্নয়ন মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।
-
শীলা দীক্ষিত
শীলা দীক্ষিত (৩১ মাৰ্চ ১৯৩৮ – ২০ জুলাই ২০১৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিবাহ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী। তেওঁ ১৯৯৮ৰ পৰা ২০১৩লৈ সেই পদত অধিষ্ঠিত আছিল। শীলা দীক্ষিতৰ নেতৃত্বত কংগ্ৰেছ দলে তিনিবাৰকৈ ধাৰাবাহিক বিজয় লাভ কৰিছিল।
-
কিৰণ বেদী
কিৰণ বেদী (Kiran Bedi, ਕਿਰਣ ਬੇਦੀ) ভাৰতবৰ্ষৰ এগৰাকী সমাজ সংস্কাৰক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। ১৯৭২ চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদী হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া।
-
জৰ্জ ফাৰ্নাণ্ডেজ
জৰ্জ মেথিউ ফাৰ্নাণ্ডেজ (George Mathew Fernandes) (৩ জুন ১৯৩০ – ২৯ জানুৱাৰী ২০১৯) এজন ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক, কৃষিবিদ, আৰু বিহাৰৰ পৰা ৰাজ্য সভাৰ সদস্য আছিল। তেখেত জনতা দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল আৰু সমতা দলৰ প্ৰতিষ্ঠাপক আছিল।
-
ফুলন দেৱী
ফুলন দেৱী (Phoolan Devi, फूलन देवी) প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত লোকসভাৰ এগৰাকী সাংসদ আছিল; যাৰ জনপ্ৰিয় নাম আছিল দস্যু ৰাণী ফুলন দেৱী। তেওঁ একাধিকবাৰ পুৰুষৰ নিষ্ঠুৰতাৰ বলি হৈছিল। আৰক্ষীৰ ওচৰলৈ গৈয়ো তেওঁ ন্যায় পোৱা নাছিল; যাৰ বাবে তেওঁ ডকাইতৰ জীৱন আঁকোৱালি লৈছিল।
-
স্মৃতি ইৰানী
স্মৃতি জুবিন ইৰানী (Smriti Zubin Irani; জন্মৰ নাম: স্মৃতি মলহোত্ৰা; জন্ম ২৩ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা পূৰ্বৰ মডেল, টেলিভিছন অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ গুজৰাট ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ। তেওঁৰ ভাৰত চৰকাৰৰ বৰ্তমান বস্ত্ৰমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।
-
কিৰেণ ৰিজিজু
কিৰেণ ৰিজিজু (Kiren Rijiju; জন্ম: ১৯ নৱেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু অধিবক্তা। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ লোকসভাত পশ্চিম অৰুণাচল লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ প্ৰথম মোদী কেবিনেটত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ দ্বিতীয় মোদী কেবিনেটতো স্থান লাভ কৰে।
-
চিদাম্বৰম সুব্ৰমনিয়াম
চিদাম্বৰম সুব্ৰমনিয়াম (Chidambaram Subramaniam; ৩০ জানুৱাৰী ১৯১০ – ৭ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল।
-
দুৰ্গাবাঈ দেশমুখ
দুৰ্গাবাঈ দেশমুখ বা লেডী দেশমুখ (Durgabai Deshmukh, ১৫ জুলাই ১৯০৯ – ৯ মে' ১৯৮১) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ সংবিধান সভা আৰু ভাৰতৰ পৰিকল্পনা আয়োগৰ সদস্য আছিল। মহিলা সৱলীকৰণৰ বাবে তেওঁ ১৯৩৭ চনত অন্ধ্ৰ মহিলা সভা প্ৰতিষ্ঠা কৰিছিল।
-
দেৱশ্ৰী ৰায়
দেৱশ্ৰী ৰায় (Debashree Roy; জন্ম: ৮ আগষ্ট, ১৯৬২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিকল্পক, ৰাজনীতিবিদ আৰু পশু-অধিকাৰ সংৰক্ষক। তেওঁ নটৰাজ দলৰ কৰ্ণধাৰ। তেওঁ ভাৰতীয় লোকনৃত্যক পাশ্চাত্য মঞ্চত উপস্থাপনা কৰে আৰু ধ্ৰুপদী আৰু লোকনৃত্যৰ সংমিশ্ৰণত এক অপূৰ্ব নৃত্যকৌশলী ৰচনা কৰে।
-
মীৰা কুমাৰ
মীৰা কুমাৰ (Meira Kumar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পাঁচবাৰৰ বাবে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য মীৰা কুমাৰ ২০১৭ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মিত্ৰগোটৰ মনোনীত প্ৰাৰ্থী আছিল।
-
যোগী আদিত্যনাথ
মহন্ত যোগী আদিত্যনাথ (ইংৰাজী: Yogi Adityanath; জন্ম অজয় সিং বিস্ত; ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাত যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ২০১৭ চনৰ ১৯ মাৰ্চত শপত গ্ৰহণ কৰে।
-
লালু প্ৰসাদ যাদৱ
লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav), এজন ভাৰতীয় ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ সভাপতি। তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (১৯৯০-১৯৯৭), ভাৰতৰ প্ৰাক্তন ৰেল মন্ত্ৰী (২০০৪-২০০৯), তাৰোপৰি লোকসভাৰ প্ৰাক্তন সংসদ সদস্য (এম পি)ও আছিল।
-
শিৱাজী গণেশন
ৱিল্লুপুৰম ছিন্নায়া মনৰায়ৰ গণেশমূৰ্তি (১ অক্টোবৰ ১৯২৮ – ২১ জুলাই ২০০১) এজন ভাৰতীয় অভিনেতা আৰু প্ৰযোজক, যি তেওঁৰ অভিনয় জগতৰ নাম শিৱাজী গণেশন বুলিহে অধিক পৰিচিত। কুৰি শতিকাৰ দ্বিতীয়াৰ্দ্ধত তেওঁ তামিল চলচ্চিত্ৰত সক্ৰিয় আছিল।
-
শ্যামা প্ৰসাদ মুখাৰ্জী
শ্যামা প্ৰসাদ মুখাৰ্জী (৬ জুলাই ১৯০১ – ২৩ জুন ১৯৫৩) এজন ভাৰতীয় বেৰিষ্টাৰ, শিক্ষাবিদ, ৰাজনীতিবিদ, হিন্দুত্ববাদী কৰ্মী, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল৷ কংগ্ৰেছৰ বিৰোধিতা কৰাৰ পাছতো নেহৰুৱে তেওঁক নিযুক্তি দিছিল।
-
ৰাজকুমাৰী অমৃত কৌৰ
ৰাজকুমাৰী বিবিজী অমৃত কৌৰ (২ ফেব্ৰুৱাৰী ১৮৮৯ – ৬ ফেব্ৰুৱাৰী ১৯৬৪) ভাৰতৰ প্ৰথম গৰাকী স্বাস্থ্যমন্ত্ৰী আছিল। ভাৰতৰ প্ৰথম কেবিনেটত স্থান লাভ কৰা ৰাজকুমাৰী অমৃত কৌৰ ১০ বছৰ কাল ভাৰতৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত গান্ধীবাদী, স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল।
-
এন. বিৰেন সিং
নংথমবাম বিৰেন সিং (ইংৰাজী: Nongthombam Biren Singh;জন্ম ১ জানুৱাৰী, ১৯৬১) হ'ল এজন ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সাংবাদিক। বিৰেন সিং বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী।
-
গোপালকৃষ্ণ গান্ধী
গোপালকৃষ্ণ দেৱদাস গান্ধী (Gopalkrishna Devdas Gandhi; জন্ম: ২২ এপ্ৰিল ১৯৪৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল আছিল। তেওঁ মহাত্মা গান্ধীৰ নাতি।
-
পি চিদাম্বৰম
পালানিয়াপ্পান চিদাম্বৰম বা চমুকৈ পি চিদাম্বৰম (জন্ম ১৬ ছেপ্টেম্বৰ ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন এটৰ্ণী যি বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ অলপতে গৃহ পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ (২০১৭-১৮) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মায়াৱতী
মায়াৱতী হ'ল ভাৰতৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও বহুজন সমাজ পাৰ্টি (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।
-
সুচেতা কৃপলানী
সুচেতা কৃপলানী (Sucheta Kripalani; জন্ম: সুচেতা মজুমদাৰ; ২৫ জুন ১৯০৮ – ১ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদবীত আৰোহণ কৰা প্ৰথম গৰাকী মহিলা।
-
ৰাজ্যৱৰ্ধন সিং ৰাথোড়
ৰাজ্যৱৰ্ধন সিং ৰাথোড় (Rajyavardhan Singh Rathore; জন্ম: ২৯ জানুৱাৰী ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান। তেওঁ জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ। তেওঁ ২০১৯ চনৰ মে মাহৰলৈকে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল।
-
ৰাম বিলাস পাছৱান
ৰাম বিলাস পাছৱান (Ram Vilas Paswan; ৫ জুলাই ১৯৪৬ – ৮ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ লোক জনশক্তি পাৰ্টিৰ অধ্যক্ষ আৰু বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল।
-
উমা ভাৰতী
উমা ভাৰতী (জন্ম ৩ মে ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু বৰ্তমান নৰেন্দ্ৰ মোদীৰ কেবিনেটত পেয়জল আৰু স্বচ্ছতা মন্ত্ৰী। তেওঁ কম বয়সৰ পৰায়ে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত। তেওঁ ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলে।
-
কপিলা বাৎসায়ন
কপিলা বাৎসায়ন জন্ম ১৯২৮ চনৰ ২৫ ডিচেম্বৰত। পিতাক ৰামলাল মালিক আৰু মাক সত্যৱতী মালিক। কলা সাহিত্যৰ সংগ্ৰামী সাধক কপিলা বাৎসায়ন একেৰাহে নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।