ভি. এছ. ৰমাদেৱী (ইংৰাজী: V. S. Ramadevi; ১৫ জানুৱাৰী ১৯৩৪ - ১৭ এপ্ৰিল) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ১৯৯০ চনৰ ২৬ নৱেম্বৰৰ পৰা ১৯৯০ চনৰ ১১ ডিচেম্বৰলৈকে কৰ্ণাটক ৰাজ্যৰ ত্ৰয়োদশ ৰাজ্যপাল আৰু ভাৰতৰ নৱম মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল৷ তেওঁ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা। তেওঁ ১৯৯৩ চনৰ ১ জুলাইৰ পৰা ১৯৯৭ চনৰ ২৫ ছেপ্টেম্বৰলৈ ৰাজসভাৰ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ এই পদত বহা তেওঁ প্ৰথমগৰাকী (আৰু এতিয়ালৈকে একমাত্ৰ) মহিলা। ১৯৯৯ চনৰ ২ ডিচেম্বৰৰ পৰা ২০০২ চনৰ ২০ আগষ্টলৈকে তেওঁ কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী আৰু এতিয়ালৈকে একমাত্ৰ মহিলা ৰাজ্যপাল আছিল।১
জন্ম
অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ চেব্ৰুলু চহৰত ১৯৩৪ চনৰ ১৫ জানুৱাৰীত ৰমাদেৱীৰ জন্ম হৈছিল। পিতৃ আছিল ভি ভি চুব্বাইয়া আৰু মাতৃ ভি ভেংকট ৰত্নমা৷ তেওঁ ইলুৰু আৰু হাইদৰাবাদত শিক্ষা গ্ৰহণ কৰিছিল।
কৰ্মজীৱন
এম.এ. আৰু এল.এল.এম. সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নিজৰ নাম পঞ্জীয়ন কৰে। পাছলৈ ভাৰতৰ কেন্দ্ৰীয় অসামৰিক সেৱাত যোগদান কৰে আৰু আইন বিভাগৰ বিভিন্ন পদত কাম কৰে৷ তেওঁ ১৯৯৭ চনৰ ২৬ জুলাইৰ পৰা ১৯৯৯ চনৰ ১ ডিচেম্বৰলৈকে হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল২ আৰু ১৯৯৯ চনৰ ২ ডিচেম্বৰৰ পৰা ২০০২ চনৰ ২০ আগষ্টলৈকে কৰ্ণাটক ৰাজ্যৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মহিলা ৰাষ্ট্ৰীয় আয়োগৰ উপদেষ্টা ৰূপেও তেওঁ কাম কৰিছিল৷
২০১৩ চনৰ ১৭ এপ্ৰিলত তেওঁ HSR লেআউট বেংগালুৰুত থকা নিজা বাসভৱনত মৃত্যুবৰণ কৰে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি. এছ. ৰমাদেৱী” প্ৰবন্ধৰ সংশোধন ৪৬৩৭৩৩ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।