অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অম্বিকা সোনী

অম্বিকা সোনী (জন্ম ১৩ নৱেম্বৰ ১৯৪২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। মনমোহন সিঙৰ কেবিনেটত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আৰু পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী আছিল। বৰ্তমান তেওঁ পঞ্জাব ৰাজ্যৰ পৰা ৰাজ্যসভালৈ সাংসদ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অম্বিকা সোনী (জন্ম ১৩ নৱেম্বৰ ১৯৪২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। মনমোহন সিঙৰ কেবিনেটত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আৰু পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী আছিল। বৰ্তমান তেওঁ পঞ্জাব ৰাজ্যৰ পৰা ৰাজ্যসভালৈ সাংসদ।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪২ চনৰ ১৩ নৱেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ লাহোৰত অম্বিকা সোনীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া আৰু পিছলৈ গোৱাৰ উপ-ৰাজ্যপাল নকুল সেন ৱাধৱা আৰু মাতৃ ইন্দু।১ অম্বিকাই ডেহৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুলত শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ বেংককৰ এলাইয়েন্স ফ্ৰেঞ্চাইছৰ চুপেৰিয়ৰ এন লীগৰ ডিপ্লমা লাভ কৰে। তদুপৰি তেওঁ কিউবাৰ হাভানা বিশ্ববিদ্যালয়ৰ পৰা স্পেনিছ কলা আৰু সাহিত্যৰ ওপৰত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে। ১৯৬১ চনত তেওঁ ভাৰতীয় বিদেশ সেৱাৰ বিষয়া উদয় সোনীৰ লগত বিবাহপাশত আবদ্ধ হয়।

ৰাজনৈতিক জীৱন

১৯৬৯ চনত অম্বিকা সোনীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ভাৰতৰ বিভাজনৰ সময়ত অম্বিকাৰ দেউতাক অমৃতসৰৰ উপায়ুক্ত আছিল আৰু তেওঁ সেই সময়ত জৱাহৰলাল নেহৰুৰ লগত কাম কৰিবলৈ সুযোগ পাইছিল।২ ১৯৭৫ চনত তেওঁ ভাৰতীয় যুৱ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে আৰু সঞ্জয় গান্ধীৰ লগত কাম কৰে।৩ ১৯৭৬ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ১৯৯৯ চনৰ পৰা ২০০৬ চনলৈ তেওঁ সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল। ২০০০ চনৰ জানুৱাৰী মাহত তেওঁ পুনৰাই ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ২০০৪ চনৰ জুলাই মাহৰ তেওঁ এই পদত আকৌ নিৰ্বাচিত হয়। ২০০৬ চনৰ ২৯ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ২২ মে লৈকে তেওঁ ভাৰত চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী আছিল। আকৌ ২০০৯ চনৰ ২২ মে তাৰিখৰ পৰা ২০১২ চনৰ ২৭ অক্টোবৰ তাৰিখে তেওঁ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আছিল।৪ ২০১০ চনত তেওঁ আকৌ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

প্ৰেছ আৰু ইণ্টাৰনেট স্বাধীনতা

২০১১ চনৰ ২৮ এপ্ৰিল তাৰিখে অভিব্যক্তিৰ স্বাধীনতা আৰু মানৱ অধিকাৰৰ এক আন্তৰ্জাতিক অভিবৰ্তনত অম্বিকা সোনীয়ে ভাৰতৰ মিডিয়া পৃথিৱীৰ আটাইতকৈ স্বাধীন আৰু মুক্ত বুলি উল্লেখ কৰিছিল।৫ কিন্তু দুটা বিখ্যাত প্ৰেছ ৰেংকিং অনুষ্ঠানে তেওঁৰ ভাষ্যৰ ওলোটা তথ্য প্ৰকাশ কৰে। ৰিপৰ্টাৰ ৱিথআউট বৰ্ডাৰে প্ৰকাশ কৰা বিশ্ব প্ৰেছ স্বাধীনতা ইনডেস্কত ভাৰতে ১৭৯খন দেশৰ ভিতৰত ১৩১ স্থান লাভ কৰে।৬ লগতে ফ্ৰিদম হাউছে জাৰি কৰা গ্লোৱেল প্ৰেছ স্বাধীনতা ৰেংকিং ২০১২ৰ মতে ভাৰতৰ স্থান ১৯৭ খনৰ দেশৰ ভিতৰত ৮০ স্থান।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chadha, Kumkum. (11 December 2009). An affair to remember
  2. ↑ Vohra, Pankaj. (29 May 2009). By invitation only- Interview with Ambika Soni. Hindustan Times
  3. ↑ Chadha, Kumkum. (11 December 2009). An affair to remember. Hindustan Times
  4. ↑ www.dailypioneer.com/home/online-channel/top-sto
  5. ↑ India has world's 'freest' media: Soni, Hindustan Times – 28 April 2011
  6. ↑ Archived copy
  7. ↑ www.freedomhouse.org/sites/default/files/Global%

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰত চৰকাৰৰ মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্বিকা সোনী” প্ৰবন্ধৰ সংশোধন ৩৭৯৭২৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।